Daily horoscope 22 October: আজিৰ দিনটোৰ ৰাশিফল, এইসমূহ ৰাশিৰ আছে সম্পত্তি লাভৰ যোগ... | Daily horoscope 22 October know rashifal aaj ki in assamese Assam news - Assam Tv9

Daily horoscope 22 October: আজিৰ দিনটোৰ ৰাশিফল, এইসমূহ ৰাশিৰ আছে সম্পত্তি লাভৰ যোগ…

Daily horoscope: হিন্দু ধৰ্মত ৰাশিৰ গুৰুত্ব অধিক। প্ৰতিটো ৰাশিৰ প্ৰতিটো দিনতেই বেলেগ বেলেগ যোগ থাকে। কাৰোবাৰ বাবে দিনটো শুভ আৰু কাৰোবাৰ বাবে সাধাৰণ থাকে। ২২ অক্টোবৰৰ ৰাশিফল উল্লেখ কৰা হ'ল।

Daily horoscope 22 October: আজিৰ দিনটোৰ ৰাশিফল, এইসমূহ ৰাশিৰ আছে সম্পত্তি লাভৰ যোগ...

ৰাশিফল

Published: 

22 Oct 2024 06:15 AM

জ্যেতিষ শাস্ত্ৰত মুঠ ১২ টা ৰাশি আছে। প্ৰতিটো ৰাশিৰ প্ৰতিটো দিনত বেলেগ বেলেগ যোগ থাকে।  আজি ২২ অক্টোবৰ।  জ্যোতিষ গণনা অনুসৰি ২২ অক্টোবৰৰ দিনটো কিছুমান ৰাশিৰ বাবে শুভ আৰু কিছুমানৰ বাবে সামান্য। তলত আজিৰ ৰাশিফল দিয়া হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটোত মেঘ ৰাশিৰ আৰ্থিক স্থিতি ভাল থাকিব, ধন লাভৰ যোগ আছে। কোনো কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। ঘৰত আলহী আহিব পাৰে। প্ৰেমত শুভ।

বৃষ ৰাশিঃ এই ৰাশিৰ জাতক-জাতিকাৰ ধন লাভৰ যোগ আছে। কিছুমানে সম্পত্তি ক্ৰয় কৰিব পাৰে। খৰচৰ ওপৰত গুৰুত্ব দিব। মহত্বপূৰ্ণ কামত ধন খৰচ হ’ব। মানসিকভাৱে কিছু অসুবিধা পাব পাৰে।

মিথুন ৰাশিঃ এই ৰাশিৰ লোকসকলে সামাজিক কামত অংশ গ্ৰহণ কৰিব। ধন- সম্পদৰ যোগ আছে। শৈক্ষিক দিশত ভাল। বাহন চলোৱাৰ সময়ত গুৰুত্ব দিব। সকলোকে বিশ্বাস নকৰিব। ধন আদান- প্ৰদানৰ ক্ষেত্ৰত চিন্তা কৰিব।

কৰ্কট ৰাশিঃ আজি ব্যস্ত থাকিব। কামৰ দায়িত্ব বাঢ়িব।আৰ্থিক স্থিতি পূৰ্বতকৈ ভাল হ’ব। পাৰিবাৰিক সৰু বিবাদ থাকিব পাৰে। কিছু সমস্যা আগিব পাৰে। এই ক্ষেত্ৰত বন্ধু-বৰ্গৰ সহায় ল’ব পাৰে।

সিংহ ৰাশিঃ কৰ্মক্ষেত্ৰত ভাল। সংগীৰ সৈতে ধাৰ্মিক স্থানত যাত্ৰা কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ফালৰ পৰা বেয়া খবৰ লাভ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। প্ৰেমত শুভ।

কন্যা ৰাশিঃ ধন বিনিয়োগ কৰাৰ সময়ত চিন্তা কৰিব। খৰচৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ লগত জড়িত সমস্যা হ’ব পাৰে। কেৰিয়াৰত বাধা দূৰ হ’ব। আজিৰ দিনটো সুখেৰে পাৰ হ’ব।

তুলা ৰাশিঃ আৰ্থিক স্থিতি ভাল। আয় বৃদ্ধিৰ যোগ আছে। পাৰিবাৰিক দিশত সুখী থাকিব। কিছুমানে নতুন চাকৰি লাভ কৰিব পাৰে। ধন আদান- প্ৰদানত গুৰুত্ব দিব।

বৃ্শ্চিক ৰাশিঃ আৰ্থিক সমস্যাই দেখা দিব পাৰে। অফিচত সন্মান বৃদ্ধিৰ যোগ আছে। সপোন পূৰণ হ’ব । প্ৰেমত শুভ। ঘৰৰ ভাই- ভগ্নীৰ বিয়া ঠিক হ’ব পাৰে। বাণিজ্যত ভাল।

ধনু ৰাশিঃ আৰ্থিক দিশত ভাল । আয়ৰ নতুন বিকল্প ওলাব। যিসকলে নতুন ঠাইলৈ যাব ওলাইছে সেই সকল কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। অফিচৰ সহকৰ্মীৰ পৰা সহায় পাব। কাম ভালদৰে কৰিব। অইনৰ কথা মতে সিদ্ধান্ত গ্ৰহণ নকৰিব।

মকৰ ৰাশিঃ আৰ্থিক দিশত ভাল। অফিচত ভাল ফলাফল লাভ কৰিব। শিক্ষাৰ্থীসকলৰ ভাল।পাৰিবাৰিক সমস্যা দূৰ হ’ব। প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব পাৰে। স্বাস্থ্য ভালে থাকিব।

কুম্ভ ৰাশিঃ এই ৰাশিৰ লোকসকলৰ আৰ্থিক দিশত ভাল। ভাই- ভগ্নীৰ সমৰ্থন লাভ কৰিব। ধৰ্মীয় কাৰ্যৰ যোগ আছে। চাকৰি কৰা সকলে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। যাত্ৰাৰ সময়ত ভাল খবৰ লাভ কৰিব।

মীন ৰাশিঃ আজিৰ দিনটো সুখেৰে পাৰ হ’ব। ঘৰৰ সকলো আনন্দত থাকিব। শৈক্ষিক দিশত ভাল। ৰোমান্টিক জীৱন শুভ। দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যাৰ পৰা পৰিত্ৰাণ পাব। নতুন ঘৰ বা বাহন কিনাৰ সম্ভাৱনা আছে।

ছাল, চুলিৰ বাবে উপকাৰী চাউলৰ পানী! এনেদৰে কৰক ব্যৱহাৰ...
তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে কেনেকুৱা লক্ষণে দেখা দিয়ে ? জানক...
লাই আৰু গাহৰি মাংসৰ আঞ্জা আপোনাৰ প্ৰিয় নে ? কেনেকৈ ৰান্ধিব জানক...
Aimee Baruah Birthday : আজি জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ ওপজা দিন