Today’s horoscope: সোমবাৰৰ দিনটোত এইসকল ৰাশিৰ হ’ব উন্নতি, পাব চাকৰি! চাওক আজিৰ ৰাশিফল…
Daily horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। গ্ৰহ, নক্ষত্ৰ আদিৰ অৱস্থাৰ ভিত্তিত এই ৰাশিফল নিৰ্ধাৰণ কৰা হয়। আজিৰ দিনটো কিছুমানৰ চাকৰিত পদোন্নতিৰ যোগ আছে।
আজি ৩ ফেব্ৰুৱাৰী, সোমবাৰ। আজিৰ দিনটোত মেঘ ৰাশিকে ধৰি একাংশ ৰাশিৰ জাতক-জাতিকাই ভাল খবৰ লাভ কৰিব। ইয়াৰোপৰি কিছুমানে আজি বাহন চলোৱাৰ পৰা আঁতৰি থকা ভাল। চাওক আজিৰ ৰাশিফল-
মেঘ ৰাশিঃ চাকৰি কৰা সকলৰ বাবে দিনটো ভাল। সতীৰ্থই কামত সহায় কৰিব। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ নোহোৱাৰ বাবে মানসিক অশান্তি পাব। ব্যৱসায়ত নিৱেশ কৰাৰ আগত চিন্তা কৰক। আশে-পাশে থকাসকলৰ পৰা সাৱধানে থাকিব। কোনোৱে আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
বৃষ ৰাশিঃআজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা। সিদ্ধান্ত লোৱাৰ আগত চিন্তা কৰিব। খাদ্যত গুৰুত্ব দিব। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাই দেখা দিব পাৰে। শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ যোগ আছে। আৱেগ এৰাই চলিব। প্ৰেমত শুভ। সংগীৰ সৈতে ভাল সময় কটাব।
মিথুন ৰাশিঃ আজিৰ দিনটো আপুনি কিছু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। চাকৰিত সমস্যা আহিব পাৰে। পুৰণি বন্ধুয়ে সমস্যা বৃদ্ধি কৰিব পাৰে। সন্তানৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। আনক কথা কোৱাৰ আগতে ভাবিব, আনে বেয়া পাব পাৰে।
কৰ্কট ৰাশিঃ আপোনাৰ বাবে দিনটো প্ৰত্যাহ্বানমূলক হোৱাৰ সম্ভাৱনা । কৰ্মক্ষেত্ৰত কোনো সমস্যা আহিব পাৰে। পাৰিবাৰিক সমস্যা আহিব পাৰে। প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি। কাম সময়ত পূৰণ কৰাৰ চেষ্টা কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। কোনো কথাত ভুল আঁতৰিব পাৰে।
সিংহ ৰাশিঃ আপোনাৰ বাবে দিনটো ভালে যাব। চাকিৰৰ ক্ষেত্ৰত ভাল। কোনো নতুন দায়িত্ব লাভ কৰিব পাৰে। ধৈৰ্য ধৰি কাম কৰিব। ভ্ৰমণৰ যোগ আছে। যদি কিবা কথাই সমস্যা কৰি আছে তেন্তে সেয়া দূৰ হোৱাৰ সম্ভাৱনা। কোনো ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমত শুভ। পৰিয়ালৰ সৈতে ভাল সময় কটাব।
কন্যা ৰাশিঃ আপোনাৰ বাবে দিনটো প্ৰত্যাহ্বানমূলক হোৱাৰ সম্ভাৱনা । অৱশ্যে সমাজত সন্মান বৃদ্ধিৰ যোগ আছে। কষ্টৰ ফল লাভ কৰিব। পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে। সাৱধানে সমস্যা আঁতৰ কৰাৰ চেষ্টা কৰিব। সুযোগ পালে আনক সহায় কৰিব। আইনী বিবাদ আছে যদি, পৰিণাম আপোনাৰ পক্ষলৈ আহিব।
তুলা ৰাশিঃ আজি আপুনি নেতৃত্ব কৰাৰ সুযোগ পাব। আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা। কাম সহজে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। দিনটো আনন্দময় হ’ব। শাৰীৰিক সমস্যা দূৰ হ’ব। পদ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। পৰিয়ালৰ সৈতে ভাল। নতুন কামৰ আৰম্ভণি কৰিলে ভাল ফল লাভ কৰিব।
বৃশ্চিক ৰাশিঃ আজি প্ৰয়োজনীয় কোনো কাম সম্পূৰ্ণ হ’ব। পুৰণি ভুলে আপোনাক সমস্যা দিব পাৰে। লটাৰীৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত সমস্যা দূৰ হোৱাৰ সম্ভাৱনা। বাহন চলোৱাৰ সময়ত সাৱধান হ’ব। কোনো কথাক লৈ মানসিকভাৱে চিন্তিত হ’ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল।
ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। নতুন কাম কৰাৰ সুযোগ লাভ কৰিব। কামক লৈ পৰিকল্পনা কৰি চলা ভাল। পাৰিবাৰিক দিশটো ভাল। উন্নতিৰ পিনে গতি কৰিব। আনক ধন ধাৰলৈ নিদিব। স্বাস্থ্য গুৰুত্ব দিব। ভৱিষ্যতক লৈ পৰিকল্পনা কৰা দৰকাৰ । প্ৰেমত শুভ।
মকৰ ৰাশিঃ আজিৰ দিনটো আপুনি খৰচৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। অৱশ্যে আয়ৰ বিকল্প বৃদ্ধি হ’ব। ইয়াকে লৈ আপুনি সুখী হ’ব। স্বাস্থ্যৰ লগত জড়িত সমস্যা দূৰ হ’ব। আলহী আহিব পাৰে। ঘৰত কোনো মাংগলিক আনুষ্ঠানৰ আয়োজন হ’ব পাৰে। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা। কাম সম্পূৰ্ণ হ’ব।
কুম্ভ ৰাশিঃ কামত গুৰুত্ব দিব। পৰিয়ালৰ সৈতে কোনো কথাত মতানৈক্য হ’ব পাৰে । কামত অধিক হেঁচা থাকিব। দিনটো ব্যস্ত থাকিব। ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব। বাহন চলাওতে সাৱধান হ’ব। প্ৰেমত ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। আপোনজনৰ সৈতে সময় কটাব।
মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ভ্ৰমণৰ যোগ আছে। সন্তানৰ পৰা কোনো ভাল ফল লাভ কৰিব পাৰে। পুৰস্কাৰ লাভৰ সম্ভাৱনা। ইয়াৰ বাবে আপুনি সুখী হ’ব। কামত আনৰ সহায় পাব। শাৰীৰিক কষ্ট দূৰ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত ভাল। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল।