Diwali 2024 Astro Tips: দীপাৱলীত আপোনাৰ ৰাশি অনুযায়ী কি ৰঙৰ কাপোৰ পিন্ধিব? ভাগ্য উদয় কৰাৰ এয়াই সোণালী সুযোগ!

দীপাৱলীৰ দিনা প্ৰতিজন ব্যক্তিয়ে বিচাৰে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ। সেয়ে লক্ষ্মী দেৱীক সন্তুষ্ট কৰাৰ বাবে দেৱালীৰ দিনা মানুহে বিভিন্ন ধৰণৰ পূজা আৰু প্ৰতিকাৰ কৰে। জ্যোতিষীৰ মতে দীপাৱলীৰ নিশা যদি নিজৰ ৰাশি অনুযায়ী দান দিয়া হয় আৰু ৰাশিৰ বাবে উপযোগী ৰঙৰ কাপোৰ পিন্ধা হয়, তেন্তে লক্ষ্মী দেৱীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে।

Diwali 2024 Astro Tips: দীপাৱলীত আপোনাৰ ৰাশি অনুযায়ী কি ৰঙৰ কাপোৰ পিন্ধিব? ভাগ্য উদয় কৰাৰ এয়াই সোণালী সুযোগ!

দীপাৱলীত আপোনাৰ ৰাশি অনুযায়ী পিন্ধক কাপোৰ

Updated On: 

30 Oct 2024 18:41 PM

কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যা তাৰিখত দীপাৱলী উৎসৱ পালন কৰা হয়। এই উৎসৱ ভাৰতৰ অন্যতম প্ৰধান উৎসৱ। দীপাৱলী উৎসৱ ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক। এই পবিত্ৰ উৎসৱত লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ বিশেষভাৱে পূজা কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোতে লক্ষ্মী দেৱী সুখী হ’লে ভক্তক আশীৰ্বাদ দি তেওঁলোকৰ ঘৰত বাস কৰিবলৈ আহে। যাৰ ফলত ভক্তসকলে ধন-সম্পত্তি, সমৃদ্ধি আৰু সুখ লাভ কৰে।

দীপাৱলীৰ নিশা শুভ সময়ত লক্ষ্মী দেৱীৰ বিশেষ পূজা কৰাৰ পৰম্পৰা আছে। পূজাৰ সময়ত দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰা হয়, যেনে-ঘৰ চাফা কৰা, নতুন কাপোৰ পিন্ধা, দান দিয়া। জ্যোতিষীৰ মতে দীপাৱলীৰ নিশা লক্ষ্মী পূজাৰ সময়ত নিজৰ ৰাশি অনুযায়ী নিৰ্দিষ্ট ৰঙৰ কাপোৰ পিন্ধি তাৰ পিছত কিছু বস্তু দান কৰিব লাগে। এইবাৰ ৩১ অক্টোবৰ, বৃহস্পতিবাৰে পালন কৰা হ’ব দীপাৱলী উৎসৱ।

দীপাৱলীত এই ৰঙৰ কাপোৰ পিন্ধি নিজৰ ৰাশি অনুযায়ী পূজা কৰক আৰু এইবোৰ বস্তু দান কৰক।

মেষ ৰাশি

দীপাৱলীৰ দিনা ৰঙা ৰঙৰ কাপোৰ পিন্ধি লক্ষ্মী পূজা কৰাটো মেষ ৰাশিৰ লোকৰ বাবে বিশেষভাৱে শুভ হ’ব। দীপাৱলীৰ দিনা আৰ্তজনক চেনি দান কৰিব লাগে।

বৃষ ৰাশি

বৃষ ৰাশিৰ লোকসকলে দীপাৱলী পূজাৰ সময়ত বগা ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে। এই দিনটোত সেউজীয়া মগু দান কৰাটো আপোনাৰ বাবে বিশেষভাৱে শুভ হ’ব।

মিথুন ৰাশি

মিথুন ৰাশিৰ লোকে দীপাৱলী পূজাৰ সময়ত পাতল হালধীয়া বা ক্ৰীম ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে। দীপাৱলীৰ দিনা গুৰ দান আপোনালোকৰ বাবে শুভ হ’ব।

কৰ্কট ৰাশি

এই ৰাশিৰ লোকসকলে লক্ষ্মী দেৱীক পূজা কৰাৰ সময়ত নীলা ৰঙৰ কাপোৰ পিন্ধিব লাগে। এই দিনটোত আপুনি মন্দিৰলৈ বা আৰ্তজনৰ বাবে চাউল দান কৰিব পাৰে।

সিংহ ৰাশি

সিংহ ৰাশিৰ লোকসকলে দীপাৱলীৰ দিনা লক্ষ্মী পূজা কৰাৰ সময়ত বগা ৰঙৰ কাপোৰ বা যি কাপোৰত বগা ৰং আন ৰংতকৈ বেছি, সেই কাপোৰ পিন্ধিব লাগে। দীপাৱলীৰ দিনা আৰ্তজনক কাপোৰ দান কৰাটো আপোনালোকৰ বাবে শুভ হ’ব।

কন্যা ৰাশি

কন্যা ৰাশিৰ লোকসকলে দীপাৱলীত লক্ষ্মী দেৱী পূজা কৰাৰ সময়ত ধূসৰ ৰঙৰ কাপোৰ পৰিধান কৰি লক্ষ্মী দেৱী পূজা কৰাৰ পিছত মিঠাই খুৱাই ব্ৰাহ্মণক দক্ষিণা দিব লাগে।

তুলা ৰাশি

তুলা ৰাশিৰ লোকসকলে দীপাৱলীৰ দিনা গোলাপী ৰঙৰ কাপোৰ পৰিধান কৰি লক্ষ্মীক পূজা কৰিব লাগে। দীপাৱলীৰ দিনা আপোনালোকৰ বাবে কিতাপ দান কৰাটো বিশেষভাৱে শুভ হ’ব।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ লোকসকলে দীপাৱলী পূজাৰ সময়ত মেৰুণ ৰঙৰ কাপোৰ পৰিধান কৰি এই দিনটোত মগু দালি আৰু গুড় দান কৰিব লাগে।

ধনু ৰাশি

ধনু ৰাশিৰ লোকসকলে দীপাৱলীৰ দিনা বাদামী ৰঙৰ কাপোৰ পৰিধান কৰি লক্ষ্মীক পূজা কৰিব লাগে। এই দিনটোত লোহাৰে তৈয়াৰী বস্তু দান কৰিলে আপোনাৰ বাবে শুভ হ’ব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকসকলে দীপাৱলীত নীলা ৰঙৰ কাপোৰ পিন্ধি লক্ষ্মী দেৱীক পূজা কৰিব লাগে আৰু এই দিনটোত গোটা ধনীয়া দান কৰিব লাগে।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ লোকসকলে দীপাৱলীত লক্ষ্মী দেৱীৰ পূজাৰ সময়ত ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে। এই দিনটোত মন্দিৰত দেৱী দুৰ্গাক ৰঙা গোলাপ ফুল আগবঢ়োৱাটো আপোনাৰ বাবে উপকাৰী হ’ব।

মীন ৰাশি

মীন ৰাশিৰ লোকসকলে দীপাৱলীত লক্ষ্মী পূজাৰ সময়ত ৰূপালী ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে। এই দিনটোত আপুনি আৰ্তজনক কম্বল দান কৰিব লাগে।

(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)

খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...