Dhanteras 2024: কাইলৈ ধনতেৰাচ, এইদৰে কৰক ধন্বন্তৰি দেৱতাৰ পূজা | Dhanteras to be celebrated tomorrow, why worship the deity Dhanvantari at Dhanteras Assam news - Assam Tv9

Dhanteras 2024: কাইলৈ ধনতেৰাচ, এইদৰে কৰক ধন্বন্তৰি দেৱতাৰ পূজা

এইবাৰ ২৯ অক্টোবৰত ধনতেৰাচ উৎসৱ পালন কৰা হ’ব। ধনতেৰাচৰ দিনা সোণ-ৰূপ ক্ৰয় কৰাৰ পৰম্পৰা আছে।নতেৰাছৰ দিনা দেৱী লক্ষ্মী, কুবেৰ দেৱৰ লগতে আৰু ভগৱান ধন্বন্তৰিক পূজা কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰৰ পূজা কৰিলে ধন-সম্পত্তি বৃদ্ধি হয়।

Dhanteras 2024: কাইলৈ ধনতেৰাচ, এইদৰে কৰক ধন্বন্তৰি দেৱতাৰ পূজা

কাইলৈ ধনতেৰাচ

Published: 

28 Oct 2024 19:54 PM

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখত ধনতেৰাচ উৎসৱ পালন কৰা হয়। এইবাৰ ২৯ অক্টোবৰত ধনেৰাচ উৎসৱ পালন কৰা হ’ব। ধনেৰাচৰ দিনা সোণ, ৰূপ, বাচন, ঝাড়ুৰ দৰে বস্তু কিনাটো অতি শুভ বুলি গণ্য কৰা হয়। ধনেৰাচ উপলক্ষে ভগৱান ধন্বন্তৰিৰ পূজাৰ পৰম্পৰা আছে।

ধনতেৰাচ হ’ল হিন্দু সকলৰ উৎসৱ। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস-উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। ‌ এই উৎসৱ মূলত উত্তৰ ভাৰতীয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে।

ধনতেৰাচ দুটা শব্দৰে গঠিত, প্ৰথম ধন আৰু দ্বিতীয় তেৰাচ, যাৰ অৰ্থ তেৰগুণ ধন। ভাৰতীয় সংস্কৃতিত স্বাস্থ্যক সৰ্বাধিক সম্পদ বুলি গণ্য কৰা হয়। এই কথাষাৰ আজিও বিখ্যাত যে ‘প্ৰথম সুখ হ’ল সুস্থ শৰীৰ, দ্বিতীয় সুখ ঘৰত মায়া’, সেয়েহে দীপাৱলীৰ আগত ধনতেৰাচক গুৰুত্ব দিয়া হয়।

ইয়াৰ লগতে এই দিৱসটো ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপেও পালন কৰা হয়। ভগৱান ধন্বন্তৰিৰ পিছত দুদিন পিছত সাগৰৰ পৰা মাতৃ লক্ষ্মী আবিৰ্ভাৱ হয়, সেয়েহে ধনতেৰাচৰ ২ দিন পিছত দীপাৱলী উৎসৱ পালন কৰা হয়। ভগৱান ধন্বন্তৰিক পূজা কৰি স্বাস্থ্য আৰু সুখ লাভ কৰে।

ধনতেৰাচত কি কিনিব লাগে?

ধনেৰাচত সোণ, ৰূপ, নতুন বাচন-বৰ্তন আৰু গহনা ক্ৰয় কৰাটো বিশেষভাৱে শুভ বুলি গণ্য কৰা হয়। আজিৰ দিনটোতে মানুহে নতুন বাচন-বৰ্তন কিনি লক্ষ্মী দেৱীক অৰ্পণ কৰি ঘৰত সমৃদ্ধি কঢ়িয়াই আনে। ইয়াৰ বাহিৰে ধনতেৰাৰ দিনা ঘৰত নতুন বস্তু আনিলে ধন-সম্পত্তি আনে।

ধন্বন্তৰি কোন?

বেদ আৰু পুৰাণত ধন্বন্তৰিক আয়ুৰ্বেদৰ দেৱতা বুলি উল্লেখ আছে। এওঁক দেৱতা সকলৰ চিকিৎসক বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল। সেয়ে দেৱালীৰ দুদিন আগতে তেওঁৰ জন্মজয়ন্তী পালন কৰা হয়। এই দিনা ভাৰতৰ কিছুমান ঠাইত ধনতেৰাচ হিচাপে পালন কৰা হয়। তেওঁৰ হাতত শংখ, চক্ৰ, অমৃতৰ ঘট আৰু বনৌষধি থাকে। আয়ুৰ্বেদৰ জনক হিচাপে তেওঁক সুস্থ আৰু আৰোগ্য জীৱন লাভ কৰিবলৈ পূজা অৰ্চনা কৰে। আয়ুৰ্বেদিক মহাবিদ্যালয় সমূহত ধন্বন্তৰিক বিশেষ মৰ্যাদা দিয়া হয়। ২০১৬ চনত ভাৰত চৰকাৰ আৰু আয়ুস মন্ত্ৰণালয়ে ধন্বন্তৰি জয়ন্তীক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰে।

ৰামায়ণৰ বালকাণ্ড আৰু ভাগৱত পুৰাণৰ মতে ক্ষীৰ সাগৰ মন্থনৰ ফলত ধন্বন্তৰিৰ উৎপত্তি হৈছিল। দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক ত্ৰয়োদশী তিথিত তেওঁৰ অভিৰ্ভাৱ হৈছিল। মন্দৰগিৰী পৰ্বতক মন্থন দণ্ড আৰু সৰ্পৰাজ বাসুকীক মন্থনজৰী হিচাপে ব্যৱহাৰ কৰা সাগৰ মন্থনত উদ্ভৱ ধন্বন্তৰিৰ হাতৰ অমৃত পাবলৈ দেৱতা অসুৰে হাহাকাৰ কৰিছিল। পিছত বিষ্ণুয়ে মোহিনী অৱতাৰ ধৰি দেৱতাক অমৃত পান কৰাত সহায় কৰিলে। ধন্বন্তৰিক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়।

ভগৱান ধন্বন্তৰিক সংস্কৃত গ্ৰন্থ সমূহত বিষ্ণুৰ এক অৱতাৰ বুলি উল্লেখ আছে। তেওঁক এজন সুঠাম দেহৰ সুন্দৰ পুৰুষৰ ৰূপত কল্পনা কৰা হয়। তেওঁৰ হাত চাৰিখন। তেওঁৰ এখন হাতত শংখ, এখনত চক্ৰ, এখনত জোক আৰু আন এখনত সঞ্জীৱনী সুধা অৰ্থাৎ অমৃতৰ ঘট থাকে। কিছুমান স্বৰূপত তেওঁৰ ওচৰত বনৌষধি আৰু আয়ুৰ্বেদ শাস্ত্ৰ দেখুওৱা হয়।

মন্দিৰ ক’ত ক’ত আছে?

ভাৰতৰ বিভিন্ন ঠাইত ধন্বন্তৰিৰ মন্দিৰ অৱস্থিত। দক্ষিণ ভাৰতত তেওঁৰ মন্দিৰৰ সংখ্যা ভাৰতৰ আন ঠাই সমূহতকৈ বেছি। কেৰালা আৰু তামিলনাডুত আয়ুৰ্বেদৰ ব্যাপক চৰ্চা কৰা বাবে ইয়াত ধন্বন্তৰিৰ মন্দিৰৰ সংখ্যা বেছি। তদুপৰি আয়ুৰ্বেদিক মহাবিদ্যালয় তথা পাৰম্পৰিক ভাৰতীয় চিকিৎসা প্ৰতিষ্ঠানত ধন্বন্তৰিক পূজা কৰা হয়।

 

 

 

শৰীৰৰ পুষ্টিৰ অভাৱ পূৰণৰ বাবে তালিকাত ৰাখক এই চাৰিবধি খাদ্য...
এমাহ ধৰি খায়ছে নেকি গেছৰ টেবলেট? কদাপি নকৰিব এনে ভুল, হ’ব পাৰে বিষম পৰিস্থিতি
শুভ ফল লাভৰ বাবে ঘৰৰ এই দিশত ৰোপণ কৰক এজোপা তুলসী গছ
মানস ৰাষ্ট্ৰীয় উদ্যানত পুনৰ দেখা গ'ল এছিয়াটিক সোণালী মেকুৰী...