5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Dhanteras 2024: ধনতেৰাচৰ দিনা এই স্থানত জ্বলাওক চাকি, ঘৰলৈ আহিব দেৱী লক্ষ্মী!

lighting lamp on dhanteras: হিন্দু ধৰ্মত ধনতেৰাচ উৎসৱৰ লগতে ৫ দিনীয়া পোহৰৰ উৎসৱ দীপাৱলী আৰম্ভ হয়। ধনতেৰাচৰ দিনা মানুহে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ বিভিন্ন ধৰণৰ বজাৰ কৰে আৰু ঘৰৰ চৌদিশে চাকি জ্বলাই।

Dhanteras 2024: ধনতেৰাচৰ দিনা এই স্থানত জ্বলাওক চাকি, ঘৰলৈ আহিব দেৱী লক্ষ্মী!
ধনতেৰাচৰ দিনা এই স্থানত জ্বলাওক চাকি!
trishna-kalita
Trishna Kalita | Published: 27 Oct 2024 11:30 AM

Dhanteras 2024: প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত ধনতেৰাচ উদযাপন কৰা হয়। দেৱালীৰ ২ দিন আগতে ধনতেৰাচ উদযাপন কৰা হয়। দেৱালী উৎসৱ এই দিনটোৰ পৰাই আৰম্ভ হয়।পৌৰাণিক বিশ্বাস অনুসৰি, দেৱী লক্ষ্মীৰ কৃপা আৰু ঘৰৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে ধনতেৰাচৰ দিনা বজাৰ কৰাৰ পৰম্পৰা আছে আৰু সন্ধিয়া ঘৰৰ প্ৰতিটো কোণ চাকিৰে আলোকিত কৰা হয়।

বিশ্বাস অনুসৰি, ঘৰৰ কিছুমান স্থান আছে য’ত ধনতেৰাচৰ দিনা চাকি জ্বলাব লাগে। এই ঠাইবোৰত চাকি জ্বলাই দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে আৰু গোটেই বছৰটো ঘৰত ধনৰ অভাৱ নহয়।জ্যোতিষশাস্ত্ৰ অনুসৰি, ধনতেৰাচৰ দিনা কোনবোৰ ঠাইত চাকি জ্বলাই লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰিব পৰাবি জানক।

এই বছৰ ধনতেৰাচ কেতিয়া?

বৈদিক পঞ্জিকাৰ মতে, ত্ৰয়োদশী তিথি ২৯ অক্টোবৰ ২০২৪ৰ মঙলবাৰে পুৱা ১০:৩১ বজাত আৰম্ভ হ’ব, আৰু পৰৱৰ্তী দিনা ৩০ অক্টোবৰ বুধবাৰে দুপৰীয়া ১:১৫ বজাত সমাপ্ত হ’ব। উদয় তিথিৰ মতে, এই বছৰ ধনতেৰাছ ২৯ অক্টোবৰত উদযাপন কৰা হ’ব।

ধনতেৰাচ ২০২৪ৰ পূজাৰ শুভ সময়

হিন্দু বৰ্ষপঞ্জী অনুসৰি, ধনতেৰাচ পূজাৰ শুভ সময় ২৯ অক্টোবৰ মঙলবাৰে সন্ধিয়া ৬.৩১ বজাৰ পৰা সন্ধিয়া ৮.১৩ বজালৈ থাকিব। এইবাৰ ধনতেৰাচত পূজাৰ মুঠ সময় হ’ব ১ ঘণ্টা ৪১ মিনিট।

এই ঠাইবোৰত চাকি জ্বলাওক

  • দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ পাবলৈ, ধনতেৰাছৰ নিশা ঘৰৰ মন্দিৰত অখণ্ড দীপ জ্বলাওক। এইটো বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰত সুখ আৰু সমৃদ্ধি আহে আৰু বাস্তুৰ দোষ আঁতৰ হয়।
  • ধনতেৰাচৰ নিশা, তুলসী তলত গৰুৰ ঘিউৰ চাকি জ্বলাওক। এনে কৰিলে দেৱী লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুৰ আশীৰ্বাদো লাভ হয়।
  • ধনতেৰাচৰ নিশা ঘৰৰ উত্তৰ-পূব দিশত গৰুৰ ঘিউৰ চাকি জ্বলাব লাগে। এই চাকিটো জ্বলোৱাৰ সময়ত অলপ কেশৰ যোগ দিব। এতিয়া চাকি জ্বলোৱা ঠাইত মাটিত অলপ চাউল ৰাখক আৰু এই চাউলবোৰৰ ওপৰত চাকিটো ৰাখক। মনত ৰাখিব যে এই চাকিটো পোনপটীয়াকৈ মাটিত থব নালাগে।
  • ঘৰত ধন বৃদ্ধি কৰিবলৈ আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ, ধনতেৰাচৰ দিনা সন্ধিয়া আঁহত গছৰ তলত চাকি জ্বলাওক। এইটো বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰত ধনৰ কোনো অভাৱ নহয়।
  • আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ধনতেৰাচৰ দিনা নিশা বেল গছৰ তলত বিশুদ্ধ গৰুৰ ঘিউৰ চাকি জ্বলাওক। এইটো বিশ্বাস কৰা হয় যে ভগৱান শিৱ, মাতা পাৰ্বতী, লক্ষ্মীকে ধৰি বহুতো দেৱ-দেৱীয়ে বেল গছত বাস কৰে।

(স্পষ্টীকৰণ: ওপৰোক্ত তথ্যবোৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। টিভি 9য়ে ইয়াৰ নিশ্চিতি প্ৰদান কৰা নাই)

 

Latest News