5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Horoscope Today: আজিৰ দিনটোৰ ৰাশিফল…সিংহ সহ ৫ ৰাশিৰ বাবে দিনটো অতি শুভ…

আজিৰ দিনটোত কেইবাটাও ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ক্ষেত্ৰতে ভাল ফলাফল আশা কৰিব পাৰে । লগতে পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব । কিছু ক্ষেত্ৰত সিদ্ধান্ত লওতে অলপ সাৱধান হ’ব ।

Horoscope Today: আজিৰ দিনটোৰ ৰাশিফল…সিংহ সহ ৫ ৰাশিৰ বাবে দিনটো অতি শুভ…
আজি দিনটোৰ ৰাশিফল
manas-borah
Manas Borah | Published: 27 Oct 2024 06:05 AM

আজি ২৭ অক্টোবৰ, দেওবাৰ । আজিৰ দিনটোত কেইবাটাও ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ক্ষেত্ৰতে ভাল ফলাফল আশা কৰিব পাৰে । লগতে পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব । জ্যোতিষ চৰ্চাৰ জৰিয়তে জ্যোতিষীসকলে ৰাশিৰ ওপৰত ভিত্তি কৰি মানুহৰ বিভিন্ন দিশত পূৰ্বানুমান আগবঢ়ায়। জ্যোতিষীৰ ভৱিষ্যদ্বাণীৰ অনুসৰি, আজিৰ দিনটোত কিছু ক্ষেত্ৰত সিদ্ধান্ত লওতে অলপ সাৱধান হ’ব । গতিকে ৰাশি ভিত্তিত আপোনাৰ আজিৰ দিনটো চাওক…।

মেষ ৰাশি -বিভিন্ন দিশত আপোনাৰ দায়িত্ব বাঢ়িব । শিশুৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে । খৰচ কৰাৰ ক্ষেত্ৰত সাৱধান হওক । আৱেগ আৰু এলাহ ত্যাগ কৰক । কিছু কাৰ্য সম্পাদন কৰা ক্ষেত্ৰত বাধা আহিব পাৰে । বিভিন্ন কামত ব্যস্ততা বাঢ়িব । প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে দিনটো শুভ । স্বাস্থ্যৰ যতন লওক । শিক্ষাৰ ক্ষেত্ৰৰ বাবে দিনটো শুভ যদিও ভাল ফলাফলৰ বাবে পৰিশ্ৰম কৰিব লাগিব । পৰীক্ষাৰ্থীয়ে নিজৰ ওপৰত বিশ্বাস ৰাখক ।

বৃষ ৰাশি –মানসিক শান্তিৰ বাবে পৰিয়ালক সময় দিয়ক । নতুন পৰিকল্পনাৰ যোগ । খং পৰিহাৰ কৰক আৰু ভগৱানক প্ৰাৰ্থনা কৰক । ব্যৱসায়িক কামত বাধা আহিব পাৰে। গতিকে ভাবি চিন্তি সিদ্ধান্ত লওক । স্বামী-স্ত্ৰীৰ মাজত মৰম চেনেহ বাঢ়িব । ভুল বুজাবুজিবোৰ সমাধান কৰাৰ চেষ্টা কৰক । স্বাস্থ্যৰ প্ৰতি যতন লওক । পৰীক্ষাৰ্থীৰ বাবে দিনটো শুভ ।

মিথুন ৰাশি – এক সুস্থ পৰিৱেশত সময় কটাব পাৰিব । পুৰণা বন্ধু-বান্ধৱীক লগ পাব । আৰ্থিক দিশত কিছু সাৱধানতা অৱলম্বন কৰক । ব্যৱসায়ীৰ বাবে দিনটো শুভ । প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। কামৰ লগতে স্বাস্থ্যৰ যত্নও লওক। পৰীক্ষাৰ্থীৰ বাবে দিনটো শুভ যদিও নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব ।

কৰ্কট ৰাশি- বাকী থকা ধন আদায় কৰিব পাৰিব । সময়মতে কামবোৰ সম্পাদন কৰিবলৈ চেষ্টা কৰিব । কাকো কোনো প্ৰতিশ্ৰুতি নিদিব । ভুল বুজাবুজিৰ বাবে বন্ধু বা আত্মীয়ৰ লগত সম্পৰ্ক নষ্ট নকৰিব । ব্যৱসায়ৰ বাবে দিনটো ভাল । ঘৰখনত শান্তিপূৰ্ণ পৰিবেশে বিৰাজ কৰিব । স্বাস্থ্য ভাল হ’ব। ৰোগীসকলে স্বাস্থ্য পৰীক্ষা কৰক ।

সিংহ ৰাশি -অভিজ্ঞ ব্যক্তিৰ সহায়ত সমস্যা সমাধান হ’ব। সামাজিক কামত ব্যস্ততা বাঢ়িব। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। খৰচ বাঢ়িব পাৰে । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগিব। পৰীক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ । বিত্তীয় সম্পৰ্কীয় কাম-কাজত সাৱধান হ’ব । পৰিয়ালত সহযোগিতামূলক মনোভাৱে সুখ, শান্তি আনিব। স্বাস্থ্য যত্ন লওক, ধ্যান কৰক ।

কন্যা ৰাশি – আজি দিনটোৰ সৰ্বাধিক সময় সামাজিক কাম-কাজত খৰচ হ’ব । সিদ্ধান্ত লোৱা আগত অলপ সময় চিন্তা কৰিব । কাজিয়াৰ পৰা আঁতৰি থাকক । বিনিয়োগ কৰাৰ আগতে সাৱধান হওক । ব্যৱসায়ত সহযোগিতা লাভ কৰিব । নতুন কাম হাতত ল’ব পাৰে । প্ৰেমত শুভ, আনৰ সমৰ্থন লাভ কৰিব । সুস্বাস্থ্যৰ বাবে খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক । পৰীক্ষাৰ্থীৰ বাবে দিনটো শুভ ।

তুলা ৰাশি – আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফলাফল আশা কৰিব পাৰে । নিজৰ সৃষ্টিৰাজিক ব্যৱহাৰ কৰক । সঠিক পৰিকল্পনা কৰিব পাৰিব । অৰ্থনৈতিক ক্ষেত্ৰত কিছু মধ্যমীয়া । পৰিকল্পনা কাৰ্যকৰী কৰাত খৰখেদা নকৰিব। কামৰ বোজা বাঢ়িব । পৰিয়ালত সম্প্ৰীতিৰ অভাৱ হ’ব পাৰে। সুস্বাস্থ্যৰ বাবে জিৰণি লোৱাটো জৰুৰী। পৰীক্ষাৰ্থীসকলক ভাগ্যই লগ দিব ।

বৃশ্চিক ৰাশি – সিদ্ধান্ত লওতে বিভ্ৰান্তি সৃষ্টি হ’ব পাৰে । পাৰিলে উপযুক্ত পৰামৰ্শ লোৱাৰ চেষ্টা কৰিব । বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে সময় কটাব। ভ্ৰমণৰ যোগ। কোনো কামত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। ব্যৱসায়ত থকা সমস্যা সমাধান হ’ব। পাৰিবাৰিক ক্ষেত্ৰত কিছু ভুল বুজাবুজি থাকিব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক । পৰীক্ষাৰ্থীৰ বাবে দিনটো শুভ ।

ধনু- মনৰ দৃঢ়তাই কোনো কামত সফল কৰি তুলিব। এই ৰাশিৰ জাতক জাতিকাসকলে ধনৰ আদান-প্ৰদানত সাৱধান হ’ব। এই সময়ত লোৱা যিকোনো বিশেষ সিদ্ধান্ত ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। ব্যক্তিগত কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। ব্যৱসায়িক সিদ্ধান্ত খৰখেদাকৈ নল’ব । কামৰ অগ্ৰগতিৰ সন্দৰ্ভত বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ’ব । বৈবাহিক সম্পৰ্কত চলি থকা ভুল বুজাবুজিৰ সমাধান হ’ব আৰু সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্যৰ সমস্যা থাকিব। মাজে মাজে জিৰণি লোৱাটো প্ৰয়োজন।

মকৰ ৰাশি – এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । জটিল কাম কৌশল আৰু বুজাবুজিৰে সম্পূৰ্ণ কৰিব পাৰিব। বন্ধুৰ সমৰ্থন পাব। বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰক। যুৱক-যুৱতীসকলক কোনো কামত সফল হ’বলৈ বহু প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব। ব্যৱসায়ে নতুন গতি লাভ কৰিব ।হিচাপ-নিকাচৰ বিষয়ত স্বচ্ছতা বজাই ৰাখক। স্বামী-স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব। সুস্বাস্থ্যৰ বাবে নিয়মিত যোগাসন আৰু ব্যায়াম কৰক।

কুম্ভ ৰাশি – এই ৰাশিৰ জাতক জাতিকাসকলে কাম সম্পাদন কৰাৰ ক্ষেত্ৰত উপযুক্ত সময় লাভ কৰিব । লক্ষ্যত উপনীত হোৱাৰ সুযোগ লাভ কৰিব। পৰিয়ালৰ বাবে দিনটো শুভ। ব্যৱসায়ীসকলে আনৰ প্ৰশংসা লাভ কৰিব । উৎপাদন ক্ষমতাও বৃদ্ধি পাব। আয় বাঢ়িব। স্বামী-স্ত্ৰীৰ পাৰস্পৰিক সহযোগিতামূলক আচৰণে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব। স্বাস্থ্য ভাল হ’ব।

মীন ৰাশি -এই ৰাশি জাতৰ জাতিকাসকলে যিকোনো ক্ষেত্ৰতে উপযুক্ত ফলাফল পাব পাৰে। সন্মান বাঢ়িব। খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰক আৰু যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য্য আৰু সংযম বজাই ৰাখক। অতিমাত্ৰা আত্মবিশ্বাস পৰিহাৰ কৰক। ব্যৱসায়িক কামৰ গতিৰ বাবে অৰ্থনৈতিক পৰিস্থিতিৰ কিছু উন্নতি হ’ব। সাহস নেহেৰুৱাব । পৰিয়ালক সময় দিয়ক । জিৰণিৰ প্ৰয়োজন হ’ব। পৰীক্ষাৰ্থীয়ে সফলতা আশা কৰিব পাৰে ।

Latest News