Horoscope Today: দিনটোৰ ৰাশিফলঃ আজি স্বাস্থ্যজনিত সমস্যাই চিন্তিত কৰিব এই ৰাশিৰ লোকক
আজি ২ নৱেম্বৰ, শনিবাৰ। ৰাশিফল অনুসৰি আজি কোন ৰাশিৰ লোকসকলৰ দিন শুভ হ’ব আৰু কোন ৰাশিৰ লোকসকল আজি নিজ জীৱনত কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে, সেয়া জানিবলৈ পঢ়ক আজিৰ দিনটোৰ ৰাশিফল।
সাধাৰণতে প্ৰায় প্ৰতিগৰাকী ব্যক্তিৰে নিজ জীৱনৰ ভৱিষ্যতৰ বিষয়ে জনাৰ ইচ্ছা থাকে। বিভিন্ন ৰাশিৰ লোকসকলে সেয়ে জ্যোতিষীসকলে আগবঢ়োৱা ৰাশিফলৰ পূৰ্বাভাসৰ জৰিয়তে নিজ জীৱনৰ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰে। জ্যোতিষীসকলে জ্যোতিষ চৰ্চাৰ জৰিয়তে প্ৰতিটো ৰাশিৰ লোকৰ বাবে প্ৰতিটো দিনৰে ভৱিষ্যদ্বাণী আগবঢ়ায়। ৰাশিফল অনুসৰি আজি ২ নৱেম্বৰ, শনিবাৰৰ দিনটো আপোনাৰ কেনেদৰে যাব চাওক।
মেষ ৰাশিঃ এই ৰাশিৰ লোকসকলে আজি ব্যৱসায়ত সফলতা পাব। নতুন কামত ব্যস্ত হ’ব। ধাৰে লোৱা ধন পৰিশোধ কৰিবলৈ সক্ষম হ’ব৷ পৰিয়ালৰ কোনো চলি থকা সম্পত্তিৰ বিবাদ সমাধান হ’ব পাৰে।
বৃষ ৰাশিঃ সংগীৰ পৰা আকাংক্ষিত সমৰ্থন লাভ কৰিব। হেৰুওৱা কোনো প্ৰিয় বস্তু ঘূৰাই পাব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। যিকোনো ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক।
মিথুন ৰাশিঃ কঠোৰ পৰিশ্ৰমৰ বাবে আপোনাৰ পেছাদাৰী জীৱনত ফল পোৱা যাব। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰিব। পত্নীগৃ্হৰ পৰা কোনো আৰ্থিক সহায় লাভ কৰিব পাৰে। যিকোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকক।
কৰ্কট ৰাশিঃ এই ৰাশিৰ লোকসকলৰ আজি পৰিয়ালৰ ভিতৰত মতানৈক্য বৃদ্ধি পাব পাৰে। অৱশ্যে আন দিশত দিনটো সুখকৰ হ’ব। দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। অতিথি ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী আঁচনিত বিনিয়োগ কৰিলে সুফল পাব।
সিংহ ৰাশিঃ পূৰ্বৰ কোনো প্ৰতিশ্ৰুতি পূৰণৰ বিষয়ে চিন্তা কৰিব পাৰে। নিজ যোগ্যতা তথা সামৰ্থক উৎপাদনশীল কামত প্ৰয়োগ কৰক। পিতৃ-মাতৃৰ সৈতে নিজৰ ইচ্ছাৰ বিষয়ে আলোচনা কৰক। অপ্ৰয়োজনীয় বিপদ চপাই লোৱাৰ পৰা বিৰত থাকক।
কন্যা ৰাশিঃ এই ৰাশিৰ লোকসকল আজি ইতিবাচক চিন্তাধাৰাৰ দ্বাৰা উপকৃত হ’ব। হেৰুওৱা কোনো মূল্যৱান সামগ্ৰী ঘূৰাই পাব পাৰে। সহকৰ্মীসকলৰ আগত আপোনাৰ চিন্তা প্ৰকাশ কৰাৰ সুযোগ পাব।
তুলা ৰাশিঃ সন্মুখীন হৈ অহা কোনো সমস্যাৰ সমাধান হ’ব পাৰে। কিন্তু পৰিয়ালৰ ভিতৰত সমস্যাৰ উদ্ভৱ হ’ব পাৰে আৰু ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হ’ব পাৰে। অতীতৰ ভুলৰ পৰা শিকিব। ৰাজনীতিত প্ৰৱেশ কৰাসকলে হয়তো এজন বিশেষ নেতাক লগ পাব পাৰে। সংগীৰ উন্নতিয়ে প্ৰশান্তি দিব।
বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ লোকসকলৰ আজি আৰ্থিক অৱস্থা উন্নত হ’ব। দীৰ্ঘসময়ৰ ইচ্ছা পূৰণৰ আশা কৰিব পাৰে। গোপনে ৰখা কোনো কথা পোহৰলৈ আহিব। যিকোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকক।
ধনু ৰাশিঃ শৈক্ষিক ক্ষেত্ৰত সফলতা লাভ কৰিব। ভ্ৰমণৰ যোগ আছে। কৰ্মক্ষেত্ৰত এক ব্যস্ত দিন অনুভৱ কৰিব পাৰে। কোনো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব। সন্তানে কোনো পৰামৰ্শৰ ফলত লোকচানৰ সন্মুখীন হ’ব পাৰে।
মকৰ ৰাশিঃ এই ৰাশিৰ লোকসকলৰ আজি আয় ভাল হ’ব। অতীতৰ ভুলৰ পৰা শিকিব। ছাত্ৰ-ছাত্ৰীসকলে মানসিক বোজাৰ পৰা সকাহ পাব পাৰে। নতুন ঘৰ ক্ৰয়ৰ সপোন বাস্তৱায়িত হ’ব পাৰে। জাতক জাতিকা সকলৰ আজিৰ দিনটো শুভ।
কুম্ভ ৰাশিঃ বিশেষজ্ঞৰ পৰামৰ্শ লৈ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে ফল পাব। চাকৰি প্ৰত্যাশীসকলৰ বাবে আশাব্যঞ্জক খবৰ পাব পাৰে। নতুন সম্পত্তিত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিব পাৰে। সন্তানে সফলতা লাভ কৰিৱ।
মীন ৰাশিঃ মীন ৰাশিৰ লোকসকলে আজি যথেষ্ট প্ৰত্যাহ্বানৰে সন্মুখীন হ’ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ শুনিব পাৰে, কিন্তু স্বাস্থ্যজনিত সমস্যাই চিন্তাৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত অৱহেলা কৰিলে ভৱিষ্যতে সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনৰ কোনো বিষয়ত অপ্ৰয়োজনীয়ভাৱে জড়িত হোৱাৰ পৰা বিৰত থাকক। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে।