শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: আজি সোমবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…

Daily Horoscope: মেষ ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব। সিংহ ৰাশিৰ লোকসকলক শত্ৰুৱে আপোনাক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিব। কন্যা ৰাশিৰ জাতক-জাতিকাই আয়ৰ ক্ষেত্ৰত আপোনাৰ ভাল দিন হ'ব।

Daily Horoscope: আজি সোমবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…
ৰাশিফল
trishna-kalita
Trishna Kalita | Published: 31 Mar 2025 06:00 AM

Daily Horoscope:  আজি ৩১ মাৰ্চ, সোমবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

মেষ ৰাশি: আজি দিনটোৱে আপোনাক সমস্যাৰ পৰা সকাহ দিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব। সন্তানৰ সৈতে কিছু সময় কটাব, তেওঁলোকৰ মনত কি চলি আছে সেই কথা জানিবলৈ সুযোগ পাব। কাৰোবাৰ মংগলৰ বাবে আগবাঢ়ি আহিলে মানুহে আপোনাৰ স্বাৰ্থপৰ বুলি গণ্য কৰিব। অতি চিন্তাশীভাৱে আপুনি ৰাজনীতিৰ কাষ চাপিব লাগে । কোনোবাই হয়তো আপোনাক পটিয়ান নিয়াবলৈ চেষ্টা কৰিব পাৰে।

বৃষ ৰাশি: আজি আপোনালোকৰ সুখ-সুবিধা বৃদ্ধিৰ দিন। কোনো কাম সময়মতে সম্পূৰ্ণ নহ’লে আপোনাৰ সমস্যা বাঢ়িব। দূৰত বাস কৰা পৰিয়ালৰ কোনো সদস্যৰ স্মৃতিয়ে আপোনাক আমনি কৰিব পাৰে। সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব। আলোচনা জৰিয়তে সমস্যা সমাধান কৰিব লাগিব। ঘৰৰ কাম-কাজৰ বাবে কিছু ধন খৰচ কৰিব পাৰে।বন্ধুৱে আপোনাক কোনো কামৰ সন্দৰ্ভত ভুল পৰামৰ্শ দিব পাৰে। শিক্ষাৰ বাবে বহিঃৰাজ্যলৈ যাব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব।

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ। বুদ্ধি আৰু বিবেচনাৰে সিদ্ধান্ত লৈ আপুনি মানুহক আচৰিত কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ শিক্ষকৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। ভৱিষ্যতৰ যিকোনো পৰিকল্পনাৰ বিষয়ে পত্নীৰ সৈতে আলোচনা কৰিব পাৰে। ভৰিৰ লগত জড়িত কিছু সমস্যা হ’ব পাৰে। এনেকুৱা হ’লে আপুনি অৱহেলা কৰা উচিত নহয়। মনটো কিবা কথাক লৈ চিন্তিত হৈ পৰিব।

কৰ্কট ৰাশি: আজি আপোনাৰ বাবে ব্যস্ততাৰ দিন হ’ব। কামক লৈ অধিক চিন্তা কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে শুভ উৎসৱত অংশগ্ৰহণ কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। ভাই-ভনীসকলে আপোনাৰ কামত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। কামৰ লগতে পৰিয়ালৰ সদস্যসকলৰ বাবেও সময় উলিয়াব লাগিব, নহ’লে তেওঁলোকৰ খং উঠিব পাৰে। ধন সম্পৰ্কীয় বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে চিন্তিত হ’ব পাৰে।

সিংহ ৰাশি: আজি আপুনি সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ব্যৱসায়ৰ কোনো কাম যদি দীৰ্ঘদিন ধৰি বাকী আছিল, তেন্তে সেয়া সম্পূৰ্ণ কৰিব পাৰিব। শত্ৰুৱে আপোনাক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিব। ঘৰতে কিবা এটা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিব পাৰে। প্ৰেমত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে। যদি কোনো বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক।
যিকোনো কামৰ সন্দৰ্ভত স্বেচ্ছাচাৰী হোৱাৰ পৰা বিৰত থাকিব লাগিব।

কন্যা ৰাশি: আয়ৰ ক্ষেত্ৰত আপোনাৰ ভাল দিন হ’ব। কিছুমান পুৰণি বিবাদৰ অন্ত পেলাবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ মনোযোগ দিব লাগিব। আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰিব। ঘৰলৈ কোনোবা অতিথি আহিব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে ক’ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে প্ৰেমত শুভ। পাৰস্পৰিক সহযোগিতাৰ অনুভৱ কৰিব। আপোনাৰ ইচ্ছা বৃদ্ধি হোৱাৰ বাবে পৰিয়ালৰ লোকৰ আপোনাৰ ওপৰত খং উঠিব। যিকোনো কামত পৰিকল্পনা আৰু আগবাঢ়িব লাগিব। খৰখেদা কৰাৰ বাবে কামত কিছু অশান্তি হ’ব পাৰে। চুবুৰীয়াত বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। শহুৰৰ ঘৰত পৰা আৰ্থিক সুবিধা পাব।

বৃশ্চিক ৰাশি: আজি আপোনাৰ বাবে সুখৰ দিন হ’ব। আনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। ৰাজনীতিত কাম কৰা লোকৰ ভাবমূর্তি আৰু অধিক উন্নত হ’ব৷ কামৰ সন্দৰ্ভত কিছু নতুন সুযোগ পাব। অযথা কথাত খং নকৰিব। ধন-সম্পত্তি বৃদ্ধি হোৱাৰ বাবে আপুনি সুখী হ’ব। কিছুমান মনোৰঞ্জনধৰ্মী অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। নতুন কিবা এটা কৰাৰ হেঁপাহ জাগ্ৰত হ’ব। যিকোনো কামৰ সন্দৰ্ভত জ্যেষ্ঠ সদস্যৰ পৰা পৰামৰ্শ ল’ব পাৰে।

ধনু ৰাশি: আজি আপুনি আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। হিচাপ কৰি খৰচৰ কৰিব লাগিব। অংশীদাৰিত্বৰে কিছু কাম কৰিলে ভাল হ’ব। অত্যাধিক কাম থকাৰ বাবে চিন্তা বৃদ্ধি পাব পাৰে। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। মাতৃৰ সৈতে কিবা কামৰ কথা পাতিব পাৰিব। বহুদিনৰ মূৰত পুৰণি বন্ধুক লগ পাই সুখী হ’ব।

মকৰ ৰাশি: আজি আপোনাৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ’ব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যই চাকৰি সলনিৰ বাবে আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। সম্পত্তিৰ কাম কৰা মানুহে ভাল লাভ পাব। খাদ্যাভ্যাসৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। সন্তানৰ ভৱিষ্যতৰ লগত জড়িত যিকোনো সিদ্ধান্ত ল’ব পাৰে। বহুদিনৰ মূৰত বন্ধুক লগ পোৱাৰ সুযোগ পাব। নতুন কিবা এটা কৰাৰ ইচ্ছা জাগ্ৰত হ’ব পাৰে। পৰিয়ালৰ বিষয়বোৰ ঘৰতে নিষ্পত্তি কৰিলে ভাল হ’ব।

কুম্ভ ৰাশি: আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে ভাল দিন হ’ব। বন্ধু-বান্ধৱীৰ সৈতে সুখৰ সময় কটাব। সহজে ধাৰ পৰিশোধ কৰিব পাৰিব। পাৰিবাৰিক জীৱনত চলি থকা সমস্যাই আকৌ মূৰ তুলিব। ভগৱান ভক্তিত বহুত মনোনিৱেশ কৰিব। সংযমেৰে কাৰোবাক কিবা এটা ক’ব। সন্তানে আপোনাৰ আশামতে কাম কৰিব।

মীন ৰাশি: শত্ৰুৰ প্ৰতি সাৱধান হ’ব লাগিব। কৰ্মক্ষেত্ৰতো কোনোবাই আপোনাৰ কাম নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। নোসোধাকৈ কাকো পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ কিছু উত্থান-পতনৰ বাবে চিন্তাত থাকিব। কোনো বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ বিৰোধিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বছে আপোনাৰ দায়িত্ব বৃদ্ধি কৰিব পাৰে। যাৰ বাবে আপোনাৰ মনোযোগৰ প্ৰয়োজন হ’ব।