শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily horoscope: কাৰ হ’ব আৰ্থিক উন্নতি, কোনে পাব ভাল খবৰ! চাওক আজিৰ ৰাশিফল…

Daily horoscope: জ্যোতিশ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। ধৰ্মীয়া বিশ্বাস তথা মান্যতা অনুসৰি প্ৰতিটো দিনত প্ৰতিটো ৰাশিৰ বিশেষ যোগ থাকে।

Daily horoscope: কাৰ হ’ব আৰ্থিক উন্নতি, কোনে পাব ভাল খবৰ! চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 04 Mar 2025 06:00 AM

আজি ৪ মাৰ্চ, মঙলবাৰ। আজিৰ দিনটোত কিছুমানৰ চাকৰি লাভৰ যোগ আছে, ইয়াৰোপৰি কিছুমানে আজি আৰ্থিক সমস্যাৰ সন্মুখীন  হ’ব পাৰে। আজিৰ দিনটো আপোনাৰ কেনে যাব। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ ভাবি চিন্তি কাম কৰিলে ভাল ফল লাভ কৰিব। বিদেশ যাত্ৰা স্থগিত ৰখা ভাল। সামৰ্থতকৈ বেছি ঋণ নল’ব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। ব্যাৱসায়ত আনৰ উপদেশ লোৱাৰ আগতে চিন্তা কৰিব। চাকৰিৰ ক্ষেত্ৰত কোনো সমস্যাই দেখা দিব পাৰে। বৈবাহিক দিশটোত কিছু সমস্যা আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো ভাল খবৰ লাভ কৰিব পাৰে যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। জ্যেষ্ঠজনৰ উপদেশ মানি চলিব। খৰচৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়িক ক্ষেত্ৰখনত আজিৰ দিনটো ভাল। হাতলৈ ধন আহিব পাৰে। পৰিকল্পনা আনৰ আগত শ্বেয়াৰ নকৰিব। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। স্বাস্থ্যজনিত সৰু সুৰা সমস্যাই দেখা দিব পাৰে।

মিথুন ৰাশিঃ আজি আপুনি কোনো সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। সম্পত্তি সম্পৰ্কীয় কোনো কামৰ বাবে ব্যস্ত থাকিব পাৰে। কোনো বন্ধুৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। খৰচৰ ওপৰত গুৰুত্ব দিব।ব্যৱসায়িক দিশটোত ভাল। সহযোগীৰ সমৰ্থন লাভ কৰিব। পৰিয়ালত শান্তিৰ পৰিৱেশ থাকিব। স্বাস্থ্য ভালে যাব।

কৰ্কট ৰাশিঃ দীৰ্ঘদিন ধৰি কৰিব বিচৰা কাম সম্পূৰ্ণ হ’ব। ৰাজনীতিৰ লগত জড়িত সকলে কোনো ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। কোনো বিষয়ক লৈ চিন্তিত হ’ব পাৰে। আনৰ কথাত বিশ্বাস নকৰিব। ব্যৱসায় সাধাৰণ ভাৱে চলিব। লেনদেন আজিৰ দিনটোত স্থগিত ৰখা ভাল। কোনো বন্ধুক লগ পাব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। স্বাস্থ্য ভাল।

সিংহ ৰাশিঃ দিনটো কিছু প্ৰত্যাহ্বানমূলক হ’ব পাৰে। খঙৰ বাবে কোনো ডাঙৰ কাম হাতৰ পৰা যাব পাৰে। সেয়ে শান্তভাৱে থকাৰ চেষ্টা কৰক। ব্যৱসায়িক ক্ষেত্ৰখনত গুৰুত্ব দিয়ক। চাকৰি কৰাসকলে সহযোগীৰ পৰামৰ্শ গ্ৰহণ কৰিব। চাকৰি কৰা সকলে ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমত শুভ। অৱশ্যে কোনো কথাই মনত অশান্তি দিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

কন্যা ৰাশিঃ ব্যক্তিগত আৰু কৰ্মজীৱনত ভাৰাসাম্য বজাই ৰখাৰ চেষ্টা কৰক। ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে জ্যেষ্ঠজনৰ উপদেশ গ্ৰহণ কৰিব। অচিনাকীলোকৰ ওপৰত বিশ্বাস নকৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত কোনো সমস্যা আহিব পাৰে। চাকৰি কৰা সকলক জ্যেষ্ঠজনে প্ৰশংসা কৰিব পাৰে। সামাজিক জীৱনত উ্ন্নতি হ’ব। পৰিয়ালৰ সৈতে সময় কটাব। স্বাস্থ্য ভাল।

তুলা ৰাশিঃ বিদেশ যাব বিচৰাসকলে কোনো ভাল খবৰ লাভ কৰিব। যুৱসকলে সফলতা লাভ কৰিব। ধৰ্মীয় স্থানত যাত্ৰা কৰিব পাৰে। ব্যক্তিগত কথা আনৰ আগত শ্বেয়াৰ নকৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত কোনো সফলতা লাভ কৰিব। চাকৰি লাভৰ সম্ভাৱনা। ভ্ৰমণৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত কিছু সমস্যাই দেখা দিব পাৰে। প্ৰেমত সমস্যা আহিব পাৰে।

বৃশ্চিক ৰাশিঃ নকৰাত্মক স্থিতিত ভালদৰে সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। কোনো কথাক লৈ মানসিক অশান্তি পাব পাৰে। ব্যৱসায়িক দৃষ্টিকোনৰ পৰা দিনটো সামান্য থাকিব। চাকৰি কৰা সকলে দিনটো সাৱধানে থাকিব। কোনো সমস্যা হ’ব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক হ’ব। প্ৰেমত কিছু সমস্যা আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো কাম সম্পূৰ্ণ হ’ব। ধৰ্মীয় দিশত মনোযোগ বাঢ়িব। নিজৰ ওপৰত বিশ্বাস ৰাখি কামত আগবাঢ়িব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। চাকৰি কৰাসকলৰ বাবে দিনটো ভাল। কোনো ভাল খবৰ লাভ কৰিব পাৰে। বন্ধুৰ সৈতে কোনো ঠাইলৈ ফুৰিব যাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মকৰ ৰাশিঃ আজি আপুনি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। কোনো অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে। কোনো ভাল খবৰ লাভ কৰিব। খং পৰিহাৰ কৰক। আনৰ উপদেশ লোৱাৰ আগত চিন্তা কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো সাধাৰণভাৱে যাব। চাকৰি কৰাসকল দিনটো ব্যস্ত থাকিব। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বাল। কোনো ভাল সম্পৰ্ৰ গঢ়়িব পাৰে। আনৰ সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কোনো সম্পদ ক্ৰয় কৰিব পাৰে। ব্য়ৱসায়ীসকলে সফলতা লাভ কৰিব। আনৰ পৰা ঋণ লোৱাৰ পৰা বিৰত থাকক। চাকৰি ক্ষেত্ৰত সফলতা লাভ কৰিব। প্ৰেমত শুভ। স্বাস্থ্যজনিত কিছু সমস্যাই দেখা দিব পাৰে।

মীন ৰাশিঃ আজি কোনো নতুন কামৰ আৰম্ভ কৰিব পাৰে। পৰিয়ালে সহায় কৰিব। কোনো কথাক লৈ আনৰ সৈতে কাজিয়া লাগিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে, এই সময়ত সাৱধানে চলিব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। চাকৰি কৰাসকলৰ বাবেও দিনটো ভাল- বেয়াৰ মাজেৰে পাৰ হ’ব। স্বাস্থ্য ভালে যাব।