৩১ অক্টোবৰ নে ১ নৱেম্বৰ! কেতিয়া হ’ব দিপাৱলী? পণ্ডিতসকলে কি কয় চাওক... | Diwali 2024 date 31 October or 1 November Ayodhya Kashi Vrindavan pandit's opinion Navratri Assam news - Assam Tv9

৩১ অক্টোবৰ নে ১ নৱেম্বৰ! কেতিয়া হ’ব দিপাৱলী? পণ্ডিতসকলে কি কয় চাওক…

লগে লগে দেশত আৰম্ভ হৈছে উৎসৱৰ বতৰ। নৱৰাত্ৰিৰ ন দিনৰ পিছত দশম দিনত পালন কৰা হ’ব দশেৰা আৰু ইয়াৰ পিছতে দেশবাসীয়ে পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। পিছে দিপাৱলী উৎসৱ কেতিয়া পালন কৰা হ’ব, সেই লৈ উদয় হৈছে এক প্ৰশ্নৰ।

৩১ অক্টোবৰ নে ১ নৱেম্বৰ! কেতিয়া হ’ব দিপাৱলী? পণ্ডিতসকলে কি কয় চাওক...

কেতিয়া পালন কৰা হ’ব দিপাৱলী?

Published: 

03 Oct 2024 19:44 PM

আজিৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি। ইয়াৰ লগে লগে দেশত আৰম্ভ হৈছে উৎসৱৰ বতৰ। নৱৰাত্ৰিৰ ন দিনৰ পিছত দশম দিনত পালন কৰা হ’ব দশেৰা আৰু ইয়াৰ পিছতে দেশবাসীয়ে পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। এই উৎসৱৰ বতৰত প্ৰতিটো উৎসৱ উদযাপনৰ বাবে তথা উপভোগৰ বাবে পৰম আকাংক্ষাৰে অপেক্ষা কৰিছে সমগ্ৰ দেশে। পিছে এই পৰিকল্পনাত দেশবাসীৰ মাজত এক বিশেষ প্ৰশ্নই ধৰা দিছে- দিপাৱলী কেতিয়া? ৩১ অক্টোবৰ নে ১ নৱেম্বৰ? এই প্ৰশ্ন উদয় হোৱাৰো আছে এক কাৰণ।

দেশৰ দীপাৱলীৰ তাৰিখ সন্দৰ্ভত হিন্দু ধৰ্মৰ পবিত্ৰ স্থান হিচাপে বিবেচিত বহু স্থানৰ পণ্ডিত আৰু আচাৰ্যসকলৰ মাজত দেখিবলৈ পোৱা গৈছে মতানৈক্য। ৰামৰ জন্মভূমি অযোধ্যাত ১ নৱেম্বৰত দীপাৱলী উদযাপনৰ সিদ্ধান্ত লোৱা হৈছে। আনফালে আন এখন ধৰ্মীয় চহৰ কাশীত ৩১ অক্টোবৰত দিপাৱলী উদযাপনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এনে পৰিস্থিতিত দিপাৱলী উদযাপনৰ নিৰ্দিষ্ট দিনক লৈ উঠিছে প্ৰশ্ন।

এই সন্দৰ্ভত TV9 ভাৰতবৰ্ষই উজ্জয়নৰ বিখ্যাত জ্যোতিষী আনন্দশংকৰ ব্যাস, কাশী বিদ্বত পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামনাৰায়ণ দ্বিবেদী, অযোধ্যাৰ শ্ৰীৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাস আৰু বৃন্দাবনৰ শ্ৰীমদ্ভাগৱত মন্দিৰ আৰু ধৰ্ম সুৰক্ষা সঙ্গৰ প্ৰতিষ্ঠাপক আচাৰ্য বদ্ৰীশৰ সৈতে বিশেষ বাৰ্তালাপ কৰিছিল। এই ক্ষেত্ৰত তেওঁলোকে আগবঢ়াইছে নিজা মতামত।

অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে জানিবলৈ দিয়া মতে ১ নৱেম্বৰত দীপাৱলী পালন কৰা হ’ব। তেওঁ লগতে যিহেতু অযোধ্যাত শ্ৰী ৰাম লালাৰ এটা ভৱিষ্যৎ মন্দিৰ নিৰ্মাণ কৰা হৈছে, সেয়েহে অযোধ্যাবাসীক দীপাৱলী উৎসৱ অধিক আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ অনুৰোধ জনায়। সেই অনুসাৰে ১ নৱেম্বৰত বন্তি জ্বলোৱা হ’ব আৰু ১ নৱেম্বৰতে লক্ষ্মী পূজন কৰা হ’ব বুলি তেওঁ কয়।

আনহাতে উজ্জয়নৰ বিখ্যাত জ্যোতিষী আনন্দশংকৰ ব্যাসে এইবাৰ ৩১ অক্টোবৰত দীপাৱলী উৎসৱ পালন কৰাটোৱেই উত্তম হ’ব বুলি মত পোষণ কৰে। তেওঁৰ মতে লক্ষ্মী পূজনৰ বাবে সন্ধিয়া অমৱস্যা হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ৩১ অক্টোবৰৰ সন্ধিয়া অমাৱস্যা হ’ব আৰু সেয়েহে এই দিনটোত দীপাৱলী উৎসৱ পালন কৰাটো উত্তম হ’ব বুলি তেওঁ লগতে কয়। তদুপৰি অমাৱস্য তিথি ১ নৱেম্বৰত সন্ধিয়া ৫ বজালৈকেহে থাকিব বাবে ৩১ অক্টোবৰত দীপাৱলী উৎসৱ পালন কৰাটো উত্তম হ’ব বুলি তেওঁ কয়।

কাশী বিদ্বত পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামনাৰায়ণ দ্বিবেদীয়ে কেলেণ্ডাৰ অনুসৰি সকলো পণ্ডিতে ৩১ অক্টোবৰত দীপোৎসৱ উদযাপন কৰাৰ বাবে সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে। এই দিনটোত লক্ষ্মী আৰু মা কালীৰো পূজা কৰা হ’ব। তেওঁ লগতে অহা ৩০ অক্টোবৰত ছোটি দীপাৱলী আৰু হনুমান জন্মোৎসৱ উদযাপন কৰা হ’ব বুলিও জানিবলৈ দিয়ে। কাশী হিন্দু বিশ্ববিদ্যালয়ৰ জ্যোতিষ বিভাগৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক বিনয় কুমাৰ পাণ্ডেয়ো একেই মত পোষণ কৰে।

ইফালে বৃন্দাবনৰ পণ্ডিতসকলৰ মাজতো এই বিষয়ত ভিন্ন মতামত দেখা গৈছে। বৃন্দাবনৰ শ্ৰীমদ্ভাগৱত মন্দিৰ আৰু ধৰ্ম সুৰক্ষা সঙ্গৰ প্ৰতিষ্ঠাপক তথা সভাপতি আচাৰ্য বদ্ৰীশে কয় যে প্ৰতিটো সিদ্ধান্ত শাস্ত্ৰৰ আধাৰত লোৱা হয় আৰু তেনেকুৱা হ’ব লাগে। দীপাৱলীত প্ৰদোষ কালৰ নিজস্ব গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ১ নৱেম্বৰতহে দীপাৱলী পালন কৰিব লাগে বুলি তেওঁ লগতে কয়।

সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!