Diwali 2024 Right Date And Time: আঁতৰিল বিভ্ৰান্তি! দীপাৱলী উদযাপনৰ সঠিক তাৰিখ, সময় সম্পৰ্কে জানক | diwali 2024 Laxmi Puja Right date and time diwali Laxmi Puja rules Assam news - Assam Tv9

Diwali 2024 Right Date And Time: আঁতৰিল বিভ্ৰান্তি! দীপাৱলী উদযাপনৰ সঠিক তাৰিখ, সময় সম্পৰ্কে জানক

Diwali date: ৩১ অক্টোবৰ নে ১ নৱেম্বৰত উদযাপন কৰিব দীপাৱলী? লক্ষ্মী পুজাৰ সঠিক সময় কেতিয়া। এইবাৰ দীৰ্ঘদিন ধৰি দেৱালীৰ তাৰিখক লৈ সকলোৰে মনত বিভ্ৰান্তি চলি থকা দেখা গৈছে। এই প্ৰতিবেদনৰ জৰিয়তে আপোনাৰ বিভ্ৰান্তি আঁতৰ কৰক।

Diwali 2024 Right Date And Time: আঁতৰিল বিভ্ৰান্তি! দীপাৱলী উদযাপনৰ সঠিক তাৰিখ, সময় সম্পৰ্কে জানক

দীপাৱলী উদযাপনৰ সঠিক দিন, সময় সম্পৰ্কে জানক

Updated On: 

25 Oct 2024 13:22 PM

Diwali 2024 Laxmi Puja date and time: হিন্দু ধৰ্মত দীপাৱলী উৎসৱ অতি আড়ম্বৰ পূৰ্ণ ভাবেৰে পালন কৰা হয়।। কেইমাহমান আগৰে পৰা লক্ষ্মী পুজাৰ প্ৰস্তুতি আৰম্ভ হয়। একে সময়তে,এই বছৰ দেৱালী আৰু ধনতেৰাছৰ তাৰিখক লৈ মানুহৰ মাজত এক ডাঙৰ বিভ্ৰান্তি সৃষ্টি হৈছে। অৱশ্যে কাতি মাহৰ অমাৱস্যা তিথিত প্ৰতি বছৰে দেৱালী উৎসৱ উদযাপন কৰা হয়। গতিকে কাতি মাহৰ অমাৱস্যা তিথি কেতিয়া আৰু লক্ষ্মী পুজাৰ বাবে শুভ সময় সম্পৰ্কে জানো আহক…

বৈদিক পঞ্জিকাৰ মতে হিন্দু ধৰ্মৰ ব্ৰত উৎসৱৰ সময় উদয়া তিথিৰ আধাৰত নিৰ্ধাৰণ কৰা হয়। দেৱালীৰ পূজা দিনৰ অন্তত অৰ্থাৎ প্ৰদোষ কালত কৰা হয়। যেতিয়া বৃষ লগ্ন বা স্থিৰ লগ্নৰ প্ৰচলন হয়।
এইটো বিশ্বাস কৰা হয় যে যদি স্থিৰ লগ্নত পূজা কৰিলে দেৱী লক্ষ্মীয়ে ঘৰত বায় কৰে।

দেৱালী ২০২৪ৰ তাৰিখ: Diwali 2024 Date

বৈদিক পঞ্চাংগৰ মতে, দেৱালী অৰ্থাৎ কাতি মাহৰ অমাৱস্যা তিথি অক্টোবৰৰ ২০২৪ তাৰিখ আবেলি ৩:৫২ বজাৰ পৰা আৰম্ভ হ’ব। এই তিথি ১ নৱেম্বৰৰ সন্ধিয়া ৬:১৬ বজাত সমাপ্ত হ’ব। পাঞ্চাঙৰ মতে অমাৱস্যা তিথি ৩১ অক্টোবৰৰ নিশালৈ থাকিব। এই অনুসৰি ৩১ অক্টোবৰৰ নিশা লক্ষ্মী পূজাৰ বাবে শুভ সময়।

বৈদিক পঞ্চাংগৰৰ মতে অমাৱস্যা তিথি ১ নৱেম্বৰৰ সন্ধিয়া ৬:১৬ বজাত সমাপ্ত হ’ব। তাৰ পাছত প্ৰতিপদ তিথি আৰম্ভ হ’ব। যি সময়ত কোনো মাংগলিক কাৰ্য কৰাটো নিষিদ্ধ। সেয়েহে ৩১ অক্টোবৰত দেৱালী উদযাপন কৰা হ’ব।

দেৱালী, ২০২৪ লক্ষ্মী পূজাৰ শুভ সময়

বৈদিক পঞ্চাংগৰ মতে, দেৱালীৰ প্ৰদোষ কাল সন্ধিয়া ৫.৩৬ বজাৰ পৰা ৮.১১ বজালৈ থাকিব। একে সময়তে, বৃষ লগ্ন সন্ধিয়া ৬.২৫ বজাত আৰম্ভ হৈ ৮.২০ বজাত সমাপ্ত হ’ব। এনে পৰিস্থিতিত সন্ধিয়া ৬.২৫ বজাৰ পৰা সন্ধিয়া ৮.২০ বজালৈ লক্ষ্মী পুজা কৰাৰ শুভ সময় থাকিব।

দেৱালীত লক্ষ্মী পূজাৰ পদ্ধতি

উত্তৰ-পূব বা উত্তৰ দিশটো দেৱালীৰ সন্ধিয়া লক্ষ্মী পুজাৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।এই সময়ত উপাসনাস্থলী পৰিষ্কাৰ কৰক । তাৰ পাছত এটা বাচনত চাউল ৰাখক। কাঠ, বাঁহৰ পোষ্টত ৰঙা কাপোৰ বান্ধী দেৱী লক্ষ্মীৰ মূৰ্তি বা ফটো স্থাপন কৰক। মা লক্ষ্মীৰ সৈতে গণেশ আৰু কুবেৰ ফটোও ৰাখিব লাগে। তাৰ পাছত গংগা পানী ছটিয়াই ফটোখন বা মূৰ্তিটো শুদ্ধিকৰণ কৰক। তাৰ পাছত দেৱী লক্ষ্মী, ভগৱান গণেশ আৰু কুবেৰক ফুল, ধূপ, চাকি, অক্ষত আৰু দক্ষিণা আগবঢ়াব। ইয়াৰ পাছত গণেশ, কুবেৰ আৰু মাতা লক্ষ্মীক হালধি আৰু সেন্দুৰৰ সৈতে চাউলৰ ফোট লগাওক। পূজাৰ পাছত ভোগ আৰু প্ৰসাদ আগবঢ়াওক। শেষত থিয় হৈ দেৱ-দেৱীৰ আৰতি কৰক। তাৰ পাছত গোটেই ঘৰটো আৰু মুখ্য প্ৰৱেশদ্বাৰত চাকি জ্বলাওক।

পাকঘৰত ওলোটাকৈ নাৰাখিব কেৰাহী, আহিব পাৰে বিপদ!
কিয় পদুম ফুলৰ ওপৰত বহি থাকে দেৱী লক্ষ্মী?
ধনতেৰাচত কি কি বস্তু ক্ৰয় কৰিব নালাগে?
স্বাস্থ্যৰ বাবে পৰম উপকাৰী মগু দাইলৰ উৎপত্তি ক’ত হৈছিল জানেনে?