Daily Horoscope: আজিৰ দিনটোৰ ৰাশিফল, দেৱালীৰ দিনা কেনে যাব আপোনাৰ দিন, জানক... Assam news - Assam Tv9

Daily Horoscope: আজিৰ দিনটোৰ ৰাশিফল, দেৱালীৰ দিনা কেনে যাব আপোনাৰ দিন, জানক…

Daily Horoscope: আজিৰ দিনটোত সমগ্ৰ দেশে পালন কৰিব পোহৰৰ উৎসৱ দেৱালী। নানাৰঙী লাইট, চাকিৰ পোহৰৰে সমগ্ৰ দেশ জিলিকি থাকিব। দেৱালীৰ দিনা কেনে যাব আপোনাৰ দিন। আহক জানো এই সন্দৰ্ভত জ্যেতিষ শাস্ত্ৰই কি কয়।

Daily Horoscope: আজিৰ দিনটোৰ ৰাশিফল, দেৱালীৰ দিনা কেনে যাব আপোনাৰ দিন, জানক...

ৰাশিফল

Published: 

31 Oct 2024 06:10 AM

আজি ৩১ অক্টোবৰ, বৃহস্পতিবাৰ। আজিৰ দিনটোত সমগ্ৰ দেশে পালন কৰিব পোহৰৰ উৎসৱ দেৱালী। নানাৰঙী লাইট, চাকিৰ পোহৰৰে সমগ্ৰ দেশ জিলিকি থাকিব। দেৱালীৰ দিনা কেনে যাব আপোনাৰ দিন। আহক জানো এই সন্দৰ্ভত জ্যেতিষ শাস্ত্ৰই কি কয়। আজিৰ দিনটোৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজি আপোনাৰ দিনটো ভালদৰে পাৰ হ’ব। সকলোৰে প্ৰতি সহযোগিতা আৰু সমন্বয়ৰ ভাৱ বৰ্তাই ৰাখিব।গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ হ’ব।দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব। স্বাস্থ্য আৰু ব্যক্তিত্বৰ প্ৰতি সংবেদনশীল হ’ব। কথা কোৱাৰ আগত চিন্তা কৰিব। শুভ সংখ্যা-১ ৩ ৬ ৭ ৯

বৃষ ৰাশিঃ সকলোৰে সৈতে মিলি জুলি আগবাঢ়িব। লেনদেনৰ সময়ত গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত নিষ্ঠা বজাই ৰাখিব।পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব। বন্ধু-বান্ধৱী আৰু আপোনজনক সময় দিব। ইজনে সিজনৰ প্ৰতি সদিচ্ছা থাকিব। আপোনজনৰ শিক্ষা আৰু পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব। সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব। অৰ্থনৈতিক আৰু বাণিজ্য দিশটো নিয়ন্ত্ৰণত ৰাখিব। কৰ্মক্ষেত্ৰত মানসিক চাপ বাঢ়িব পাৰে।ঋণমুক্ত হ’ব। শুভ সংখ্যা- ৩ ৪ ৬ ৯

মিথুন ৰাশিঃ আজিৰ দিনটোত ভ্ৰমণৰ যোগ আছে। কৰ্মক্ষেত্ৰত ভাল। কৰ্তৃত্ব অৰ্জন কৰিব পাৰে।অৰ্থনৈতিক উন্নয়ন আৰু প্ৰসাৰৰ সুযোগ থাকিব। আপোনজনৰ লগত সুখেৰে সময় পাৰ হ’ব। বয়োজ্যেষ্ঠসকলৰ কথা মানিব। ব্যক্তিগত বিষয়ত ইতিবাচকতাৰে আগবাঢ়িব। দীৰ্ঘদিন ধৰি ৰৈ থকা কামৰ পৰা বাধা আঁতৰিব। ভাল খবৰ লাভ কৰিব পাৰে। শুভ সংখ্যা- ৩ ৪ ৫

কৰ্কট ৰাশিঃ পেছাদাৰী বিষয়ত সাৱধানে আগবাঢ়ি যাব। কৰ্ম ব্যৱসায়ত উন্নত প্ৰদৰ্শন। ধৈৰ্য্য ধৰিব আৰু কামত মনোনিৱেশ কৰিব।কেৰিয়াৰ আৰু ব্যৱসায়ত ভাল।আপোনজনৰ পৰা সহায় লাভ কৰিব। স্বাস্থ্য ভাল। অহংকাৰ এৰাই চলিব। শুভ সংখ্যা-২ ৩ ৪ ৭

সিংহ ৰাশিঃ অৰ্থনৈতিক দিশটো ভাল।ইতিবাচক দিশত মনোনিৱেশ বজাই ৰাখিব। পৰিয়ালৰ সৈতে ভালদৰে সময় কটাব।সামাজিক কাম-কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব।বয়োজ্যেষ্ঠসকলৰ আদেশ মানি চলিব। বিশেষজ্ঞৰ পৰামৰ্শক সন্মান কৰিব।উৰা বাতৰিৰ পৰা আঁতৰি থাকিব। আত্মীয়ৰ পৰা ভাল খবৰ পাব। শুভ সংখ্যা-১ ৩ ৪ ৭

কন্যা ৰাশিঃ আপোনাৰ ইচ্ছা পূৰণ হ’ব।অৰ্থনৈতিক আৰু বাণিজ্যিক দিশটো উন্নত হ’ব। পৰিয়ালৰ সৈতে ভাল সময় পাৰ হ’ব। আপোনাৰ কৰ্মই পৰিয়ালক সুখী কৰিব। আকৰ্ষণীয় অফাৰ লাভ কৰিব পাকে। স্বাস্থ্যত গুৰুত্ব দিব। শুভ সংখ্যা- ১ ৩ ৪ ৫

তুলা ৰাশিঃ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ভাল। বৌদ্ধিক দক্ষতাৰ জৰিয়তে আপুনি উত্তম ফলাফল পাব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। চাকৰিৰ লগতে ব্যৱসায়ত ভাল। শিল্প দক্ষতা বৃদ্ধি হ’ব। শুভাকাংক্ষীৰ সংখ্যা বৃদ্ধি পাব। অৰ্থনৈতিক আৰু বাণিজ্যিক কাৰ্যকলাপক গতি প্ৰদান কৰিব।আকৰ্ষণীয় অফাৰ লাভ কৰিব। আৰ্থিক বিষয়ত সফল হ’ব। শুভ সংখ্যা- ৩ ৪ ৬

বৃশ্চিক ৰাশিঃ জ্যেষ্ঠসকলৰ উপদেশত গুৰুত্ব দিব।অৱহেলা পৰিহাৰ কৰক।ব্যক্তিগত বিষয়ত সজাগতা অৱলম্বন কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। পৰিয়ালত সম্প্ৰীতি বাঢ়িব।আৰ্থিক বিষয়ত ভালদৰে আগবাঢ়িব। আয় ভালদৰে হ’ব যদিও ব্যয়ো বৃদ্ধি হ’ব। সময়ৰ কাম সময়তে সম্পূৰ্ণ কৰিব। শুভ সংখ্যা-৩ ৬ ৯

ধনু ৰাশিঃ আৰ্থিক উন্নতিৰ যোগ আছে। চাকৰি আৰু ব্যৱসায়ত ভাল। কামত সফল হোৱাৰ সম্ভাৱনা আছে। শুভ বাৰ্তা লাভ আৰু উন্নতিৰ সুযোগ আছে। নিজৰ লক্ষ্যত উপনীত হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। স্বাস্থ্য ভালে যাব। শুভ সংখ্যা- , ১ ৩ ৯

মকৰ ৰাশিঃ অৰ্থনৈতিক কৃতিত্বৰ ওপৰত গুৰুত্ব বৃদ্ধি পাব। পদ, প্ৰতিপত্তি আৰু পদোন্নতিৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটাব। বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ত উন্নত হ’ব। কামত গুৰুত্ব দিব।ভ্ৰমণৰ যোগ আছে। শুভ সংখ্যা- ৪ ৬ ৮ ৯

কুম্ভ ৰাশিঃ কামত আত্মবিশ্বাসেৰে আগবাঢ়িব। কাম আৰু ব্যৱসায়ত ভাল। ব্যক্তিগত বিষয়ত সমন্বয় বজাই ৰাখিব। দায়িত্ব পালনত গুৰুত্ব দিব।উচ্চ শিক্ষাত আশা কৰা ধৰণে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে যাব। শুভ সংখ্যা- ৩ ৪ ৬ ৮

মীন ৰশিঃকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে সাৱধান হওক। আবেগ নিয়ন্ত্ৰণ কৰিব। পৰিয়ালৰ সুখৰ বাবে কাম কৰিব। পৰিয়ালে সহায় কৰিব।প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰিব। প্ৰৱঞ্চকৰ পৰা দূৰত্ব বজাই ৰাখক।অপ্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম কৰাৰ পৰা বিৰত থাকক। শাৰীৰিক অস্বস্তি থাকিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক। শুভ সংখ্যা-১ ৩ ৬

দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?
ফেঁচা সঁচাকৈয়ে মূৰ্খ নেকি? জানক ইয়াৰ আঁৰৰ সত্যতা
উৰহী কোনবোৰ লোকৰ বাবে অধিক উপকাৰী? জানক
'ডিজিটেল কণ্ডম' কি? কোনে কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে...