শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Daily horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। প্ৰতিটো দিনত প্ৰতিটো ৰাশিৰ বিশেষ যোগ থাকে। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে কিছু প্ৰত্যাহ্বানমূলক হ'ব।

Today’s horoscope: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 08 Apr 2025 06:00 AM

আজি ৮ এপ্ৰিল, মঙলবাৰ। আজিৰ দিনটোত বৃষ, মিথুন আৰু কৰ্কট ৰাশিৰ আদি লোকৰ হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে কিছুমান ৰাশিৰ লোকে কিছু সমস্যাত পৰিব পাৰে। আপোনাৰ দিনটো কেনে যাব? তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। আয়ৰ নতুন বিকল্প আহিব। সন্মান বৃদ্ধি পাব। ধন বৃদ্ধিৰ যোগ আছে, যাৰ ফলত সুখী হ’ব। আয় আৰু ব্যয় ঠিক থাকিব। অন্যথা সমস্যা আহিব পাৰে। আপোনাক কোনো শাৰীৰিক সমস্যাই সৃষ্টি কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। সম্পত্তি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত বিবাদৰ পৰা আঁতৰি থাকিব। ধনৰ লেনদেনৰ সাৱধান হ’ব। পৈত্ৰিক সম্পত্তিক লৈ কোনো বিবাদ হ’ব পাৰে। পৰিয়ালৰ পৰা কোনো নতুন দায়িত্ব লাভ কৰিব। কাম সময়মতে পূৰণ কৰাৰ চেষ্টা কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল। ভ্ৰমণৰ যোগ আছে। পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ আগবাঢ়িব। দীৰ্ঘদিন ধৰি চলি থকা ঋণৰ সমস্যা কমিব। আপোনাৰ মনৰ ইচ্ছা পূৰণ হ’ব যাৰ বাবে আপুনি সুখী হ’ব। আনক কথা কোৱাৰ আগতে চিন্তা কৰিব।

কৰ্কট ৰাশিঃ আজি আপোনাৰ দিনটো লাভদায়ক হ’ব। ৰাজনীতিৰ লগত জড়িতসকলৰ মান সন্মান বৃদ্ধি পাব। আপোনাৰ পৰিয়ালত কোনো মাংগলিক কাৰ্য অনুষ্ঠিত হ’ব। নতুন ভাল চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। ধৰ্মীয় দিশত মনযোগ বাঢ়িব। আয়ৰ বিকল্প বৃদ্ধি পাব। ঋণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে যাব।

সিংহ ৰাশিঃ আনক উপদেশ দিয়াৰ পৰা বিৰত থাকক। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল। চাকৰিত পদোন্নতিৰ যোগ আছে। মনটো সুখী থাকিব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। কৰ্মক্ষেত্ৰত মন দি কাম কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। চৰকাৰী চাকৰি বিচাৰি থকাসকলে কোনো ভাল খবৰ লাভ কৰিব পাৰে।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। ব্যৱসায়ত ভাল ফল লাভ কৰিব পাৰে। সতীৰ্থই আপোনাৰ প্ৰশংসা কৰিব। সংগীৰ সৈতে কাজিয়া লগাৰ সম্ভাৱনা আছে। দান কৰিলে আজি ভাল ফল লাভ কৰিব। পৰিয়ালৰ ফালৰ পৰা কোনো দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায় বা চাকৰিক লৈ কোনো নতুন পৰিকল্পনা কৰিব পাৰে।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে। নতুন কোনো সমস্যা আহিব পাৰে। ব্যৱসায়ত কোনো নতুন প্ৰকল্প হাতলৈ আহিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। ধন অত্যাধিক ব্যয়ৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলে অধিক পৰিশ্ৰম কৰা প্ৰয়োজন। প্ৰেমত ভাল। সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত মন দিব। লোকচান হোৱাৰ সম্ভাৱনা আছে।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধি পাব। খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ লিখা পঢ়াৰ সমস্যা দূৰ হ’ব। কোনো পৰীক্ষাত যদি অংশ লৈছিল তেন্তে ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে ভালে যাব। স্বাস্থ্যত গুৰুত্ব দিব। প্ৰেমত ভাল।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে কঠিন হ’ব। মনত নকৰাত্মক বিচাৰধাৰা আহিব পাৰে। যাৰ বাবে চাকৰিত সতীৰ্থৰ সৈতে মনোমালিন্য হ’ব পাৰে। সন্তানৰ বিবাহৰ বাধা দূৰ হ’ব। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা। পৈত্ৰিক সম্পত্তিক লৈ চলি থকা বিবাদত আনৰ উপদেশ গ্ৰহণ কৰিব। স্বাস্থ্যত গুৰুত্ব দিব। প্ৰেমৰ ক্ষেত্ৰত আনৰ কথা নুশুনিব।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ব্যস্ততাৰে ভৰা হ’ব। আপোনাৰ দায়িত্ব অধিক বৃদ্ধি পাব। যাৰ বাবে কিছু অশান্তিত ভুগিব পাৰে। পাৰিবাৰিক দিশত গুৰুত্ব দিয়া দৰকাৰ। চাকৰি কৰা সকলে কোনো ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। আনৰ পৰা টকা ধাৰলৈ লৈছে যদি উভতাই দিয়াৰ চেষ্টা কৰিব। প্ৰেমত সমস্যা আহিব পাৰে।

কুম্ভ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। পিতৃ-মাতৃৰ আশীৰ্বাদৰ ফলত কোনো কাম সম্পূৰ্ণ হ’ব। সন্তানে বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আপোনাৰ ধন অধিক খৰচৰ যোগ আছে। আনক টকা ধাৰলৈ নিদিব। কামৰ ক্ষেত্ৰত ভাগ্যই লগ দিব। ব্যৱসায়ী কৰাসকলে কোনো ডাঙৰ প্ৰজেক্ট লাভ কৰিব পাৰে।

মীন ৰাশিঃ আজি আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ’ব পাৰে। আইনী কোনো বিষয়ে অশান্তি দিব পাৰে। ধন উপাৰ্জনৰ বাবে কোনো নতুন বিকল্পৰ সন্ধান কৰিব পাৰে । সন্তানৰ কোনো কথাই চিন্তিত কৰিব পাৰে। পৰিয়ালক লৈ কোনো পৰিকল্পনা কৰিব। প্ৰেমত ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।