শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily horoscope: বৃহস্পতিবাৰৰ দিনটোত এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন! চাওক আজিৰ ৰাশিফল

Daily horoscope: হিন্দু ধৰ্মত ৰাশিফলৰ বিশেষ মহত্ব আছে। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে কিছু প্ৰত্যাহ্বানমূলক হোৱাৰ সম্ভাৱনা আছে।

Daily horoscope: বৃহস্পতিবাৰৰ দিনটোত এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন! চাওক আজিৰ ৰাশিফল
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 27 Feb 2025 06:00 AM

আজি ২৭ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ। জ্যেতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা।  আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে। আপোনাৰ দিনটো কেনে যাব ?  তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

 

মেঘ ৰাশিঃ আজিৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। বাহন চলোৱাৰ সময়ত সাৱধান হ’ব। আৰ্থিকস্থিতি মজবুত কৰাৰ বাবে চেষ্টা কৰিব। ব্যৱসায়ৰ ফলত কোনো বন্ধুৰ পৰা ভাল পৰামৰ্শ লাভ কৰিব। পৰিয়ালত কাৰোবাৰ বেমাৰ হ’ব পাৰে। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো ডাঙৰ লক্ষ্যৰ পিনে আগবাঢ়িব পাৰে। ব্যস্ততা থাকিব। কিন্তু আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ’ব। প্ৰেমত শুভ। সংগীয়ে আপোনাৰ কামত সহায় কৰিব। বৈবাহিক জীৱন সুখকৰ হ’ব। পৰিয়ালে কোনো ডাঙৰ দায়িত্ব দিব পাৰে। ধনৰ লেনদেনত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আজি আপুনি কিছু সাৱধানে চলিব। আনৰ বিবাদৰ পৰা আঁতৰি থাকিব। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। প্ৰেমত ভাল বেয়াৰ মাজেৰে আগবাঢ়িব। নতুন কাম কৰাৰ চেষ্টা কৰিব। নতুন কামত আপোনাৰ মনলৈ শান্তি আনিব। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ। অন্যথা সমস্যা আহিব পাৰে।

কৰ্কট ৰাশিঃ আজি আপোনাৰ আয়ৰ নতুন বাট মুকলি হ’ব। ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে। পৰিয়ালৰ কাৰোবাৰ বিবাহ ঠিক হ’ব পাৰে। আনৰ কামত বেছি হস্তক্ষেপ নকৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত অধিক খৰচ হোৱাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে ভাল সময় কটাব। ধাৰ্মিক কামত জড়িত হ’ব পাৰে।

সিংহ ৰাশিঃ সামাজিক কামত জড়িত কৰা লোকসকলে কিছু সমস্যাত থাকিব পাৰে। সন্তানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। আনক বিশ্বাস নকৰিব। আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আইনৰ লগত জড়িত কোনো সমস্যা আছে যদি সেয়া দূৰ হ’ব। ৰৈ থকা চৰকাৰী কাম পূৰ হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব।

কন্যা ৰাশিঃ আনক কথা কোৱাৰ আগত চিন্তা কৰিব। প্ৰেমত শুভ। সংগীৰ সৈতে কোনো ঠাইত ভ্ৰমণত যাব পাৰে। দিনটো আনন্দৰ হ’ব। বিপৰীত স্থিতিত ধৈৰ্য ধৰি চলিব। বিদেশত অধ্যয়ন কৰিব বিচৰাসকলৰ বাবে দিনটো ভাল। চাকৰি আৰু ব্যৱসায়ৰ সৈতে জড়িত সকলৰ বাবে দিনটো ভাল। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। বন্ধুই আপোনাৰ কৰ্মত সম্পূৰ্ণ সংগ দিব। দিনটো ব্যস্ত থাকিব। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। ধনৰ লেনদেনৰ সময়ত গুৰুত্ব দিব। পৰিয়ালৰ সদস্যৰ সৈতে কোনো কামত ব্যস্ত থাকিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ঘৰ, গাড়ী বা সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে। চকুৰ সমস্যাত ভুগিব পাৰে।চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব। পিতৃৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। ঘৰৰ কামত গুৰুত্ব দিব। প্ৰেমত শুভ।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। ব্যৱসায়ত কোনো ডাঙৰ ভাল খবৰ লাভ কৰিব পাৰে। আয়ৰ নতুন বাট মুকলি হ’ব পাৰে। ধন খৰচৰ পৰিমাণ অধিক হ’ব। ধনৰ কিছু সমস্যাই দেখা দিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। শত্ৰুৰ পৰা সাৱধানে থাকিব। কোনো ভাল খবৰ লাভ কৰিব।

মকৰ ৰাশিঃ আদিৰ দিনটোত আপুনি কিছু সমস্যাত পৰিব পাৰে। অৱশ্যে সমাজত সন্মান লাভৰ সম্ভাৱনা আছে । ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। আনৰ কথাত বিশ্বাস নকৰিব। চাকৰি কৰা সকলে কামত গুৰুত্ব দিয়া দৰকাৰ। চৰকাৰী আঁচনিৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশিঃ আইনী কাম কৰা লোকসকলৰ বাবে আজিৰ দিনটো ভাল। পৰিয়ালৰ সৈতে ভাল সময় কটাব। ধন লাভৰ সম্ভাৱনা আছে। কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা আছে। আনক কথা কোৱাৰ আগত চিন্তা কৰিব। মান সন্মান লাভৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত গুৰুত্ব দিব। জ্যেষ্ঠজনে কোনো কথাত বেয়া পাব পাৰে।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ঘৰ, বাহন বা অন্য সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে। প্ৰেমত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনৰ কথাত বেছি গুৰুত্ব নিদিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। পিতৃ-মাতৃয়ে কোনো দায়িত্ব দিব পাৰে। ব্যৱসায়ক লৈ কোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে। খৰচৰ ওপৰত গুৰুত্ব দিব।