শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily horoscope: মঙলবাৰৰ দিনটোত এই ৰাশিৰ লোকে লাভ কৰিব পাৰে চাকৰি, চাওক আজিৰ ৰাশিফল…

Daily horoscope: হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ মহত্ব অধিক। বিশ্বাস অনুসৰি, ৰাশিফলে আমাৰ জীৱনত গুৰুত্ব বহন কৰে। ৰাশিফল ১২ টা আৰু প্ৰতিটো ৰাশিৰ বেলেগ বেলেগ যোগ থাকে।

Daily horoscope: মঙলবাৰৰ দিনটোত এই ৰাশিৰ লোকে লাভ কৰিব পাৰে চাকৰি, চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 Mar 2025 06:00 AM

আজি ২৫ মাৰ্চ, মঙলবাৰ। আজিৰ দিনটোত কিছুমানৰ ৰাশিৰ বাবে ভাল আৰু কিছুমানৰ বাবে কিছু  প্ৰত্যাহ্বানমূলক হ’ব পাৰে। ইয়াৰোপৰি কিছুমানৰ আজি চাকৰি লাভৰ যোগ আছে। আপোনাৰ আজিৰ দিনটো কেনে যাব, চাওক আজিৰ ৰাশিফল-

মেঘ ৰাশিঃ এই দিনটোত নতুন গতি আৰু অধিক আত্মবিশ্বাস লাভ কৰিব। কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰাৰ লগতে নতুন দায়িত্ব বাঢ়িব। ব্যৱসায়ত ভাল। টকা-পইচাৰ ক্ষেত্ৰত ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰেমত শুভ। পাৰিবাৰিক দিশটো ভাল। স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। চাকৰিয়ালসকলৰ ভাল।

বৃষ ৰাশিঃ আপুনি ধৈৰ্য ধৰি কাম কৰি যোৱা প্ৰয়োজন। কাৰ্যক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে সফলতা আনিব। আৰ্থিক স্থিতি সাধাৰণ থাকিব। কিন্তু খৰচৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। পাৰিবাৰিক দিশত কোনো সমস্যা আহিব পাৰে। কিন্তু ইয়াক সমাধানৰ চেষ্টা কৰিব। ব্যৱসায়ীসকলৰ ভাল। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আপুনি কোনো ভাল খবৰ লাভ কৰিব পাৰে। চাকৰিৰ অফাৰ লাভৰ সম্ভাৱনা। কাৰ্যক্ষেত্ৰত আপোনাৰ জ্যেষ্ঠজনে প্ৰশংসা কৰিব। আৰ্থিক দিশটো ভাললৈ গতি কৰিব আৰু ধন প্ৰাপ্তিৰ যোগ আছে। পাৰিবাৰিক জীৱন ভাল। কিন্তু কোনো বন্ধুৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিব।

কৰ্কট ৰাশিঃ অলপ সাৱধানে চলিব। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত ভাল। কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চৰ্চা হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি সাধাৰণ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। চাকৰিয়াল সকলে কিছু সাৱধানে চলিব। প্ৰেমত ভাল।

সিংহ ৰাশিঃ আজি আপুনি কোনো কামত সফলতা লাভ কৰিব পাৰে লগতে আত্মবিশ্বাস বৃদ্ধি হ’ব। কেৰিয়াৰে নতুন গতি লাভ কৰিব পাৰে আৰু আপোনাৰ পৰিশ্ৰমে সফলতা আনিব। ধন লাভৰ যোগ আছে। কোনো ব্যৱসায়ত ধন ব্যয় কৰা ইতিবাচক হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত উত্থান- পতন হ’ব পাৰে। কিন্তু ধৈৰ্য ধৰি আগবাঢ়ি যাব। আৰ্থিক দিশটোত সাৱধানে থাকিব। পাৰিবাৰিক দিশটো ভাল। কোনো পুৰণি বন্ধুক লগ পাব পাৰে। স্বাস্থ্য সাধাৰণ হ’ব। কিন্তু মানসিক শান্তিত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কৰ্মক্ষেত্ৰত আপোনাৰ কামে প্ৰশংসা লাভ কৰিব। নতুন কোনো দায়িত্ব লাভ কৰিব পাৰে যাক লৈ আপুনি সুখী হ’ব। প্ৰেমত ভাল। আৰ্থিক স্থিতি ভাল। হাতলৈ ধন আহিব পাৰে। নতুন চাকৰিৰ অফাৰ লাভৰ সম্ভাৱনা । স্বাস্থ্য ভালে যাব। ব্যৱসায়ত ভাল ।

বৃশ্চিক ৰাশিঃ কোনো কাম কৰিলে আপুনি পৰিকল্পনা অনুসৰি আগবঢ়া ভাল। কেৰিয়াৰত আগবাঢ়িবলৈ পৰিশ্ৰম কৰা দৰকাৰ। আৰ্থিক দিশটো ভাল। হাতলৈ অধিক ধন অহাৰ সম্ভাৱনা আছে। কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। পাৰিবাৰিক জীৱন ভাল। প্ৰেমত ভাল। বিদ্যাৰ্থীসকলে পঢ়াত মনোযোগ দিয়া দৰকাৰ। স্বাস্থ্যত গুৰুত্ব দিব।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কিবা ভাল খবৰ লাভ কৰিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে, ইয়াৰ দ্বাৰা আপোনাৰ লাভ হ’ব। কেৰিয়াৰত উন্নতিৰ সংকেতে দেখা দিব। আপোনাৰ পৰিশ্ৰমে সফলতা আনিব। আৰ্থিক স্থিতি ভাল। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন ভাল। প্ৰেমত ভাল। স্বাস্থ্যত গুৰুত্ব দিব।

মকৰ ৰাশিঃ আপুনি ধৈৰ্য ধৰি কামত আগবাঢ়িব লাগিব। কৰ্মক্ষেত্ৰত ভাল। ব্যৱসায়ীসকলে কোনো ডাঙৰ প্ৰজেক্ট লাভ কৰিব পাৰে। আৰ্থিক দিশটো ভাল। কিন্তু খৰচৰ ওপৰত গুৰুত্ব দিব। পাৰিবাৰিক দিশটো ভাল বেয়াৰ মাজেৰে যাব। সম্পৰ্ক ভাল বেয়াৰ মাজেৰে চলিব। স্বাস্থ্য ভালে থাকিব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল আৰু কোনো ভাল খবৰ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত ভাল। আৰ্থিক দিশত সফলতা লাভ কৰিব। নতুন কোনো ভাল সুযোগ লাভ কৰিব পাৰে। পাৰিবাৰিক জীৱন ভাল। প্ৰেমত শুভ। ব্যৱসায়ীসকলৰ বাবে ভাল। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। সাৱধান হ’ব।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। কেৰিয়াৰত সফলতা পাবলৈ পৰিশ্ৰম কৰিব লাগিব। আৰ্থিক স্থিতি ভাল কিন্তু অত্যাধিক খৰচৰ সম্ভাৱনা আছে। লেনদেনত সতৰ্ক হওক। পাৰিবাৰিক দিশটো ভাল। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিব। দিনটো ভালে যাব।