সোমবাৰৰ দিনটোত এইসকলৰ হ’ব আৰ্থিক উন্নতি, হ’ব পদোন্নতি, চাওক ৰাশিফল…

Daily horoscope: হিন্দু ধৰ্মত ৰাশিফলৰ গুৰুত্ব অধিক। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা আৰু প্ৰতিটো দিনত প্ৰতিটো ৰাশিৰ বেলেগ বেলেগ যোগ থাকে।

সোমবাৰৰ দিনটোত এইসকলৰ হব আৰ্থিক উন্নতি, হব পদোন্নতি, চাওক ৰাশিফল...

আজি দিনটোৰ ৰাশিফল

Published: 

20 Jan 2025 06:00 AM

আজি ২০ জানুৱাৰী, সোমবাৰ। আজিৰ দিনটোত কিছুমানৰ চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আন কিছুমানৰ আজি কিছু আৰ্থিক সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটো আপোনাৰ কেনে যাব? তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে। আজি আপুনি কোনো কামত সফলতা লাভ নকৰিব পাৰে, যাৰ ফলত কিছু অশান্তি পাব পাৰে। ধন সম্পৰ্কীয় দিশত গুৰুত্ব দিয়ক। খৰচত গুৰুত্ব দিয়ক। বৈবাহিক জীৱনত সমস্যা আহিব পাৰে। কাৰোবাৰ পৰা ঋণ লৈছে যদি ঘূৰাই দিয়াৰ চেষ্টা কৰিব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ধৰ্মীয় কাম-কাজত জড়িত হ’ব পাৰে। কৰ্মক্ষেত্ৰত ভাল হ’ব। আৰ্থিকস্থিতি পূৰ্বতকৈ ভাল হ’ব। সকলো কামত পৰিয়ালৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ত কিছু সমস্যা হ’ব পাৰে যদিও জ্যেষ্ঠজনৰ সহায় লৈ সমাধান উলিয়াব। প্ৰতিশ্ৰুতি দিলে পূৰণ কৰাৰ চেষ্টা কৰিব।

মিথুন ৰাশিঃ আজিৰ দিনটোত আপোনাৰ দায়িত্ব বৃদ্ধি হ’ব পাৰে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। যিসকলে চাকৰি বিচাৰি আছে সেইসকলৰ চাকৰি লাভৰ যোগ আছে। নতুন সম্পদ ক্ৰয়ৰ সম্ভাৱনা আছে,নতুন ঘৰ কিনিব পাৰে। সন্তানৰ ফালৰ পৰা কিবা সমস্যা আহিব পাৰে। স্বাস্থ্যত ভাল।

কৰ্কট ৰাশিঃ ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো ভাল। নতুন কাম-কাজত ভাবি চিন্তি আগবাঢ়িব। কৰ্মক্ষেত্ৰত ভাল। সহযোগীৰ পৰা সহায় লাভ কৰিব। নতুন শত্ৰু সৃষ্টি হ’ব পাৰে। কাৰোবাৰ সৈতে বিবাহ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত গুৰুত্ব দিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

সিংহ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। বৈবাহিক জীৱন সুখী হ’ব। ধন খৰচৰ যোগ আছে। চাকৰিৰ ক্ষেত্ৰত কোনো নতুন অফাৰ লাভ কৰিব পাৰে। বিদ্যাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ। প্ৰেমত শুভ। সংগীৰ পৰা কোনো চাৰপ্ৰাইজ লাভ কৰিব পাৰে। শত্ৰু বৃদ্ধিৰ যোগ আছে।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ আনন্দৰ মাজেৰে পাৰ হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। বাহন চলোৱাত সাৱধান হ’ব। ৰাজনীতিৰ লগত জড়িতসকল সাৱধান হ’ব। পুৰণি কোনো বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সহযোগীৰ সহায় পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত ভাল।

তুলা ৰাশিঃ আজিৰ দিনটো আপুনি ব্যস্ত থাকিব। কেৰিয়াৰ গুৰুত্ব প্ৰদান কৰিব। চাকৰিৰ ক্ষেত্ৰত কোনো নতুন বিকল্প লাভ কৰিব পাৰে। ভাল অফাৰ পালে যোগদান কৰা ভাল। উন্নতিৰ ক্ষেত্ৰত বাধা দূৰ হ’ব। ভাই- ভগ্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আইনী ক্ষেত্ৰত গুৰুত্ব দিয়া দৰকাৰ।

বৃশ্চিক ৰাশিঃ আজি আপোনাৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। পৰিয়ালৰ কোনো সদস্যৰ কথাই আঘাত দিব পাৰে। সংগীৰ সৈতে ভাল সময় কটাব। কাৰোবাৰ পৰা ঋণ লোৱাৰ সম্ভাৱনা আছে। বিবাহ সম্পৰ্কীয় ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে দিনটো ভাল।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। নতুন কোনো সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। প্ৰেমত শুভ। যদি কোনো প্ৰিয় বস্তু হেৰুৱাইছিল তেন্তে ঘূৰাই পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। সন্তানৰ পক্ষৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ত কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে। গতিকে ধৈৰ্য ধৰি কাম কৰিব। আত্মীয়ৰ পৰা সহায় লাভ কৰিব পাৰে। সংগীৰ সৈতে ভাল সময় কটাব। পৰিয়ালত হৈ থকা সমস্যা কমিব। যদি কাৰোবাক প্ৰতিশ্ৰুতি কৰিছে তেন্তে সেয়া পূৰণ কৰাৰ চেষ্টা কৰিব। আনক কথা কোৱাৰ আগত চিন্তা কৰিব।

কুম্ভ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল। নতুন কোনো পদ লাভ কৰিব পাৰে। ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ত গুৰুত্ব দিয়া দৰকাৰ। সমাজত সন্মান আৰু পদ বৃদ্ধি হ’ব। ধৰ্মীয় কাম-কাজত জড়িত হ’ব পাৰে। পুৰণি কোনো বন্ধুক লগ পাব পাৰে। পৰিয়ালৰ সমস্যা দূৰ হ’ব।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ সুখৰ হ’ব। আয়ৰ বিকল্প বৃদ্ধি হ’ব। নতুন বন্ধু হ’ব পাৰে। ভাগ্যই লগ দিব। কামত সফলতা লাভ কৰিব। শাৰীৰিক সমস্যা দূৰ হ’ব। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল। সংগীৰ সৈতে ভাল। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্য গুৰুত্ব দিব।

প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া