Today’s horoscope: পহিলা ব’হাগৰ দিনটো কেনে যাব আপোনাৰ ? চাওক আজিৰ ৰাশিফল…
Today's horoscope: জ্য়োতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে কিছু প্ৰত্যাহ্বানমূলক হ'ব পাৰে।

আজি পহিলা ব’হাগ। ইংৰাজী বৰ্ষৰ ১৫ এপ্ৰিল। আজিৰ দিনটো কাৰ কেনেকৈ যাব? কাৰ ভাল কাৰ বেয়া, জ্যোতিষ শাস্ত্ৰই কি কয়? চাওক আজিৰ ৰাশিফল-
মেঘ ৰাশিঃ আজি আপুনি স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। প্ৰেমত সমস্যা আহিব পাৰে। আপোনাৰ কোনো অভ্যাসে সংগীক অশান্তি দিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। পৰিশ্ৰমৰ ফলত সফলতা লাভ কৰিব। পাৰিবাৰিক সংঘাতে দেখা দিব পাৰে। পৰিয়ালৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। চাকৰিয়াল আৰু ব্যৱসায়ীসকলে সাৱধানে চলিব।
বৃষ ৰাশিঃ আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে ভাল। কোনো নতুন প্ৰজেক্ট লাভ কৰিব পাৰে। লাভ হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল। কিন্তু কথা কওতে সাৱধান হ’ব। কিয়নো সতীৰ্থই কোনো কথাৰ পৰা বেয়া পাব পাৰে। পাৰিবাৰিক সংঘাতৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।
মিথুন ৰাশিঃ আজি আপুনি আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য বৰ্তাই ৰাখিব। হাতলৈ ধন আহিব কিন্তু খৰচ হোৱাৰো সম্ভাৱনা আছে। গতিকে সমস্যা আহিব পাৰে। শত্ৰুৰ পৰা সাৱধান হ’ব। কাৰোবাৰ লগত কাজিয়া লগাৰ সম্ভাৱনা। গতিকে সাৱধানে থাকিব। সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিব।
কৰ্কট ৰাশিঃ আজিৰ দিনটোত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব পাৰে। পৰিয়ালত কোনো সমস্যা আহিব পাৰে। চাকৰিৰ বাবে আপোনজন দূৰত যাব পাৰে। আনক কথা কোৱাৰ আগত চিন্তা কৰিব। সংগীৰ সৈতে ভাল। বৈবাহিক জীৱন ভাল হ’ব। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিব।
সিংহ ৰাশিঃ আজিৰ দিনটোত কিছু সমস্যা আহিব পাৰে। চাকৰিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। মন পছন্দৰ কাম নপোৱাৰ ফলত অশান্তি পাব পাৰে। সন্তানে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সম্পদ ক্ৰয়ৰ সম্ভাৱনা। বাহন চলাওতে সাৱধান হ’ব। প্ৰেম জীৱন ভালে চলিব। স্বাস্থ্যত গুৰুত্ব দিব।
কন্যা ৰাশিঃ আৰ্থিক সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হ’ব। কাৰোবাৰ পৰা যদি ধন ধাৰলৈ লৈছে তেন্তে সাৱধান হ’ব। পৰিয়ালক কোনো সমস্যা আহিব পাৰে। যাৰ বাবে আপোনাৰ চিন্তা বৃদ্ধি হ’ব। ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। সতীৰ্থৰ কোনো কথাই দুখী কৰিব পাৰে। স্বাস্থ্য ভাল।
তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। জীৱনলৈ সুখ আহিব।সন্তানৰ ফালৰ পৰাও সুখী হ’ব। ঘৰত কোনো ধৰ্মীয় কামৰ আয়োজন হ’ব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। হাতলৈ ধন আহিব। আয়ৰ নতুন পথ মুকলি হ’ব। ধনৰ লেনদেনত সাৱধান হ’ব।
বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আইনী সমস্যাৰ পৰা সকাহ পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। সংগীৰ সৈতে মিলি কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।ঘৰলৈ আলহী আহিব পাৰে। যিসকলে বিবাহৰ চিন্তা কৰি আছে, কোনো ভাল খবৰ পাব পাৰে। স্বাস্থ্য ভালে যাব।
ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যস্ততা বৃদ্ধিৰ সম্ভাৱনা আছে। আপোনাৰ পৰামৰ্শ আনে প্ৰশংসা কৰিব। চাকৰি আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। বুদ্ধি আৰু বিবেকৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণ কৰিব। কোনো কাম হাতত লোৱাৰ আগত চিন্তা কৰিব। গতিকে লোকচান হ’ব পাৰে।
মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। কোনো কামকলৈ চিন্তিত হ’ব পাৰে। পিতৃ-মাতৃয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। বিপৰীত পৰিস্থিতিত ধৈৰ্য ধৰি ৰাখিব। বাহন চলাওতে সাৱধান হ’ব। ধন অত্যাধিক খৰচ হ’ব পাৰে। আপোনজনক মনত কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
কুম্ভ ৰাশিঃ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ’ব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যা আহিব পাৰে। আনৰ সমস্যাৰ পৰা আঁতৰি থাকিব। মনৰ কোনো আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ ফালৰ পৰা সুখী হ’ব। শিক্ষাৰ্থীসকলে পঢ়াত গুৰুত্ব দিব। স্বাস্থ্যত গুৰুত্ব দিব। দিনটো সাৱধানে চলিব।
মীন ৰাশিঃ আজি আপোনাৰ দিনটো ভালে যাব। চাকৰিয়ালসকলক জ্যেষ্ঠজনে প্ৰশংসা কৰিব। বঁটা লাভ কৰাৰ সম্ভাৱনা আছে। সন্তানৰ বিষয়ত গুৰুত্ব দিব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো কথাক লৈ চিন্তিত হ’ব পাৰে। বৈবাহিক জীৱন সুখকৰ হ’ব। স্বাস্থ্য ভালে যাব।