Horoscope Today: এই ৰাশিৰ লোকৰ জীৱনলৈ আজি আগমন হ’ব লক্ষ্মীৰ, চাওক আপোনাৰ ৰাশিফল…
বিভিন্ন ৰাশিৰ লোকসকলৰ বাবে আজি দিনটো কিদৰে যাব, কোন ৰাশিৰ লোকৰ বাবে আজি দিনটো সুখকৰ হ’ব বা কোন ৰাশিৰ লোকৰ বাবে দিনটো অশুভ হ’ব পাৰে, এই সন্দৰ্ভত জ্যোতিষ গণনাৰে ভৱিষ্যদ্বাণী আগবঢ়াইছে জ্যোতিষীসকলে। এই ভৱিষ্যদ্বাণী অনুসৰি আজি দিনটো আপোনাৰ কেনে সেই বিষয়ে চাওক।
আজি ৭ ডিচেম্বৰ, শনিবাৰ। গ্ৰহ-নক্ষত্ৰৰ গতিবিধি বিবেচনা কৰি জ্যোতিষীসকলে আজি দিনটোৰ সন্দৰ্ভত পূৰ্বানুমান আগবঢ়াইছে। বিভিন্ন ৰাশিৰ লোকসকলৰ বাবে আজি দিনটো কিদৰে যাব, কোন ৰাশিৰ লোকৰ বাবে আজি দিনটো সুখকৰ হ’ব বা কোন ৰাশিৰ লোকৰ বাবে দিনটো অশুভ হ’ব পাৰে, এই সন্দৰ্ভত জ্যোতিষ গণনাৰে ভৱিষ্যদ্বাণী আগবঢ়াইছে জ্যোতিষীসকলে। এই ভৱিষ্যদ্বাণী অনুসৰি আজি দিনটো আপোনাৰ কেনে সেই বিষয়ে চাওক..
মেষ ৰাশিৰ ৰাশিফল
জ্যোতিষ গণনা অনুসৰি মেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো সুখকৰ হ’ব। ব্যৱসায়ত শুভ। দীৰ্ঘদিনে কৰি অহা কোনো পৰিকল্পনা পূৰ কৰিব পাৰিব। নতুন বাহন ক্ৰয়ৰ ইচ্ছা পূৰণ হ’ব। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত সম্পূৰ্ণ মনোযোগ দিয়া উচিত হ’ব। চাকৰি প্ৰত্যাশীসকলৰ বাবে শুভ দিন।
বৃষভ ৰাশিৰ ৰাশিফল
পৰিয়ালৰ কোনো সদস্য, বিশেষকৈ মাতৃৰ সাব্স্থ্যজনিত সমস্যাই দেখা দিব। সেয়ে কিছু চিন্তাত থাকিব পাৰে। কৰ্মক্ষেত্ৰত কামৰ কিছু বোজা পৰিব পাৰে। ধৰ্মীয় যাত্ৰাৰ সুযোগ লাভ কৰিব পাৰে। চাকৰি প্ৰত্যাশীসকলে আজি ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে।
মিথুন ৰাশিৰ ৰাশিফল
মিথুন ৰাশিৰ লোকসকলে আজি বাহন চলোৱাৰ সময়ত সাৱধান হ’ব। পৰিয়ালৰ প্ৰতি অধিক মনোযোগ দিয়ক। ধৰ্মীয় কোনো অনুষ্ঠান আয়োজন কৰিব পাৰে। নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। প্ৰেমত শুভ। নতুন কোনো প্ৰচেষ্টাত সফলতা লাভ কৰিব।
কৰ্কট ৰাশিৰ ৰাশিফল
কৰ্কট ৰাশিৰ লোকসকলে আজি কষ্টৰ সম্পূৰ্ণ ফল লাভ কৰিব। পাৰিবাৰিক আৰু প্ৰেমৰ দিশত শুভ। সম্পত্তি বিষয়ক কোনো আইনী বিবাদ চলি আছিল যদি আপোনাৰ পক্ষত সিদ্ধান্ত আহিব পাৰে। কোনো কামত সুবিবেচনাৰে আগবঢ়া উচিত হ’ব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। ব্যৱসায়ত সফলতা লাভ কৰিব।
সিংহ ৰাশিৰ ৰাশিফল
সিংহ ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত আজি অধিক বোজাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সেয়ে স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব দিব। সন্মান বৃদ্ধি পাব আৰু সেয়ে পিতৃ-মাতৃৰ সুখ বাঢ়িব। নতুন বাহন ক্ৰয় কৰিব পাৰে। আপোনাৰ আচৰণে নতুন বন্ধু গঢ়ি তুলিব। শিক্ষাত শুভ। অবিবাহিত মানুহৰ জীৱনলৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে।
কন্যা ৰাশিৰ ৰাশিফল
কন্যা ৰাশিৰ লোকৰ বাবেও আজিৰ দিনটো মিশ্ৰিত হ’ব। ব্যৱসায় তথা বিনিয়োগৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। সম্পূৰ্ণ নোহোৱাকৈ থকা কোনো কাম আজি সম্পূৰ্ণ হ’ব পাৰে। পৈতৃক সম্পত্তিৰ বিষয়ত পিতৃ-মাতৃৰ সৈতে আলোচনা কৰা উচিত হ’ব। পত্নীৰ অনুভৱক সম্পূৰ্ণ সন্মান কৰিব লাগিব। নতুন কোনো সমস্যাৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
তুলা ৰাশিৰ ৰাশিফল
আপোনাৰ উপাৰ্জন বৃদ্ধি পাব যদিও খৰচৰ পৰিমাণো বাঢ়িব। কামৰ বাবে আপুনি আন কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰি, নহ’লে সেইবোৰ সম্পূৰ্ণ কৰাত সমস্যাৰ সন্মুখীন হ’ব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ বাবে নতুন প্ৰতিদ্বন্দ্বী আহিব পাৰে। আপোনাৰ আপোনাৰ যিকোনো পুৰণি লেনদেনে আপোনাক অসুবিধা দিব। প্ৰেম তথা বৈবাহিক দিশত শুভ।
বৃশ্চিক ৰাশিৰ ৰাশিফল
অতীতৰ ভুলৰ পৰা শিক্ষা লাভ কৰিব। পৰিয়ালৰ বিষয়ত সম্পূৰ্ণ মনোযোগ দিয়ক। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ ক্ষেত্ৰত থকা বাধা দূৰ হ’ব। আপোনাৰ উন্নতিয়ে আপোনাৰ পৰিয়ালৰ সদস্যসকলকো সুখী কৰি তুলিব। নতুন চাকৰি লাভৰ সম্ভাৱনা আছে। পুৰণি বন্ধুৰ সাক্ষাৎ লাভ কৰিব পাৰে।
ধনু ৰাশিৰ ৰাশিফল
ধনু ৰাশিৰ লোকসকল আজি কিছু সাৱধান হোৱা উচিত হ’ব। কৰ্মক্ষেত্ৰত নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগিব। শিক্ষাৰ্থীসকলেও শৈক্ষিক বিষয়ত সমস্যাৰ সন্মুখীন হ’ব পাৰে। ব্যৱসায়ত অৱশ্যে শুভ। ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে।
মকৰ ৰাশিৰ ৰাশিফল
মকৰ ৰাশিৰ লোকসকলৰ আজি আয় বৃদ্ধি হ’ব। নতুন সম্পত্তি লাভ কৰিব পাৰে। পৰিকল্পনা কৰি কিছু কাম আগবঢ়াই নিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা সকাহ লাভ কৰিব। চাকৰি পৰিৱৰ্তনৰ কথা চিন্তা কৰি আছিল যদি আজি এইক্ষেত্ৰত আগবাঢ়িব পাৰে।
কুম্ভ ৰাশিৰ ৰাশিফল
কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব পাৰে। নতুন বাহন ক্ৰয়ৰ যোগ আছে। পত্নীৰ সৈতে কোনো ধৰণৰ সংঘাত চলি আছে যদি একেলগে বহি সমাধানৰ চেষ্টা কৰক। ব্যৱসায়ত কোনো বৃ্হৎ চুক্তিৰ সুযোগ আহিব পাৰে। সঠিক বিবেচনা কৰি এই ক্ষেত্ৰত আগবাঢ়ক।
মীন ৰাশিৰ ৰাশিফল
মীন ৰাশিৰ লোকসকলে আজি কোনো সুখবৰ লাভ কৰিব পাৰে। সন্তানৰ ফালৰ পৰা আজি দিনটো সুখৰ হ’ব। উপাৰ্জন বৃদ্ধি পাব। পৰিয়ালৰ যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব প্ৰদান কৰক। কোনো লোকৰ সৈতে সংঘাতৰ সৃষ্টি হ’ব পাৰে। ভাতৃ-ভগ্নীৰ মাজত সম্পৰ্ক সুখকৰ হ’ব।