শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily horoscope: মঙলবাৰৰ দিনটোত এই ৰাশিৰ লোকে লাভ কৰিব ভাল খবৰ! চাওক আজিৰ ৰাশিফল…

Daily horoscope: আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো বৃষ, কৰ্কটকে ধৰি কিছু ৰাশিৰ লোকে ভাল খবৰ পাব পাৰে।

Daily horoscope: মঙলবাৰৰ দিনটোত এই ৰাশিৰ লোকে লাভ কৰিব ভাল খবৰ! চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 18 Mar 2025 06:00 AM

আজি ১৮ মাৰ্চ, মঙলবাৰ। আজিৰ দিনটোত কিছুমান ৰাশিল লোকে ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ৰাশি ১২ টা। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটো আপোনাৰ কেনে যাব? তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভালে যাব। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা দৰকাৰ। নিজৰ কামৰ বাবে পৰিকল্পনা মতে আগবাঢ়িব। আয় আৰু ব্যয়ৰ ওপৰত গুৰুত্ব দিব। খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা। যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভাগ্য়ই আপোনাৰ লগ দিব। ব্যৱসায় আৰু চাকৰি কৰাসকলৰ বাবে দিনটো ভাল।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপোনাৰ মান- সন্মান বৃদ্ধি পাব। আপুনি কোনো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিলে জয় লাভ কৰিব। সা-সম্পদ বৃদ্ধি হ’ব। যাৰ বাবে আপুনি সুখী থাকিব। স্বাস্থ্যত গুৰুত্ব দিব। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল। চাকৰিত পদোন্নতি হ’ব পাৰে। জ্যেষ্ঠজন আপোনাৰ কামৰ পৰা সুখী হ’ব। পুৰণি বন্ধুক লগ পাব পাৰে।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে। কোনো কথাক লৈ আপুনি চিন্তিত হ’ব পাৰে। খৰচ বৃদ্ধি হ’ব। যাৰ বাবে আপোনাৰ আৰ্থিক সমস্যা বৃদ্ধি পাব। কোনো কামত আনৰ ওপৰত বিশ্বাস নকৰিব। নতুন কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। ঘৰৰ কামত গুৰুত্ব দিয়া দৰকাৰ। চৰকাৰী কোনো আঁচনিৰ পৰা লাভ হ’ব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে ভাল। জীৱনত যদি কোনো সমস্যা চলি আছে তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। যদি কোনো কামৰ বাবে চেষ্টা কৰে তাত সফলতা লাভ কৰিব। নতুন বাহন ক্ৰয় কৰিব পাৰে। কোনো কামক লৈ অধিক ব্যস্ত থাকিব। শত্ৰুই সমস্যা কৰিব পাৰে।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। সাহস বৃদ্ধি হ’ব। ৰাজনীতিৰ লগত জড়িত লোকসকলে কোনো ভাল ফলাফল লাভ কৰিব। লেনদনেত সাৱধান হ’ব। অন্যথা লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে। প্ৰেম জীৱন শুভ। স্বাস্থ্যত গুৰুত্ব দিব। চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। শিক্ষাৰ্থীসকলে কোনো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিলে ভাল ফলাফল লাভ কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰিব। আৰ্থিক দিশৰ পৰা ভাল। ব্যৱসায়ীসকলৰ লাভ হোৱাৰ সম্ভাৱনা আছে। কোনো ধৰ্মীয় কামত অংশ গ্ৰহণ কৰিব পাৰে। স্বাস্থ্যত ভাল।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। হাতলৈ ধন আহিব, যাৰ বাবে আপুনি সুখী আহিব। ভাবি চিন্তি কোনো কামত টকা লগাব। ভাগ্যই লগ দিব। মনৰ ইচ্ছা অনুসৰি কাম সম্পূৰ্ণ হ’ব। খৰচৰ ওপৰত গুৰুত্ব দিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। প্ৰেমত শুভ।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো ভাল বেয়াৰ মাজেৰে যাব। আনক কথা কোৱাৰ আগতে চিন্তা কৰিব। কাৰোবাৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা। বন্ধুক লগ পাব। কোনো সামাজিক কামত জড়িত হ’ব পাৰে। ভ্ৰমণৰ যোগ আছে। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ। সামাজিক দিশত মান-সন্মান বৃদ্ধি পাব। স্বাস্থ্যত গুৰুত্ব দিব।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। পৈত্ৰিক সম্পত্তি লাভ কৰাৰ সম্ভাৱনা। ঘৰত কোনো শুভ কামৰ আয়োজন হ’ব পাৰে। বন্ধুৰ কথা মতে কোনো কামত হাত নিদিব। নতুন কোনো কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব পাৰে। কোনো নতুন কামৰ আৰম্ভ কৰিব পাৰে। স্বাস্থ্যত ভাল। প্ৰেমত শুভ। চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে। পাৰিবাৰিক সমস্যাই গা কৰি উঠিব পাৰে। যদি সম্পদ ক্ৰয় কৰিব বিচাৰিছে তেন্তে আজিৰ দিনটো শুভ। বাহন চলোৱাৰ সময়ত সাৱধান হ’ব। খৰচৰ সম্ভাৱনা আছে। ঘৰৰ বাবে কোনো সম্পদ ক্ৰয় কৰিব পাৰে। চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ ভাগ্যৰ দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। যদি কোনো কাম দীৰ্ঘদিন ধৰি হৈ উঠা নাই সেয়া সম্পূৰ্ণ হ’ব। ইয়াকে লৈ আপুনি সুখী হ’ব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। কাৰোবাৰ আগত কিবা কোৱাৰ সময়ত চিন্তা কৰিব। বন্ধুক লগ পাব পাৰে। ওচৰৰ মানুহৰ পৰা সাৱধানে থাকিব। স্বাস্থ্য ভালে যাব।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। বন্ধুৰ সৈতে ভাল সময় কটাব। কাৰোবাৰ আগত কিবা কোৱাৰ সময়ত চিন্তা কৰিব। সময়ৰ কাম সময়মতে পূৰ কৰাৰ চেষ্টা কৰিব। পিতৃৰ কোনো কথাই মনত দুখ দিব পাৰে। কোনো কথাৰ পৰা চিন্তাত থাকিব পাৰে। ঘৰত কাৰোবাৰ বিবাহৰ চৰ্চা চলিব পাৰে। ভ্ৰমণৰ যোগ আছে।