Today’s Horoscope: বছৰৰ শেষৰ বৃহস্পতিবাৰটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল
Today's Horoscope : জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। প্ৰতিটো ৰাশিৰে প্ৰতি দিনে বেলেগ বেলেগ যোগ থাকে। কিছুমানৰ ভাল কিছুমানৰ বেয়া। ইয়াৰোপৰি কিছুমান উপায় কৰিলে বেয়া দোষৰ পৰা পৰিত্ৰাণ পাই বুলি কোৱা হয়। হিন্দু ধৰ্মত ৰাশিফলৰ মহত্ব অধিক।
আজি ২৬ ডিচেম্বৰ, বৃহস্পতিবাৰ। আজিৰ ৰাশিফল অনুসৰি মিথুন ৰাশিৰ লগতে কিছুমান ৰাশিৰ চাকৰিৰ ক্ষেত্ৰত ভাল যোগ আছে। ইয়াৰ বিপৰীতে আন কিছুমানে আজিৰ দিনটোক কিছু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। বছৰৰ শেষৰ বৃহস্পতিবাৰটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল-
মেঘ ৰাশিঃ ক্ষমতা অনুসৰি কাম কৰিব। কামত সফলতা লাভ কৰিব।সৰু সৰু কথাত মন বেয়া নকৰিব। ভৱিষ্যত সম্পৰ্কীয় সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। ঘৰৰ জ্যেষ্ঠজনৰ সৈতে সময় কটাব। ব্যৱসায়ত কাম বৃদ্ধি । চাকৰি কৰা লোকসকল সাৱধান হ’ব। ঘৰত সুখ শান্তি থাকিব। পুৰণি স্মৃতিয়ে আমনি কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।
বৃষ ৰাশিঃ সময় ভালে যাব। ভাল পৰিকল্পনা কৰি কামত আগবাঢ়ক। সামাজিক কামত জড়িত হ’ব পাৰে। দিনটো সুখেৰে পাৰ হ’ব। খৰচ কৰাত সাৱধান। কেৰিয়াৰৰ কিবা সিদ্ধান্ত লওতে গুৰুত্ব দিব। ব্যৱসায়ৰ পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব। পতি-পত্নীৰ মাজত কাজিয়া হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
মিথুন ৰাশিঃ ধৰ্মীয় কামত জড়িত হ’ব পাৰে। ইচ্ছা পূৰণ হ’ব। খৰচৰ ওপৰত গুৰুত্ব দিব। আনৰ সমস্যাই আপোনাক চিন্তাত পেলাব পাৰে। ব্যৱসায়ত উন্নতি হ’ব পাৰে। চাকৰিত পদোন্নতি লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। প্ৰেমত ভাল নহয়। স্বাস্থ্যত গুৰুত্ব দিব।
কৰ্কট ৰাশিঃ দিনটো ভালদৰে পাৰ হ’ব। পজিটিভ অনুভৱ কৰিব। কামত অগ্ৰগতি হ’ব। এলাহ পৰিহাৰ কৰক। সম্পত্তি সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। ব্য়ৱসায় দিশত সফলতা লাভ কৰাত সময় লাগিব। অফিচত কাজিয়া লগাৰ সম্ভাৱনা। স্বামী স্ত্ৰীৰ ভাল। প্ৰেমত বুজাবুজিৰ অভাৱ হ’ব পাৰে। স্বাস্থ্যৰ যত্ন লওক।
সিংহ ৰাশিঃ দিনটো সুখী অনুভৱ কৰিব।বিশেষ কামৰ বাবে পৰিশ্ৰম কৰিব। সফলতা লাভ কৰিব। যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাত ভাবিব। বিয়াৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ব্যৱসায়ত ভাল। চাকৰিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। ধন খৰচ কৰাত সাৱধান। নতুন সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা। প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য ৰাখিব। স্বাস্থ্য ভালে থাকিব।
কন্যা ৰাশিঃ দিনটো ব্যস্ত থাকিব। সকলো কাম ভালদৰে সম্পূৰ্ণ হ’ব। বিদ্যাৰ্থীসকলৰ সমস্যা দূৰ হ’ব। আনক উপদেশ দিয়াৰ পৰা বিৰত থাকক। বিবাদ হোৱাৰ সম্ভাৱনা। ব্যৱসায়ত সমস্যা আহিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব। সংগীৰ সৈতে ভ্ৰমণৰ সম্ভাৱনা। আয়ৰ নতুন বিকল্প লাভ কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।
তুলা ৰাশিঃ সম্পত্তিক লৈ বিবাদ দূৰ হ’ব। ধৰ্মীয় কামত জড়িত হোৱাৰ সম্ভাৱনা। ব্যৱসায়ত ভাল। চাকৰি কৰা সকলে পদোন্নতি লাভ কৰিব পাৰে। ব্যৱসায়ত নতুন সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। স্বামী- স্ত্ৰীৰ সম্পৰ্ক ভালে থাকিব।ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব।
বৃশ্চিক ৰাশিঃ সময় ভালদৰে পাৰ হ’ব। খৰচ কৰাত সাৱধান হ’ব। কাম সময়মতে সম্পূৰ্ণ কৰিব। মহত্বপূৰ্ণ সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। কেৰিয়াৰ সলনি কৰাত চিন্তা কৰিব। ব্যৱসায়ত পৰিশ্ৰম কৰা দৰকাৰ। লেনদেনত লোকচান হ’ব পাৰে। ঘৰৰ পৰিৱেশ ভালে থাকিব। স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক ভালে থাকিব। স্বাস্থ্যত গুৰুত্ব দিয়ক।
ধনু ৰাশিঃ পাবলগীয়া ধন ঘূৰাই পাব। নতুন বস্তু ক্ৰয় কৰিব পাৰে। ভুল উপদেশ গ্ৰহণ নকৰিব। খৰচত সাৱধান হ’ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ সময়। চৰকাৰী ক্ষেত্ৰত সফলতা লাভ কৰিব। চাকৰিত চিন্তা বাঢ়িব পাৰে। স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিব।
মকৰ ৰাশিঃ আজি কোনো ভাল খবৰ লাভ কৰিব। সম্পত্তি ক্ৰয় কৰিব পৰে। ধৰ্মীয় কামত জড়িত হ’ব পাৰে। অলাগতিয়াল কথাৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত ভাল। লেনদেনত সাৱধান হ’ব। পৰিয়ালৰ সৈতে ভাল। ঘৰলৈ আলহী আহিব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।
কুম্ভ ৰাশিঃ ভাল-বেয়াৰ মাজেৰে দিন পাৰ হ’ব। ব্যস্ত থাকিব। বন্ধুক লগ পাব পাৰে। বেয়া মানুহে আপোনাৰ মনক প্ৰভাৱিত কৰিব পাৰে। ব্যৱসায়ত অধিক গুৰুত্ব দিয়া দৰকাৰ। চাকৰি কৰা সকলে নিজৰ কামত গুৰুত্ব দিয়া দৰকাৰ। বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।
মীন ৰাশিঃ ব্যস্ত থাকিব কিন্তু কামত সফলতা লাভ কৰিব। দীৰ্ঘদিনীয়া চিন্তাৰ অন্ত পৰিব। ঘৰত মাংগলিক কাৰ্য হোৱাৰ সম্ভাৱনা। এলাহৰ পৰা আঁতৰি থাকক। সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব। ব্যৱসায়ত অধিক ব্য়স্ত থাকিব। চাকৰি কৰা সকলে কাম সময়মতে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। পৰিয়ালত শান্তি থাকিব। প্ৰেমত শুভ। স্বাস্থ্য ভাল।