Daily horoscope: এই ৰাশিৰ লোকে আজি লাভ কৰিব চাকৰি, হাতলৈ আহিব ধন! চাওক আজিৰ ৰাশিফল…

Daily horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটোত কিছুমানে চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। ইয়াৰ বিপৰীতে কিছুমানৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে।

Daily horoscope: এই ৰাশিৰ লোকে আজি লাভ কৰিব চাকৰি, হাতলৈ আহিব ধন! চাওক আজিৰ ৰাশিফল...

আজিৰ দিনটোৰ ৰাশিফল

Published: 

20 Feb 2025 06:00 AM

আজি ২০ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশি ১২ টা। আজিৰ দিনটো একাংশ ৰাশিৰ লোকৰ বাবে অত্যন্ত ভাল। কিন্তু কিছু ৰাশিৰ লোকে আৰ্থিক ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাত পৰিব পাৰে। তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজি আপুনি নতুন কোনো কাম আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব। উন্নতিৰ পথত অহা বাধা দূৰ হ’ব। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। সংগীৰ সৈতে ভাল সময় কটাব। নতুন চাকৰিৰ কোনো সুযোগ লাভ কৰিব। পিতৃৰ কোনো কথাত মন বেয়া লাগিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজি আপুনি কোনো ভাল খবৰ লাভ কৰিব। কামৰ ওপৰত গুৰুত্ব দিব। আনৰ কথাত গুৰুত্ব নিদিব। প্ৰলোভনত ভোল নাযাব। আনৰ কথা শুনি ব্যৱসায়ত টকা ব্যয় নকৰিব। খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে। কাৰ্যক্ষেত্ৰত ভাল খবৰ লাভ কৰিব পাৰে। পদোন্নতি লাভ কৰিব পাৰে।

মিথুন ৰাশিঃ আজিৰ দিনটো আপুনি সাৱধানে থাকিব। চাকৰি বিচাৰি থকাসকলে কোনো ভাল খবৰ লাভ কৰিব। চাকৰিৰ অফাৰ লাভৰ সম্ভাৱনা। নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিব। পৰিয়ালৰ সৈতে বাদ-বিবাদৰ পৰা আঁতৰি থাকিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। শ্বেয়াৰ মাৰ্কেটত নিৱেশ কৰাসকলে ভাল খবৰ লাভ কৰিব। ভাই-ভগ্নীৰ সৈতে কোনো কথাক লৈ বিবাদ হ’ব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হৈ উঠিব। চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি থকাসকলে ভাল খবৰ লাভ কৰিব। প্ৰেমত ভাল।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হৈ পৰিব। ব্যৱসায়ত টকা নিৱেশ কৰাৰ আগত চিন্তা কৰক। কোনো নতুন কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। অচিনাকী মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব। খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যই নতুন বাহন ক্ৰয় কৰিব পাৰে।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সুখকৰ হ’ব। খৰচ বৃদ্ধিয়ে কিছু সমস্যাত পেলাব পাৰে। আৰ্থিক সমস্যাই দেখা দিব। ৰাজনীতিত ভৰি থোৱাৰ আগত চিন্তা কৰিব। জ্যেষ্ঠজনৰ কথা মানি চলিব। যাত্ৰা কৰাৰ পৰা বিৰত থাকক। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। ঘৰলৈ আলহী আহিব পাৰে। ধাৰ্মিক কামত জড়িত হোৱাৰ সম্ভাৱনা।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। কেৰিয়াৰ ক্ষেত্ৰত কোনো ভাল খবৰ লাভ কৰিব। বিদ্যাৰ্থীসকলে কোনো যাত্ৰা কৰিব লাগিব পাৰে। বিদেশত ব্যৱসায় কৰিব বিচৰাসকলে ভাল খবৰ লাভ কৰিব। ঘৰত কোনো মাংগলিক কাৰ্যৰ আয়োজন হ’ব পাৰে। নিজৰ পচন্দৰ কোনো বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা সুখী হ’ব। আয়ৰ কোনো নতুন বিকল্প আহিব পাৰে। চাকৰিৰ ক্ষেত্ৰত কোনো ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। আনৰ কথাত মাত মতাৰ পৰা বিৰত থাকক। আনৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব। স্বাস্থ্যত গুৰুত্ব দিব।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। পৰিয়ালত সুখ খাকিব। সংগীৰ সৈতে কোনো ভ্ৰমণত যাব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। কোনো ভাল কামত টকা ব্যয় কৰিব পাৰে। সম্পদ ক্ৰয়ৰ সম্ভাৱনা। আনৰ কথাত বিশ্বাস নকৰিব। স্বাস্থ্যত গুৰুত্ব দিব। প্ৰেমত শুভ।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। অচিনাকী লোকৰ পৰা দূৰত্ব বজাই ৰাখিব। কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাত সমস্যাই দেখা দিব পাৰে। সংগীৰ সৈতে কোনো কথাত কাজিয়া লাগিব পাৰে। খৰচ অধিক হোৱাৰ সম্ভাৱনা। ব্যৱসায়ত আশা কৰা ধৰণে লাভ নাপাব।

কুম্ভ ৰাশিঃ বিবাদৰ পৰা আঁতৰি থাকক। সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব। জ্যেষ্ঠজনৰ সৈতে কাজিয়া নকৰিব। চাকৰিৰ ক্ষেত্ৰত কোনো সমস্যা আহিব পাৰে। ৰাজনীতি কৰা ব্যক্তিসকলে শত্ৰুৰ পৰা সাৱধানে থাকিব। কোনো সম্পদ ক্ৰয়ৰ সম্ভাৱনা। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব।

মীন ৰাশিঃ আজি আপুনি খৰচৰ ওপৰত গুৰুত্ব দিব। সন্তানে কোনো দামী বস্তু ক্ৰয় কৰিব পাৰে। ঘৰলৈ আলহী আহিব পাৰে। আয়ৰ নতুন বাট মুকলি কৰাৰ ওপৰত গুৰুত্ব দিব, অন্যথা সমস্যাই দেখা দিব পাৰে। বিদ্যাৰ্থীসকলে সমস্যাৰ পৰা কিছু সকাহ পাব। পুৰণি কোনো বন্ধুক লগ পাব পাৰে। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক।

মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?
বাংলাদেশৰ বিপক্ষে আজি অনন্য মাইলষ্ট’ন স্পৰ্শৰ সুযোগ ৰোহিত আৰু কোহলীৰ হাতত