Diwali Puja 2024: কাইলৈও উদযাপন কৰিব পাৰিব দীপাৱলী, জানক পূজাৰ শুভ সময় আৰু বিধি.. | diwali 2024 laxmi puja time of 31st october and 1 november Assam news - Assam Tv9

Diwali Puja 2024: কাইলৈও উদযাপন কৰিব পাৰিব দীপাৱলী, জানক পূজাৰ শুভ সময় আৰু বিধি..

Diwali 2024: দীৰ্ঘদিন ধৰি তাৰিখক লৈ চলি থকা বিভ্ৰান্তিৰ অন্তত আজি দেশজুৰি উদযাপন কৰা হৈছে দীপাৱলী । কিন্তু এইবাৰ দেৱালী দুদিনীয়াকৈ উদযাপন কৰা হ'ব। ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত লক্ষ্মী পূজাৰ শুভ সময় আৰু পূজা বিধি সম্পৰ্কে জানক..

Diwali Puja 2024: কাইলৈও উদযাপন কৰিব পাৰিব দীপাৱলী, জানক পূজাৰ শুভ সময় আৰু বিধি..

কাইলৈও উদযাপন কৰিব পাৰিব দীপাৱলী

Published: 

31 Oct 2024 18:51 PM

Diwali Puja 2024: সমগ্ৰ দেশতে অতি ধুমধামেৰে আজি দেৱালী উদযাপন কৰা হৈছে। আজিৰ দিনটোত ভগৱান গণেশ, দেৱী লক্ষ্মী আৰু দেৱী সৰস্বতীক পূজা কৰা হয়। কিন্তু এইবাৰ দেৱালীৰ তাৰিখক লৈ কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। ৩১ তাৰিখে দেৱালীৰ বাবে চৰকাৰী কাৰ্যালয়কে বিভিন্ন ঠাইত বন্ধ ঘোষণা কৰা হৈছে। জ্যোতিষীসকলৰ মতে, কাইলৈও দেৱালী উদযাপন কৰিব পাৰিব। ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত লক্ষ্মী পূজাৰ শুভ সময় আৰু পূজা বিধি জানো।

৩১ অক্টোবৰত পূজাৰ শুভ সময়

হিন্দু পঞ্জিকা অনুসৰি, লক্ষ্মী পূজাৰ শুভ সময় হ’ব সন্ধিয়া ৫.৩৭ বজাৰ পৰা সন্ধিয়া ৮.৪৫ বজালৈ। এই সময়টো দেৱী লক্ষ্মীৰ পূজা আৰু আশীৰ্বাদ লাভৰ বাবে আটাইতকৈ উপযুক্ত বুলি গণ্য কৰা হয়।
৩১ অক্টোবৰত, লক্ষ্মী পূজাৰ শুভ সময় সন্ধিয়া ৫ বজাৰ পৰা মাজনিশালৈ থাকিব।

১ নৱেম্বৰত লক্ষ্মী পূজাৰ শুভ সময়

হিন্দু পঞ্জিকা অনুসৰি, ১ নৱেম্বৰত লক্ষ্মী পূজাৰ শুভ সময় সন্ধিয়া ৫.৩৬ বজাৰ পৰা সন্ধিয়া ৬.১৬ বজালৈ আৰম্ভ হ’ব। এই সময়ছোৱাত ভক্তসকলে পূজাৰ বাবে মুঠ ৪১ মিনিট পাব।

দেৱালীৰ পূজা বিধি

ৰাতিপুৱা সোনকালে উঠি গোটেই ঘৰটো ভালদৰে পৰিষ্কাৰ কৰক। মনত ৰাখিব যে দেৱালীৰ গিনটো ঘৰৰ কোনো কোণত ধুলি থাকিব নালাগে। এইটো বিশ্বাস কৰা হয় যে লক্ষ্মী মা কেৱল এনে ঘৰতে বাস কৰে য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লোৱা হয়। ঘৰ পৰিষ্কাৰ কৰাৰ পিছত গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব। তাৰ পিছত মন্দিৰ বা ঘৰত পূজাস্থলীত পূজা কৰিব। ইয়াৰ পাছত সন্ধিয়াৰ পূজাৰ সময়ত গোটেই ঘৰটো ফুল-পাতেৰে সজাওক। দুৱাৰত তোৰণ লগাওক আৰু ঘৰৰ মুখ্য দুৱাৰখন বিশেষভাৱে সজাওক। দেৱী লক্ষ্মীক আদৰণি জনোৱাৰ বাবে মুখ্য দুৱাৰ আৰু পূজাস্থলীৰ ওচৰত ৰংগোলী বনাওক।

এতিয়া পূজাৰ বাবে এটা পোষ্টত ৰঙা কাপোৰ বান্ধি তাত লক্ষ্মী-গণেশৰ মূৰ্তি স্থাপন কৰক। এই দিনটোত ধনৰো পূজা কৰা হয়, সেয়েহে পূজাস্থলীত ধনো ৰাখিব। কুবেৰৰ এখন ফটো বা মূৰ্তি স্থাপন কৰক। ফুল, ৰংগোলী আৰু চন্দনেৰে পূজাস্থলী সজাওক। এতিয়া বিশুদ্ধ ঘিউৰ চাকি আৰু সুগন্ধি ধূপ জ্বলাই ভগৱান গণেশ, লক্ষ্মী আৰু কুবেৰক ৰোলি, অক্ষত, ফুল আদি আগবঢ়াওই আৰতি কৰক।যদি আপুনি বিচাৰে পূজাৰ সময়ত লক্ষ্মী মন্ত্ৰ আৰু কুবেৰ মন্ত্ৰৰ জপ কৰিব পাৰে। পূজাৰ পিছত ভোগ আগবঢ়াওক। এই দিনটোত দেৱী লক্ষ্মীক পায়স আগবঢ়োৱাটো শুভ বুলি কোৱা হয়। পূজাৰ পিছত ঘৰত চাকি জ্বলাওক।

(স্পষ্টীকৰণ: ওপৰোক্ত তথ্যবোৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। টিভি 9য়ে ইয়াৰ নিশ্চিতি প্ৰদান কৰা নাই)

মোগলৰ ৰাজ্যত কিদৰে উদযাপন কৰা হৈছিল দীপাৱলী?
গৰম গাখীৰ খোৱাৰ উপকাৰীতাৰ বিষয়ে জানক
দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?