Today’s rashifal: মঙলবাৰৰ দিনটোত এইসকলে লাভ কৰিব চাকৰিৰ অফাৰ! চাওক আজিৰ ৰাশিফল…

Daily horoscope: আজিৰ দিনটো কিছুমানৰ বাবে ভাল। জ্যোতিশ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা আৰু প্ৰতিটো ৰাশিৰে বেলেগ বেলেগ যোগ থাকে।

Todays rashifal: মঙলবাৰৰ দিনটোত এইসকলে লাভ কৰিব চাকৰিৰ অফাৰ! চাওক আজিৰ ৰাশিফল...

আজিৰ দিনটোৰ ৰাশিফল

Published: 

04 Feb 2025 06:00 AM

আজি ৪ ফেব্ৰুৱাৰী, মঙলবাৰ। জ্যেতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল নিৰ্ধাৰণ কৰা হয়। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানেৰে ভৰা হ’ব। আপোনাৰ দিনটো কেনে যাব, চাওক আজিৰ ৰাশিফল-

মেঘ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধি পাব। চৰকাৰী কামত সুফল লাভ কৰিব আৰু মনোবল বৃদ্ধি হ’ব। সামাজিক কামত জড়িত হোৱাৰ সম্ভাৱনা। নতুন বন্ধু লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত কোনো সমস্যা আহিব পাৰে যাৰ বাবে কিছু অশান্তিত থাকিব পাৰে। দিনটো ব্যস্ততা থাকিব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজিৰ দিনটো আনন্দময় হ’ব। ধন অধিক খৰচ হোৱাৰ সম্ভাৱনা আছে। খৰচত গুৰুত্ব দিব। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা। সংগীৰ সৈতে ভাল সময় কটাব। কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা। আয়ৰ নতুন বিকল্প আহিব। মনৰ ইচ্ছা পূৰণ হ’ব। আনৰ ওপৰত বিশ্বাস নকৰিব। প্ৰেমত শুভ।

মিথুন ৰাশিঃ আজি আপোনাৰ আয়ৰ উৎস বাঢ়িব। খৰচ অধিক হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে। চৰকাৰী ক্ষেত্ৰত ভাল ফল লাভ কৰিব। সংগীক লগ পাব পাৰে। ব্যৱসায়ত সিদ্ধান্ত লোৱাৰ সময়ত চিন্তা কৰিব। জ্যেষ্ঠজনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত নহ’ব। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল।স্বাস্থ্য ভালে যাব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। জ্যেষ্ঠজনৰ সহায় লাভ কৰিব। কোনো অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে। সুখ-সুবিধা বৃদ্ধি হ’ব। কোনো ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ বাবে সময় উলিয়াব। কোনো ঘনিষ্ঠই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ঘৰলৈ কোনো আলহীৰ আগমন ঘটিব পাৰে।

সিংহ ৰাশিঃ আজিৰ দিনটো আপুনি কিছু ব্যস্ত থাকিব। সামাজিক কামত অংশ গ্ৰহণ কৰিব পাৰে। দায়িত্ব বৃদ্ধি হ’ব পাৰে। ঘনিষ্ঠৰ কোনো কথাই মনত আঘাত দিব পাৰে। সংগীৰ সৈতে ভ্ৰমণত যাব পাৰে। কামত আৰম্ভ কৰাৰ আগত পৰিকল্পনা কৰা দৰকাৰ। স্বাস্থ্যত গুৰুত্ব দিব। আনক লগে লগে বিশ্বাসত নল’ব।

কন্যা ৰাশিঃ আজিৰ দিনটো ভালে যাব। পাবলগীয়া ধন ঘূৰাই পাব। ব্যৱসায়ৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। সুখ- সমৃদ্ধি বৃদ্ধি পাব। জ্যেষ্ঠজনৰ সহায় লাভ কৰিব। মাংগলিক কাৰ্যত জড়িত হব পাৰে। বিদ্যাৰ্থীসকলে শিক্ষাত গুৰুত্ব দিয়া দৰকাৰ। শত্ৰুৰ পৰা সাৱধানে থাকিব। প্ৰেমত শুভ। সংগীৰ সৈতে সময় কটাব।

তুলা ৰাশিঃ আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে ভাল। অৱশ্যে সাৱধানে থাকিব। জ্যেষ্ঠজনৰ কথা মানি আগবাঢ়িব। আয়ৰ নতুন বিকল্প আহিব। ইয়াক লৈ আপুনি দিনটো সুখী থাকিব। ভ্ৰমণৰ সম্ভাৱনা আছে। কোনো পুৰণি বন্ধুক লগ পাব পাৰে। প্ৰেমত শুভ। সংগীক লগ পাব পাৰে। পৰিয়ালৰ সৈতে সময় কটাব।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণভাৱে পাৰ হ’ব। কোনো কথাত নিৰাশ হ’ব পাৰে। ধাৰ্মিক কামত জড়িত হোৱাৰ সম্ভাৱনা। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। যদি কাৰোবাৰ পৰা টকা ধাৰলৈ দিছিল উভতাই দিয়াৰ চেষ্টা কৰিব। দিনটো ব্যস্ত থাকিব। কোনো সমস্যা আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপুনি পিতৃ-মাতৃৰ বাবে সময় উলিয়াব। ব্যৱসায়ত ভাল। কিছু ঋণৰ বাবে অলপ চিন্তাত থাকিব। সংগীৰ সৈতে সময় কটাব। অতিমাত্ৰা খৰচ হ’ব পাৰে। হঠাতে কোনো ভ্ৰমণত যোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ দিনটো ভালে যাব।

মকৰ ৰাশিঃ আজিৰ দিনটো আপুনি ব্যস্ত থাকিব। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা। চাকৰিৰ বাবে ঘৰৰ পৰা দূৰ যাবলগীয়া হ’ব পাৰে। যদি ঋণ বিচাৰে কাৰোবাৰ পৰা সহজে লাভ কৰিব। পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব। কিন্তু ফল পাবলৈ কিছু অপেক্ষা কৰিব লাগিব। পৰিয়ালৰ কাৰোবাৰ বিয়া ঠিক হ’ব পাৰে।

কুম্ভ ৰাশিঃ আজি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল হ’ব। সংগীৰ সৈতে ভাল সময় কটাব। ভ্ৰমণৰ সম্ভাৱনা আছে। মহিলাৰ পৰা সাৱধান। যদি কিবা সমস্যা চলি আছে তেন্তে সেয়া দূৰ হ’ব। নতুন চাকৰি লাভৰ সম্ভাৱনা। ভ্ৰমণৰ সময়ত ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। কোনোৱে প্ৰশংসা কৰিব।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ভাগ্যই লগ দিব। ব্যৱসায়ত লাভ হ’ব। আয়ৰ বিকল্প বাঢ়িব। বৈবাহিক জীৱনত কোনো সমস্যা আহিব পাৰে। সন্তানক লৈ চিন্তিত থাকিব পাৰে। কোনোৱে আপোনাক ধনেৰে সহায় কৰিব পাৰে। প্ৰেমত শুভ। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে