5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Daily horoscope: আজিৰ দিনটোৰ ৰাশিফলঃ কৰ্কট, কন্যা আদি ৰাশিৰ হ’ব লাভ…

Daily horoscope: জ্যেতিষ শাস্ত্ৰ অনুসৰি, ৰাশি ১২ টা আৰু প্ৰতিটো দিনত প্ৰতিটো ৰাশিৰ গ্ৰহৰ অৱস্থান বেলেগ হয়। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ভৱিষ্যত নিৰ্ধাৰণ কৰা হয়। জ্যোতিষ শাস্ত্ৰই আগবঢ়োৱা আজিৰ ৰাশিফল আগবঢ়োৱা হ'ল-

Daily horoscope: আজিৰ দিনটোৰ ৰাশিফলঃ কৰ্কট, কন্যা আদি ৰাশিৰ হ’ব লাভ…
আজি দিনটোৰ ৰাশিফল
barasha-sarma
Barasha Sarma | Published: 05 Nov 2024 06:10 AM

আজি ৫ নৱেম্বৰ, মঙলবাৰ।  জ্যেতিষ শাস্ত্ৰ অনুসৰি, ৰাশি ১২ টা আৰু প্ৰতিটো দিনত প্ৰতিটো ৰাশিৰ গ্ৰহৰ অৱস্থান বেলেগ হয়। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ভৱিষ্যত নিৰ্ধাৰণ কৰা হয়। জ্যোতিষ শাস্ত্ৰই আগবঢ়োৱা আজিৰ ৰাশিফল সমূহ-

মেঘ ৰাশিঃআজিৰ দিনটো ভালদৰে পাৰ হ’ব। ঘৰত শুভ কাৰ্য হোৱাৰ সম্ভাৱনা আছে। চাকৰি সলনি কৰাৰ চিন্তা কৰিছে যদি ভালদৰে আগবাঢ়িব। প্ৰয়োজনীয় কামত ভ্ৰমণ কৰিব পাৰে।সংগীয়ে চাৰপ্ৰাইজ দিব পাৰে। টকা- পইচাৰ ক্ষেত্ৰত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজিৰ দিনটোত মান সন্মান বৃদ্ধি হ’ব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ’ব পাৰে। বিবাদৰ পৰা আঁতৰি থাকিব। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাব। অফিচত ভালদৰে কাম কৰিব। বিবাদ হোৱাৰ সম্ভাৱনা আছে।

মিথুন ৰাশিঃ আজিৰ দিনটো আপুনি ব্যস্ত থাকিব। বাণিজ্যত নতুন আৰম্ভণী কৰিব পাৰে। বিবাদৰ পৰা আঁতৰি থাকিব। পৰিয়ালৰ লগত সমস্যা আলোচনাৰে সমাধান কৰাৰ চেষ্টা কৰিব। বিবাহক লৈ হৈ থকা সমস্যা দূৰ হ’ব। পাৰিবাৰিক দায়িত্বত গুৰুত্ব দিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটোত লেনদেনত গুৰুত্ব দিব।সম্পত্তিৰ বিবাদত আপোনাৰ জয় হ’ব। যান বাহন চলোৱাৰ সময়ত সচেতনতা অৱলম্বন কৰিব। খাদ্যত গুৰুত্ব দিব। স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিবাদ হোৱাৰ সম্ভাৱনা আছে। যাত্ৰাত গ’লে প্ৰয়োজনীয় সামগ্ৰী ভালদৰে ৰাখিব।

সিংহ ৰাশিঃ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম পূৰ্ণ হ’ব। নতুন পদ লাভ কৰিব পাৰে বা পদোন্নতি হ’ব পাৰে। বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। প্ৰেমত শুভ।সন্তানৰ ফালৰ পৰা নিৰাশাজনক খবৰ লাভ কৰিব পাৰে। ধনৰ লেনদেন কৰাৰ সময়ত গুৰুত্ব দিব।

কন্যা ৰাশিঃ আজিৰ দিনটো ভালদৰে পাৰ হ’ব। লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ দিশটো ভাল। আৰ্থিকস্থিতি ভাল হোৱাৰ সম্ভাৱনা আছে। ধনৰ লগত জড়িত সমস্যা নহয়। সন্তানৰ উন্নতিৰ যোগ আছে। স্বাস্থ্যত গুৰুত্ব দিব। পাৰিবাৰিক দিশটো শুভ।

তুলা ৰাশিঃ আজিৰ দিনটো ভালদৰে পাৰ হ’ব। ব্যৱসায়ত ভাল হ’ব। খাদ্যত গুৰুত্ব প্ৰদান কৰিব। ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিবাদৰ পৰা দূৰত থাকিব। ৰাজনীতিত খোজ দিব পাৰে। নতুন ঘৰ বা সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। পুৰণি বন্ধুক লগ পাব পাৰে।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো কষ্টৰে পাৰ হ’ব। কামৰ বোজা অধিক হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। বিবাদৰ পৰা দূৰত থাকিব। ঋণ মুক্ত হোৱাৰ সম্ভাৱনা আছে। সন্তানৰ ওপৰত গুৰুত্ব দিব। স্বাস্থ্যৰ যতন ল’ব। শিক্ষাৰ্থীসকলৰ ভাল।

ধনু ৰাশিঃ নতুন কামৰ আৰম্ভণী কৰাৰ বাবে দিনটো ভাল। স্বাস্থ্য সম্পৰ্কীয় সমস্যাত গুৰুত্ব দিব। ধাৰ্মিক কাৰ্যৰ সম্ভাৱনা আছে। পৰিয়ালকেন্দ্ৰিক দিশত গুৰুত্ব দিব। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। দিনটো ভালদৰে পাৰ হ’ব। চাকৰি , ব্যৱসায়ত ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটো ভালদৰে পাৰ হ’ব। প্ৰেমত শুভ। অফিচৰ কামত ভ্ৰমণৰ যোগ আছে। সংগীয়ে কোনো কথাত বেয়া পাব পাৰে। পৰিয়ালকেন্দ্ৰিক বিবাদ আলোচনাৰে সমাধান কৰাৰ চেষ্টা কৰিব। চাকৰিত উন্নতিৰ যোগ আছে।

কুম্ভ ৰাশিঃ ভাল- বেয়াৰ মাজেৰে আজিৰ দিনটো পাৰ হ’ব। ব্যৱসায়ত মধ্যমীয়া, নিৰাশ হব পাৰে। পৰিয়ালৰ সম্পত্তিক লৈ ভাতৃৰ সৈতে বিবাদ হ’ব পাৰে। মন শান্ত হৈ থাকিব। সন্তানৰ ফালৰ পৰা ভাল। কোনো কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।

মীন ৰাশিঃ আজিৰ দিনটো ভাল। ঘৰত ধৰ্মীয় কাৰ্য হ’ব পাৰে। শাৰীৰিক কষ্টৰ পৰা পৰিত্ৰাণ পাব। যাত্ৰাৰ সময়ত গুৰুত্ব দিব। কাৰ্যক্ষেত্ৰত ভাল। সতীৰ্থৰ পৰা সহায় লাভ কৰিব। চাকৰি বা ব্যৱসায়ত ভাল। স্বাস্থ্য ভালে থাকিব। খাদ্য খোৱাত গুৰুত্ব প্ৰদান কৰিব।

Latest News