Daily horoscope:আজিৰ দিনটোৰ ৰাশিফল, সিংহকে ধৰি এই ৰাশিৰ আছে ভাল যোগ!
Daily horoscope: জ্যেতিষ শাস্ত্ৰ অনুসৰি, ৰাশি ১২ টা আৰু প্ৰতিটো দিনত প্ৰতিটো ৰাশিৰ গ্ৰহৰ অৱস্থান বেলেগ হয়। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ভৱিষ্যত নিৰ্ধাৰণ কৰা হয়। জ্যোতিষ শাস্ত্ৰই আগবঢ়োৱা আজিৰ ৰাশিফল আগবঢ়োৱা হ'ল-
আজি ৪ নৱেম্বৰ, সোমবাৰ। জ্যেতিষ শাস্ত্ৰ অনুসৰি, ৰাশি ১২ টা আৰু প্ৰতিটো দিনত প্ৰতিটো ৰাশিৰ গ্ৰহৰ অৱস্থান বেলেগ হয়। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ভৱিষ্যত নিৰ্ধাৰণ কৰা হয়। জ্যোতিষ শাস্ত্ৰই আগবঢ়োৱা আজিৰ ৰাশিফল সমূহ-
মেঘ ৰাশিঃ আজি আপোনাৰ দিনটো সুখেৰে পাৰ হ’ব। নতুন কামৰ আৰম্ভ কৰিব পাৰে। ঘৰত শুভ অনুষ্ঠান থাকিব পাৰে। কাৰোবাৰ বিবাহত বাধা থাকিলে দূৰ হ’ব।ঋণ পৰিশোধ কৰাত বহু পৰিমাণে সফল হ’ব।অফিচৰ সহকৰ্মীৰ পৰা সহায় পাব।
বৃষ ৰাশিঃ অলাগতিয়াল বিবাদৰ পৰা আঁতৰি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা হতাশাজনক খবৰ লাভ কৰিব পাৰে। সম্পত্তিক লৈ বিবাদ হোৱাৰ সম্ভাৱনা আছে। খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সকলো কাম ভাবি চিন্তি কৰিব। দিনটো ভালদৰে থাকিব।
মিথুন ৰাশিঃ আজিৰ দিনটোত কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। চকুৰ সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অতীতৰ ভুলৰ পৰা শিক্ষা লব। মনত কিছু বিভ্ৰান্তিৰ সৃষ্টি হ’ব। পুৰণি ৰোগ হোৱাৰ সম্ভাৱনা আছে।সন্তানৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে।
কৰ্কট ৰাশিঃ আজিৰ দিনটোত কোনো ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে। ঋণ লোৱাৰ পৰা বিৰত থাকক । কামত সতীৰ্থই সহায় কৰিব। ওচৰ- চুবুৰীয়াৰ বিবাদৰ পৰা আঁতৰি থাকক। সন্তানে নতুন চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। দিনটো ভালদৰে পাৰ হ’ব। স্বাস্থ্যৰ যত্ন ল’ব।
সিংহ ৰাশিঃ আজিৰ দিনটো ভালদৰে পাৰ হ’ব। দিনটো সুখময় হোৱাৰ সম্ভাৱনা আছে। চাকৰিত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। বাণিজ্যতো ভাৱ। বৃদ্ধি হোৱা খৰচ কমাবলৈ যত্ন কৰিব।বাহন ক্ৰয়ৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ বাবেও দিনটো ভাল। উচ্চ শিক্ষাৰ যোগ আছে।
কন্যা ৰাশিঃ আজিৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক সমস্যা হোৱাৰ সম্ভাৱনা আছে। সম্পত্তিক লৈ বিবাদ হ’ব পাৰে। ব্যৱসায়ত সাল- সলনি কৰিলে লোকচান হোৱাৰ সম্ভাৱনা আছে। কাম কৰাৰ আগতে ভালদৰে পৰিকল্পনা কৰিব। ভাবি চিন্তি আগবাঢ়িব।
তুলা ৰাশিঃ আজিৰ দিনটো ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। যান- বাহন চলাওতে বা উঠোতে সাৱধান হ’ব।চাকৰিৰ ক্ষেত্ৰত সফল হোৱাৰ সম্ভাৱনা আছে। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে।
বৃশ্চিক ৰাশিঃ আজি আপোনাৰ দিনটো ভালদৰে পাৰ হ’ব। পাৰিবাৰিক সমস্যাৰ পৰা মুক্তি পাব। পৰিয়ালত শুভ কাৰ্যৰ আয়োজনৰ সম্ভাৱনা আছে। সংগীৰ পৰা চাৰপ্ৰাইজ পাব পাৰে। কোনোৱে ষড়যন্ত্ৰ কৰিব পাৰে বাবে সাৱধান হোৱা দৰকাৰ।স্বাস্থ্যত গুৰুত্ব দিব।
মকৰ ৰাশিঃদিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। ধন সম্পৰ্কীয় সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পুৰণি বন্ধুক লগ পাব। পৰিয়ালৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। উন্নতিৰ দিশত থকা বাধা আঁতৰিব।
ধনু ৰাশিঃ আজি আপোনাৰ দিনটো ভালদৰে পাৰ হ’ব। পাৰিবাৰিক ব্যৱসায়ত ভাল। দীৰ্ঘদিন ধৰি ৰৈ থকা কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ লগত চলি থকা বিবাদ যথেষ্ঠ পৰিমানে ভাল হ’ব। সন্তানৰ ভাল।
কুম্ভ ৰাশিঃ আৰ্থিক দিশত সমস্যাই দেখা দিব পাৰে ব্যৱসায়ক লৈ চিন্তাত পৰিব পাৰে। যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ’ব। কোনো প্ৰয়োজনীয় কাম কৰিলে গুৰুত্ব দিব। যান বাহন সাৱধানে চলাব। ভাবি চিন্তা কথা ক’ব।
মীন ৰাশিঃ মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো ভাল। চাকৰিৰ লগতে ব্যৱসায়ত ভাল। স্বাস্থ্যত গুৰুত্ব দিব। যিকোনো কামত পৰিয়ালে সহায় কৰিব। পত্নীৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। শহুৰেকৰ পৰিয়ালৰ পৰা সন্মান লাভ কৰিব।