শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: আজি বুধবাৰ, আপোনাৰ বাবে কেনে হ’ব দিনটো? চাওক ৰাশিফল…

Daily Horoscope: ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কাৰ ভাগ্যত কি আছে...

Daily Horoscope: আজি বুধবাৰ, আপোনাৰ বাবে কেনে হ’ব দিনটো? চাওক ৰাশিফল…
ৰাশিফল
trishna-kalita
Trishna Kalita | Published: 05 Mar 2025 06:00 AM

Daily Horoscope:  আজি ৫ মাৰ্চ, বুধবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

 

মেষ ৰাশি: আজিৰ আপোনাৰ বাবে সুখ-সমৃদ্ধি বৃদ্ধি দিন হ’ব। খৰখেদাকৈ কোনো সিদ্ধান্ত নল’ব। কোনো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব। শহুৰৰ ঘৰৰ কাৰোবাৰ পৰা টকা ধাৰলৈ ল’ব পাৰে। আপুনি পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। কোনোবা আত্মীয়ৰ সহায়ত আপোনাৰ সমস্যা সমাধান হ’ব।

বৃষ ৰাশি: আজি আপোনাৰ বাবে উযাপনৰ দিন হ’ব। আপোনাৰ খৰচ বেছি হ’ব পাৰে।নভবাকৈ খৰচ কৰাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পৰিব। সন্তানে পঢ়া-শুনাৰ বাবে ক’ৰবালৈ ওলাই যাব পাৰে। যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ আনৰ পৰা বাহন লৈ নচলাব। চাকৰিৰ ক্ষেত্ৰত যদি সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে সেয়া সমাধান হ’ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ মাজত কোনো এটা বিষয়ত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে।

মিথুন ৰাশি: সামাজিক ক্ষেত্ৰত কাম কৰাসকলৰ বাবে আজিৰ দিনটো ভাল। আপোনাৰ পদবী আৰু সুনাম বাঢ়িব পাৰে। অবিবাহিতসকলে পৰিয়ালৰ কোনো সদস্যৰ লগত প্ৰেমৰ পৰিচয় কৰাই দিব পাৰে। ঋণ পৰিশোধৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। পৰিয়ালৰ কোনো সদস্য চাকৰিৰ বাবে ঘৰৰ পৰা আঁতৰি যাব পাৰে। সম্পত্তিত বিনিয়োগ কৰাৰ সুযোগ পাব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে ভাল সফলতা লাভ কৰিব।

কৰ্কট ৰাশি: আজি দিনটোত আপোনাৰ কথা-বতৰা আৰু আচৰণত মধুৰতা বজাই ৰাখিব লাগিব। সুখ-সমৃদ্ধি বৃদ্ধি পাব। ইটোৰ পিছত আনটো ভাল খবৰ শুনিবলৈ পাব। সন্তানৰ অনুৰোধত নতুন বাহন ক্ৰয় কৰিব পাৰিব। চৌপাশে বাস কৰা শত্ৰুৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন। আজি আপোনালোকৰ বাবে আনন্দৰ দিন হ’ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ সংগীৰ লগত সংঘাত হোৱাৰ সম্ভাৱনা আছে।

সিংহ ৰাশি: আজিৰ দিনটো আপোনালোকৰ বাবে মিশ্ৰিত দিন হ’ব। পাৰিবাৰিক জীৱনত চলি থকা সমস্যাৰ পৰা সকাহ পাব। পৰিয়ালত চলি থকা সমস্যাবোৰ আপুনি নিজে সমাধান কৰিব লাগিব।কিছুমান বিশেষ মানুহ লগ পাব পাৰে। অলপ চিন্তা কৰি যিকোনো সিদ্ধান্ত ল’ব লাগিব। আপোনাৰ শাৰীৰিক সমস্যাক আওকাণ নকৰিব। আপুনি এজন ভাল চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। কিছু বিনিয়োগত মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ’ব।

কন্যা ৰাশি: আজিৰ দিনটোৰ আপোনাৰ বাবে শুভ। নৱবিবাহিত লোকৰ জীৱনত নতুন অতিথিয়ে প্ৰৱেশ কৰিব পাৰে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰা লোকসকলক অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব। যদি আপুনি আপোনাৰ মাতৃক কোনো কথাত খং কৰিছিল, তেওঁক পতিয়ন নিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আন কামত জড়িত হোৱাৰ বাবে নিজৰ কাম পিছুৱাই দিব পাৰে। যিয়ে পিছত আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে জ্ঞান আৰু বিবেচনাৰে কাম কৰিব লাগিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ যিকোনো ইচ্ছা পূৰণ হব পাৰে। ঘৰত যিকোনো পূজাৰ বাবে প্ৰস্তুতি চলাব পাৰে। বন্ধুৰ সৈতে ক’ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অবিবাহিত মানুহৰ জীৱনত নতুন অতিথি প্ৰৱেশ কৰিব পাৰে। নতুন কৰ্মসংস্থাপনৰ সুযোগ পাব। বহুদিনৰ মূৰত পুৰণি বন্ধুক লগ পাই আপুনি সুখী হ’ব।

বৃশ্চিক ৰাশি: আজি দিনটো আপোনাৰ বাবে বিশেষ হ’ব। ডাঙৰ দায়িত্ব পাব পাৰে। পিতৃৰ পুৰণি ৰোগৰ বাবে চিন্তিত হৈ পৰিব। কামত অধিক ব্যস্ত হৈ পৰিব। নতুন বাহন কিনিব পাৰে। টকাৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। কোনো বিষয়ত ভাতৃৰ সৈতে লগত কাজিয়া হ’ব পাৰে। ব্যৱসায়ীক কামক আওকাণ কৰাটো এৰাই চলিব লাগিব, নহ’লে পিছত পলম হোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশি: আজি আপোনাৰ বাবে পৰোপকাৰী কামত জড়িত হৈ নাম অৰ্জন কৰাৰ দিন হ’ব। মনৰ মাজত কিছু উত্তেজনা থাকিব। কাকো বেয়া পোৱাকৈ একো কথা নক’ব। সন্তানক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। ঘৰৰ মেৰামতিৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ ঘৰলৈ কোনোবা অতিথি আহিব পাৰে। ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব পাৰে। কৰ্মক্ষেত্ৰত যদি কোনো কাৰিকৰী সমস্যা আছে, তেন্তে সেয়া সমাধান হ’ব।

মকৰ ৰাশি: ব্যৱসায়ৰ বাবে আজি দিনটো আপোনাৰ বাবে ভাল। বাকী থকা ধন ঘূৰাই পাব পাৰে। বন্ধুৰ লগত পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বিষয়ে কথা পাতিব পাৰে। ঘৰলৈ নতুন ইলেক্ট্ৰনিক বস্তু আনিব পাৰে। নিজৰ কামবোৰ সম্পূৰ্ণ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ’ব, কিন্তু আপুনি আপোনাৰ কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ পত্নীৰ অনুভৱক সন্মান কৰক।

কুম্ভ ৰাশি: চাকৰি কৰা লোকসকলৰ বাবে আজি এটা ভাল দিন হ’ব। আন কোনো কামৰ বাবে অফাৰ পাব পাৰে। কোনেৱে কৰ্মক্ষেত্ৰত আপোনাৰ ভাল চিন্তাৰ সুবিধা ল’ব পাৰে, কিন্তু কামৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰা আঁতৰি থাকিব লাগিব। সাৱধানে যান-বাহন ব্যৱহাৰ কৰক। সময়মতে কাম সম্পূৰ্ণ কৰিব লাগিব। বহিঃৰাজ্যত ব্যৱসায় কৰাসকলে কিছু লাভৰ সম্ভাৱনা আছে।

মীন ৰাশি: আজিৰ দিনটোত আপুলি বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। যদি আপুনি অংশীদাৰিত্বৰে যিকোনো ব্যৱসায়ত যোগদান কৰে তেন্তে তাত আনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব।
যিকোনো বিষয়ৰ সন্দৰ্ভত আপোনাৰ মনত শান্তি থাকিব। ভগৱানৰ ভক্তিত অতিশয় নিয়োজিত হ’ব। ভাল খাদ্য উপভোগ কৰিব পাৰিব। যদি আপোনাৰ পত্নীৰ সৈতে কিবা বিবাদ চলি আছে, তেন্তে সেইটোও কথা-বতৰাৰ জৰিয়তে সমাধান হ’ব। যান-বাহন সাৱধানে ব্যৱহাৰ কৰিব লাগিব।