দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ মহত্ব অধিক। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।জ্যোতিষ শাস্ত্ৰই ৰাশিফল আগবঢ়াইছে আজিৰ দিনটো কাৰ কেনে যাব পাৰে।

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

আজিৰ দিনটোৰ ৰাশিফল

Published: 

15 Dec 2024 06:00 AM

আজি ১৫ ডিচেম্বৰ, দেওবাৰ। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে কিছু কঠিন হ’ব পাৰে। ৰাশি ১২ টা আৰু জ্যোতিষ শাস্ত্ৰই প্ৰতিটো ৰাশিৰ আহিবলগীয়া সময় সম্পৰ্কে ধাৰণা কৰে। আজি আপোনাৰ দিনটো কেনে যাব। তলত আগবঢ়োৱা হ’ল আজিৰ ৰাশিফল-

মেঘ ৰাশিঃ আজি মনৰ কামনা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মস্থলত কথা কোৱাৰ আগতে ভাবিব। ভালদৰে কামত মনোনিবেশ কৰক। ব্যক্তিগত বিষয়ত আনক হস্তক্ষেপ কৰিবলৈ নিদিব। আৰ্থিক দিশটো ঠিকে ঠাকে যাব। ব্যৱসায়ত ভাল।আপোনজনক লগ পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যত উন্নতি।

বৃষ ৰাশিঃ আজি আপোনৰ দিনটো ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। যি কাম সম্পন্ন নহয় তেন্তে হতাশ নহৈ চেষ্টা কৰি যাওক। আনক সহজতে বিশ্বাস নকৰিব। সুখ সুবিধাৰ কথা চিন্তা কৰিব। জ্যেষ্ঠজনৰ কথাত গুৰুত্ব দিয়ক। পাৰিবাৰিক দিশটো ভাল। স্বাস্থ্য ভালে যাব।

মিথুন ৰাশিঃ অহংকাৰ ভাৱ ত্যাগ কৰক। অহংকাৰভাৱে আপোনাক ক্ষতি কৰিব পাৰে। কাৰ্যত সফলতা লাভ নকৰিলে আনক দোষ নিদিব। চাকৰি,ব্যৱসায়ত ভাল। ব্যৱসায় দিশটোত উন্নতি হোৱাৰ সম্ভাৱনা আছে।আপোনজনক লগ পোৱাৰ সম্ভাৱনা আছে। দিনটো ঠিকে ঠাকে পাৰ হোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ যত্ন লওক।

কৰ্কট ৰাশিঃ আৰ্থিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা। নতুন সম্পদ বৃদ্ধি হ’ব পাৰে। আধ্যাত্মিক দিশত গুৰুত্ব বাঢ়িব। সম্পৰ্ক উন্নত হ’ব। পাৰিবাৰিক দিশটো ভাল। আয়ৰ নতুন বিকল্প হাতত পৰিব। স্বাস্থ্যত গুৰুত্ব দিব। প্ৰেমত শুভ। পৰিশ্ৰম সাৰ্থক হ’ব। সন্তানৰ ফলত চিন্তিত হ’ব পাৰে।

সিংহ ৰাশিঃ চাকৰি- ব্যৱসায়ৰ দিশটো ভাল। বাণিজ্যত লাভ হোৱাৰ সম্ভাৱনা। কামত ভাল ফলাফল লাভ কৰিব। আগতে কৰা কামত সফল হ’ব। ধন-সম্পদ বৃদ্ধি হ’ব। স্বাস্থ্য ভালে থাকিব। প্ৰেমত শুভ। দিনটো আনন্দৰ মাজেৰে পাৰ হ’ব। পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ’ব পাৰে। লেনদেনত সাৱধান হ’ব। আপোনজনত মনৰ কথা কোৱাৰ সুযোগ পাব।

কন্যা ৰাশিঃ আৰ্থিক দিশটোৰ উন্নতি হ’ব। যাত্ৰাৰ সম্ভাৱনা আছে। ঘৰৰ বিবাদৰ পৰা আঁতৰি থকা ভাল। পৰিয়ালৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। চাকৰিত ভাল। অফিচৰ কামৰ পৰা ভাল ফলাফল লাভ কৰিব। সম্পদ ক্ৰয়ৰ সম্ভাৱনা। প্ৰেমত শুভ। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব।

তুলা ৰাশিঃআপোনাৰ কথাৰ পৰা আপোনজন দুখিত হ’ব পাৰে। কৰ্মস্থলীত সতীৰ্থই সহযোগ কৰিব পাৰে। স্বাস্থ্য ভালে থাকিব। দিনটো সুখেৰে পাৰ হ’ব। প্ৰেমত ভাল। ব্যৱসায়িক দিশত ভাল। পাৰিবাৰিক দিশটো ভাল। মিছা কথা কোৱাৰ পৰা বিৰত থাকিব। লোভত নপৰিব। কাৰ্যত দেৰি হ’ব পাৰে।

বৃশ্চিক ৰাশিঃ আৰ্থিক স্থিতি ভাল হ’ব। মন ভাল হ’ব। চাকৰি আৰু ব্যৱসায়ত সফলতা লাভ কৰিব। সম্পদ ক্ৰয় কৰিব পাৰে। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। নতুন চাকৰিৰ সুযোগ পাব পাৰে। পদোন্নতি পাব পাৰে। উচ্চ শিক্ষাৰ যোগ আছে। আয়ৰ নতুন বিকল্প আহিব।

ধনু ৰাশিঃ দায়িত্ব ভালদৰে পালন কৰিব। লেনদেনত গুৰুত্ব দিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সম্ভাৱনা আছে। জীৱনত ভাল খবৰ আহি পৰিব। কিবা কামত টকা পইচা লগোৱাৰ আগত ভাবিব। পাৰিবাৰিক জীৱন ভাল। সম্পৰ্ক ভালদৰে ৰখাৰ যত্ন কৰিব, খং নকৰিব। স্বাস্থ্য ভালে যাব। মনৰ শান্তিক গুৰুত্ব দিব।

মকৰ ৰাশিঃ কৰ্মস্থলীত বাদ বিবাদৰ পৰা আঁতৰত থাকিব। পাৰিবাৰিক দিশটোত গুৰুত্ব দিব। পৰিয়ালৰ সৈতে সময় কটাব। আপোনজনক লগ পাব পাৰে। শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিব। ব্যৱসায়িক দিশটো ভাল। ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে। দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব।আৰ্থিক দিশটো ভাল। পাৰিবাৰিক দিশটো ভাল। সম্পদ ক্ৰয় বিক্ৰয়ত জটিলতাই দেখা দিব পাৰে। যাত্ৰাৰ সম্ভাৱনা আছে। অফিচত টীমৰ সৈতে মিলি কাম কৰিব। স্বাস্থ্যত গুৰুত্ব দিব। বিৰোধিক গুৰুত্ব দিব। দিনটোত কিছু প্ৰত্যাহ্বান আহিব পাৰে।

মীন ৰাশিঃ আজি পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব।যুৱসকলে বন্ধু বান্ধৱীক লগ পাব পাৰে। সন্তানৰ বৈবাহিক দিশত সফলতা লাভ কৰিব। চাকৰিৰ বিচৰা সন্দৰ্ভত যাত্ৰা কৰিব পাৰে। আধ্যাত্মিক দিশটোত গুৰুত্ব বাঢ়িব। সম্পদ বিক্ৰী কৰিব পাৰে। পাৰিবাৰিক দিশটো ভাল। স্বাস্থ্য ভাল।

বছৰৰ শেষৰ পূৰ্ণিমাৰ দিনা ভাগ্য ফুলিব এই ৪ ৰাশিৰ, বৃদ্ধি হ'ব ধন-সম্পত্তি, সুখ-শান্তি
ক'ত আছে দেশৰ আটাইতকৈ বিপদজনক জে'লখন?
মূলা আৰু গাজৰ একেলগে খালে পৰিব নেকি কোনো সমস্যাত? বিশেষজ্ঞই কি কয় চাওক…
ঘৰৰ পৰা ধনৰ অভাৱ দূৰ কৰিব বিচাৰে নেকি? নিতৌ কৰক এই কাম!