Dhanteras: আজি ধনতেৰাচঃ ভুলতো ক্ৰয় নকৰিব এইসমূহ সামগ্ৰী, হ’ব আৰ্থিক সমস্যা…

Dhanteras 2024: আজি ধনতেৰাচ। এই দিনটোত ভগৱান ধন্বন্তৰিক পূজা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত কিছুমান সামগ্ৰী ক্ৰয় কৰা শুভ আৰু কিছুমান ক্ৰয় কৰা অশুভ বুলি গন্য কৰা হয়।

Dhanteras: আজি ধনতেৰাচঃ ভুলতো ক্ৰয় নকৰিব এইসমূহ সামগ্ৰী, হব আৰ্থিক সমস্যা...

ধনতেৰাচ

Published: 

29 Oct 2024 07:26 AM

আজি ধনতেৰাচ। হিন্দু ধৰ্মত ধনতেৰাচৰ মহত্ব অধিক। এই দিনটোত ভগৱান ধন্বতৰি আৰু দেৱী লক্ষ্মীক পূজা কৰা হয়। ধনতেৰাচৰ দিনা শুভ সময়ত মানুহে সোণ-ৰূপৰ আ- অলংকৰ , নতুন বাচন- বৰ্তন আদি ক্ৰয় কৰে। প্ৰতিবছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত এই উৎসৱ পালন কৰা হয়। ধনতেৰাচৰ দিনা প্ৰথমে বজাৰ কৰা হয় আৰু পাছত দেৱী লক্ষ্মী, ভগৱান ধন্বন্তৰি আৰু কুবেৰ দেৱক পূজা কৰা হয়।

কোন সময়ত বস্তু ক্ৰয় কৰিব

ধনতেৰাচৰ দিনা সোণ, ৰূপ, বাচন-বৰ্তন, গহনা ক্ৰয় কৰাটো বিশেষভাৱে শুভ বুলি গণ্য কৰা হয়। এইবোৰৰ বাহিৰে ঝাড়ু, তামৰ বাচন, ধনীয়া আৰু নিমখ কিনাটোও শুভ বুলি গণ্য কৰা হয়। এইবোৰ কিনিলে ঘৰলৈ লক্ষ্মীৰ আগমন ঘটে বুলি কোৱা হয়। ধনতেৰাচত সামগ্ৰী কিনাৰ শুভ সময় ২৯ অক্টোবৰৰ পুৱা ৬:৩১ বজাৰ পৰা ৩০ অক্টোবৰৰ পুৱা ১০:৩১ বজালৈ।  উল্লেখ্য যে, ২৯ অক্টোবৰ বিয়লি ২:৫১ বজাৰ পৰা ৪:১৫ বজালৈ ৰাহুকাল হব, গতিকে এই সময়চোৱাত ভুলতো বস্তু ক্ৰয় কৰিব নালাগে।

সোণ- ৰূপৰ বাহিৰে কি ক্ৰয় কৰিব পাৰে

ষ্টীল বা তামৰ বাচন – ধনতেৰাচৰ দিনা যিকোনো নতুন বস্তু ঘৰলৈ আনিলে ধনৰ দেৱী লক্ষ্মী দেৱীৰ আগমন ঘটে বুলি ধৰ্মীয় বিশ্বাস আছে। যদি কিবা কাৰণত সোণ বা ৰূপ কিনিব নোৱাৰি, তেন্তে ষ্টীল বা তামৰ বাচন কিনিব পাৰে।

ঝাড়ু –আজিৰ দিনটোত যদি বাচন-বৰ্তন কিনিব নোৱাৰে, তেন্তে ঝাড়ু কিনিব পাৰে। বিশ্বাস কৰা হয় যে ঝাড়ু লক্ষ্মী দেৱীৰ অতি মৰমৰ আৰু ধনতেৰাচৰ দিনা ঝাড়ু ক্ৰয় কৰিলে দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ পোৱা যায়।

ধনীয়া বা নিমখ –আজিৰ দিনটোত ধনীয়া বা নিমখো ক্ৰয় কৰিব পাৰে। ধনতেৰাচৰ দিনা ধনীয়া গুটি আৰু নিমখ কিনাটোও শুভ বুলি গণ্য কৰা হয়। এই দুয়োটা বস্তুৱেও পবিত্ৰতাৰ প্ৰতীক।

লক্ষ্মী গণেশ মূৰ্তি – এই দিনটোত লক্ষ্মী দেৱী আৰু গণেশৰ মূৰ্তি ক্ৰয় কৰিব পাৰে। এনে কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ মূৰ্তি ক্ৰয় কৰি জীৱনৰ সকলো বাধা দূৰ হয়।

নতুন কাপোৰ- আজিৰ দিনটোত নতুন কাপোৰ ক্ৰয় কৰিব পাৰে। নতুন কাপোৰ ক্ৰয় কৰাও শুভ বুলি গন্য কৰা হয়।

 

কি ক্ৰয় কৰিব নালাগে

এই দিনটোত কাঁচ.,প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে। ইয়াৰোপৰি এই দিনটোত এলুমিনিয়ামৰ সামগ্ৰী ক্ৰয় কৰাটো অশুভ বুলি গন্য কৰা হয়।জ্যোতিষত এলুমিনিয়ামক দুৰ্ভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়।

 

(স্পষ্টীকৰণঃ ওপৰত উল্লেখিত তথ্যসমূহ ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰ । ইয়াৰ কোনো সত্যাসত্য টিভি-৯ ৰ লগত।অধিক জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।)

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?