Horoscope today: বছৰৰ অন্তিমটো দেওবাৰ সুখকৰ হ’বনে আপোনাৰ বাবে? চাওক ৰাশিফল
আজি এই বৰ্ষৰ অন্তিমটো দেওবাৰ। এই দিনটোত আপুনি কেনে পৰিস্থিতি তথা ক্ষণৰ সন্মুখীন হ’ব পাৰে, সেই সম্পৰ্কে জ্যোতিষীসকলে ৰাশি অনুযায়ী দিনটোৰ ৰাশিফল আগবঢ়াইছে। এই ৰাশিফল অনুযায়ী বছৰৰ অন্তিমটো দেওবাৰ আপোনাৰ বাবে কিদৰে যাব, চাওঁ আহক।
চাওঁতে চাওঁতে চলিত বৰ্ষটি প্ৰায় বিদায় ক্ষণত উপনীত হৈছে। মাজত আৰু মাত্ৰ দুটা দিন, তাৰ পিছতে এই বৰ্ষটিক বিদায় দি সমগ্ৰ বিশ্বই এটা নতুন বছৰক আদৰিব। বিদায়ী এই বৰ্ষটোৱে স্বাভাৱিকতেই আপোনাৰ জীৱনলৈ কিছু সুখকৰ আৰু হয়তো কিছু দুখৰ ক্ষণো কঢ়িয়াই আনিছিল। আজি এই বৰ্ষৰ অন্তিমটো দেওবাৰ। এই দিনটোত আপুনি কেনে পৰিস্থিতি তথা ক্ষণৰ সন্মুখীন হ’ব পাৰে, সেই সম্পৰ্কে জ্যোতিষীসকলে ৰাশি অনুযায়ী দিনটোৰ ৰাশিফল আগবঢ়াইছে। এই ৰাশিফল অনুযায়ী বছৰৰ অন্তিমটো দেওবাৰ আপোনাৰ বাবে কিদৰে যাব, চাওঁ আহক-
মেষ ৰাশিৰ ৰাশিফল
মেষ ৰাশিৰ লোকসকলে আজি ভ্ৰমণলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বাবে আপুনি সুখ অনুভৱ কৰিব। অৱশ্যে আবেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। পূৰ্বৰে পৰা কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলে যদি আন কোনো কামৰ সন্ধান চলাই আছিল, তেওঁলোকে পাৰ্ট টাইম কামৰ সন্ধান চলালে সুফল পাব পাৰে।
বৃষ ৰাশিৰ ৰাশিফল
কৰ্মসংস্থাপনৰ সন্ধান চলাই থকা লোকসকলে হয়তো আজি কোনো ভাল খবৰ শুনিবলৈ পাব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। মাটি, বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিছে যদি, আজি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। নতুন অতিথিৰ আগমনত পৰিয়ালত সুখ বিৰাজিত হ’ব। পাৰিবাৰিক বিষয়ত ভালদৰে মনোযোগ দিয়া উচিত হ’ব।
মিথুন ৰাশিৰ ৰাশিফল
পাৰিবাৰিক দিশত শুভ। ভাতৃ-ভগ্নীৰ পৰা সহায় লাভ কৰিব। যিকোনো সম্পত্তি ক্ৰয় কৰাৰ বাবে বিত্তীয় সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছিল যদি ভাতৃ-ভগ্নীয়ে এই সমস্যা দূৰ কৰিব। বৈবাহিক জীৱন সুখকৰ হ’ব। পত্নীৰ পৰা আপুনি যথেষ্ট সমৰ্থন পাব। ব্যৱসায়ত কোনো পৰিকল্পনাৰ বাবে কিছু লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
কৰ্কট ৰাশিৰ ৰাশিফল
দীৰ্ঘদিনীয়া পৰিকল্পনাই গতি লাভ কৰিব। কৰ্মক্ষেত্ৰত যদি কোনো সমস্যাৰ সন্মুখীন হৈছিল, সেই সমস্যা বহু পৰিমাণে সমাধান হ’ব। হঠাৎ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনাৰ অসুবিধাৰ সৃষ্টি হ’ব। চাকৰি সলনি কৰাৰ কথা ভাবি আছিল যদি আজি আপুনি এক ভাল সুযোগ লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
সিংহ ৰাশিৰ ৰাশিফল
কামৰ ক্ষেত্ৰত এলাহ ত্যাগ কৰি আগবাঢ়ি যাব লাগিব। দীৰ্ঘদিন ধৰি বাকী থকা কোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। নতুন কাম আৰম্ভ কৰিব বিচৰা সকলৰ বাবে দিনটো ভাল হব। সন্তানৰ আচৰণে চিন্তিত কৰিব। এই ৰাশিৰ লোকসকলে হয়তো মানসিকভাৱে আজি কিছু চাপ অনুভৱ কৰিব। যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থকা উচিত হ’ব।
কন্যা ৰাশিৰ ৰাশিফল
পাৰিবাৰিক বিষয়ত কোনো অচিনাকি মানুহক বিশ্বাস নকৰিব আৰু কোনো গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ নকৰিব। যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থকা উচিত হ’ব। চৰকাৰী চাকৰিত কৰ্মৰত লোকে পদোন্নতি লাভ কৰিব পাৰে। কোনো আইনী বিষয়ৰ চিন্তা আছিল যদি আজি এই বিষয়ৰ সমাধান হ’ব।
তুলা ৰাশিৰ ৰাশিফল
ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত কটোৱাৰ সুযোগ পাব। চৌপাশৰ পৰিৱেশ সুখদায়ক হ’ব। ধৰ্মীয় যাত্ৰাৰ অংশ হোৱাৰ সম্ভাৱনা আছে। নতুন কোনো অহিত চিন্তকৰ জন্ম হ’ব পাৰে, এনে লোকসকলক আওকাণ কৰক। সামাজিক ক্ষেত্ৰত কাম কৰা লোকৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। কোনো কাম সম্পূৰ্ণ নোহোৱাৰ বাবে চিন্তিত হ’ব পাৰে।
বৃশ্চিক ৰাশিৰ ৰাশিফল
পৰিয়ালৰ কোনো সদস্যৰ বিবাহত বাধা আছিল যদি সেই বাধা দূৰ হ’ব। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। ব্যৱসায়ত নতুন কোনো চুক্তি কৰাৰ সুযোগ লাভ কৰিব। পৰিয়াল-পত্নীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। পাৰিবাৰিক সম্পৰ্কবোৰ অধিক মধুৰ হ’ব। শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব।
ধনু ৰাশিৰ ৰাশিফল
ব্যৱসায়িক কাৰণত মানসিকভাৱে কিছু চিন্তিত হ’ব পাৰে। পৰিয়ালৰ সদস্য, বিশেষকৈ পত্নীৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো চিন্তা আছিল যদি সেই চিন্তা দূৰ হ’ব। পিতৃ-মাতৃৰ আশীৰ্বাদত যিকোনো অসম্পূৰ্ণ কাম আজি সম্পন্ন হ’ব। নতুন কোনো কাম হাতত লোৱাৰ পৰা বিৰত থকাই উচিত হ’ব। খৰখেদাকৈ যিকোনো সিদ্ধান্ত ল’লে সমস্যাত পৰিব।
মকৰ ৰাশিৰ ৰাশিফল
এই ৰাশিৰ লোকসকলে আজি বাহন চলাওঁতে সাৱধান হ’ব। কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। পৰিয়ালত কিছু বিভেদ আহিব পাৰে। অৱশ্যে পত্নীৰ সৈতে মনোমিলন্য দূৰ হ’ব। মাতৃৰ উপদেশ গ্ৰহণ কৰিলে উপকৃত হ’ব। নতুন কোনো সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল যদি সেই পৰিকল্পনা পূৰণ হ’ব।
কুম্ভ ৰাশিৰ ৰাশিফল
বিশেষ কোনো লোকৰ সাক্ষাৎ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত বৰমূৰীয়াৰ পৰা সহায় লাভ কৰিব। পদোন্নতিৰো সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ ক্ষেত্ৰত বাধা আহি পৰে আৰু ইয়াক লৈ চিন্তিত হ’ব। মাতৃৰ স্বাস্থ্যজনিত কোনো সমস্যা হ’ব পাৰে, তেনে পৰিস্থিতিত ভাল চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত হ’ব।
মীন ৰাশিৰ ৰাশিফল
পিতৃ-মাতৃৰ আশীৰ্বাদত আৰ্থিক সমস্যাৰ পৰা সকাহ পাব। অসম্পূৰ্ণ কাম সম্পন্ন হ’ব। নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। শ্বেয়াৰ বজাৰত কৰা পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জীৱন সংগীৰ পৰামৰ্শ পৰিয়ালৰ ব্যৱসায়ৰ ক্ষেত্ৰত সঠিক প্ৰমাণিত হ’ব। অগ্ৰগতিৰ বাটত অহা বাধা দূৰ হ’ব। যিকোনো বিবাদৰ পৰা আঁতৰি থাকিব। বাহন চলোৱাৰ সময়ত সাৱধান হ’ব।