শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: এই ৰাশিৰ লোকে পাব নতুন চাকৰিৰ অফাৰ! চাওক কি আছে আজিৰ দিনটোৰ ৰাশিফলত…

বৃষ ৰাশিৰ লোকৰ বাবে আজি সুখৰ দিন হ'ব। সিংহ ৰাশিৰ লোকে আজি নতুন সম্পত্তি আহৰণ কৰিব। কৰ্কট ৰাশিৰ লোকে ভাল খবৰ শুনিব। চাও আহক আজিৰ ৰাশিফলত আৰু কি কি আছে…

Daily Horoscope: এই ৰাশিৰ লোকে পাব নতুন চাকৰিৰ অফাৰ! চাওক কি আছে আজিৰ দিনটোৰ ৰাশিফলত…
ৰাশিফল
trishna-kalita
Trishna Kalita | Published: 27 Mar 2025 06:00 AM

Daily Horoscope:  আজি ২৭ মাৰ্চ, বৃহস্পতিবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

মেষ ৰাশি: আজি দিনটোত আপুনি নিজৰ কামত কিছু গুৰুত্ব দিব লাগিব।অন্যথা কিছু ক্ষতি হ’ব পাৰে। কোনো কাম ভাগ্যৰ ওপৰত এৰি নিদিব। যদি আপুনি সম্পত্তিত কোনো বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে আপোনাৰ চুক্তি আৱদ্ধ হৈ পৰিব পাৰে। ব্যৱসায়ত সহযোগীয়ে আপোনাক প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। আপুনি চকু-কাণ খুলি কামত আগবাঢ়ি যায়। সময়মতে কাম সম্পূৰ্ণ নোহোৱাৰ বাবে আপুনি মানসিক চাপত থাকিব।

বৃষ ৰাশি: আজি আপোনাৰ বাবে এক সুখৰ দিন হ’ব। ভাই-ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। হঠাতে কোনো ব্যৱসায়িক কামৰ বাবে ভ্ৰমণলৈ যাব পাৰে। বহুদিনৰ মূৰত পুৰণি বন্ধুক লগ পাই আপুনি সুখী হ’ব। ছাত্ৰ-ছাত্ৰীসকলে নতুন পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহ সৃষ্টি হ’ব।

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল হ’ব। ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব।সামাজিক ক্ষেত্ৰত কৰা কামে এক নতুন পৰিচয়ৰ সৃষ্টি কৰিব। কোনো বিষয়ক লৈ বছৰ লগত অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত নহ’ব। ইয়াৰ বাবে পদোন্নতি স্থগিত হ’ব পাৰে। আপোনাৰ সন্তানে কোনো চৰকাৰী কামত নম্বৰ লাভ কৰিব পাৰে। যাৰ ফলত পৰিৱেশটো সুখদায়ক হৈ পৰিব। যিকোনো মানুহৰ লগত যিকোনো ধনৰ লেনদেনৰ ক্ষেত্ৰত ভালদৰে চিন্তা কৰিব লাগিব।

কৰ্কট ৰাশি: আজি আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমৰ দিন হ’ব। বহিঃৰাজ্যৰ পৰা ব্যৱসায় কৰাসকলে কিছু ভাল খবৰ শুনিব। ঈৰ্ষা আৰু কাজিয়া কৰা মানুহৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন।ব্যৱসায়ত ভাল সফলতা পালে মনটো সুখী হ’ব। বিলাসীতাত কিছু ধন খৰচ কৰিব। নতুন চাকৰি পাব পাৰে। আপোনাৰ মনটো আন কামত ব্যস্ত হৈ পৰিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগিব।

সিংহ ৰাশি: আপোনাৰ বাবে আজি কিছু নতুন সম্পত্তি আহৰণৰ দিন হ’ব। পাৰিবাৰিক জীৱনত সুখ থাকিব। নিজৰ কথাত ভাৰসাম্য বজাই ৰাখিব লাগিব। স্বাস্থ্য সম্পৰ্কীয় কিছু জটিলতাৰ বাবে আপোনাৰ মনটো অশান্ত হৈ থাকিব। পিতৃ-মাতৃৰ আশীৰ্বাদত বাকী থকা কাম সম্পূৰ্ণ হ’ব। পূৰ্বপুৰুষৰ সম্পত্তি পোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব।

কন্যা ৰাশি: দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ কৰাৰ দিন হ’ব। বেংকিং খণ্ডত কাম কৰা লোকসকলে ভাল আঁচনিত ধন বিনিয়োগ কৰিব পাৰে। কোনোবাই কোৱা কথাৰ বাবে আপোনাৰ মনটো অশান্ত হ’ব। আপোনাৰ মনত ভাতৃত্ববোধ থাকিব। আপোনাৰ বুদ্ধিমত্তা আৰু জ্ঞানেৰে কৰ্মক্ষেত্ৰৰ বহু সমস্যাৰ পৰা সহজেই ওলাই আহিব। কিবা কথাত আপোনাৰ মনটো বিচলিত হৈ পৰিব।পত্নীয়ে কোৱা কথাত সম্পূৰ্ণ মনোযোগ দিব লাগিব।

তুলা ৰাশি: আজি দিনটো আপোনাৰ বাবে শক্তিশালী হ’ব। পাৰিবাৰিক জীৱনত সুখ থাকিব। বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। সন্তানৰ কেৰিয়াৰ সন্দৰ্ভত এটা ভাল বীমা পৰিকল্পনা কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ তথ্য আন কাৰোবাৰ আগত প্ৰকাশ নকৰিব। কোনো নতুন কামৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব পাৰে। নতুন ঘৰ কিনিলে আপোনাৰ বাবে ভাল হ’ব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ’ব।

বৃশ্চিক ৰাশি: আজি আপোনাৰ বাবে জটিলতাৰে ভৰা দিন হ’ব। কোনো পূৰ্বপুৰুষৰ সমস্যাই আপোনাক দীৰ্ঘদিন ধৰি অশান্তি দি আহিছে, সেয়া নাইকিয়া হৈ যাব। অবিবাহিত লোকৰ বাবে উন্নত সম্পৰ্কই মনলৈ সুখ কঢ়িয়াই আনিব। বিবাহিত জীৱনত শুভ। যান-বাহন সাৱধানে ব্যৱহাৰ কৰিব। যদি কোনো কাম ধনৰ বাবে বাকী আছিল, সেয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশি: আজিৰ দিনটো দান-বৰঙণিৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ দিন। পৰোপকাৰী মনোভাৱ থাকিব। ব্যৱসায়ৰ এটা ডাঙৰ সিদ্ধান্ত চূড়ান্ত হ’ব পাৰে। আপোনাৰ পত্নীৰ পৰা কিছু ভাল খবৰ শুনিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগিব। পিতৃৰ কিবা এটা কথাত বেয়া লাগিব পাৰে। যদি যাত্ৰাৰ বাবে প্ৰস্তুতি চলাইছে, বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱাটো ভাল হ’ব।

মকৰ ৰাশি: আৰ্থিক দৃষ্টিকোণৰ পৰা মকৰ ৰাশিৰ লোকৰ বাবে আজি ভাল দিন। আপোনাৰ মান-সন্মান বাঢ়িব। একেলগে অত্যধিক কাম থাকিলে আপোনাৰ চিন্তা বৃদ্ধি পাব। ব্যৱসায়ত চলি থকা সমস্যা সমাধান কৰিবলৈ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব। খাদ্যাভ্যাসৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। চকুৰ লগত জড়িত কোনো সমস্যা হোৱাৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি: আজি আপোনাৰ বস্তুগত সুখ-সুবিধা বৃদ্ধি হ’ব। নিজৰ দায়িত্ব সহজে সম্পূৰ্ণ কৰিব পাৰিব। কোনো কাৰণ নোহোৱাকৈ ভ্ৰমণলৈ যাব নালাগে। বাহনৰ ক্ষতিৰ ফলত আপোনাৰ আৰ্থিক খৰচ বাঢ়িব পাৰে। সামাজিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। কৰ্মক্ষেত্ৰত বঁটা পাব পাৰে। আপুনি বছক দিয়া পৰামৰ্শবোৰ অতি উপযোগী হ’ব।

মীন ৰাশি: আপোনাৰ বাবে আজিৰ দিনটো শুভ। চৌপাশৰ পৰিৱেশ আপোনাৰ বাবে অনুকূল হ’ব। সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিব পাৰে। বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰ সমাধান হ’ব। আপুনি আন কোনো কামৰ বাবে অফাৰ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ উপাৰ্জনৰ উৎস বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ বিষয়াসকলৰ আশীৰ্বাদ পাব। ব্যৱসায়ৰ বাবে চৰকাৰী নিবিদা পোৱাত সুখী হ’ব।