Diwali 2024: ধন লাভৰ বাবে দীপাৱলীৰ দিনটোত কৰক এইসমূহ প্ৰতিকাৰ, আঁতৰ হ'ব প্ৰগতিৰ পথৰ বাধা! | diwali 2024 remedies for money and wealth in assamese Assam news - Assam Tv9

Diwali 2024: ধন লাভৰ বাবে দীপাৱলীৰ দিনটোত কৰক এইসমূহ প্ৰতিকাৰ, আঁতৰ হ’ব প্ৰগতিৰ পথৰ বাধা!

Diwali 2024: দেৱালী উৎসৱক সুখ আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই দিনটোত দেৱী লক্ষ্মীৰ পূজা কৰি বিশেষ আশীৰ্বাদ লাভ কৰি পাৰি। ইয়াৰ বাহিৰেও এই দিনটোত কিছুমান বিশেষ প্ৰতিকাৰ গ্ৰহণ কৰি এজন ব্যক্তিয়ে গোটেই বছৰটোলৈ উপকৃত হ'ব পাৰে।

Diwali 2024: ধন লাভৰ বাবে দীপাৱলীৰ দিনটোত কৰক এইসমূহ প্ৰতিকাৰ, আঁতৰ হব প্ৰগতিৰ পথৰ বাধা!

ধন লাভৰ বাবে দীপাৱলীৰ দিনটোত কৰক এইসমূহ প্ৰতিকাৰ!

Updated On: 

30 Oct 2024 12:44 PM

Diwali 2024 Remedies: দীপাৱলী পোহৰ আৰু আনন্দৰ উৎসৱ। এই দিনটো উদযাপন বাবে প্ৰতি বছৰে মানুহে বিভিন্ন ধৰণে প্ৰস্তুতি কৰে। কোৱা হয় যে এই দিনটোত দেৱী লক্ষ্মী পৃথিৱীলৈ আহে আৰু তেওঁৰ ভক্তসকলৰ পূজাত সন্তুষ্ট হৈ সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰে। এই দিনটোত, দেৱী লক্ষ্মীৰ পূজাৰ লগতে লোৱা কিছুমান প্ৰতিকাৰে এজন ব্যক্তিক লাভান্বিত কৰে। লগতে গোটেই বছৰটোৰ বাবে প্ৰগতিৰ পথ মুকলি হয়। এই বছৰ ৩১ অক্টোবৰ শুকুৰবাৰে দেৱালী উদযাপন কৰা হ’ব। এই দিনটোত আপুনি এই বিশেষ প্ৰতিকাৰ গ্ৰহণ কৰি সফলতা লাভ কৰিব পাৰে।

 

দেৱালীৰ প্ৰতিকাৰ

দেৱালীৰ দিনা ধন লাভৰ বাবে দেৱী লক্ষ্মীৰ পূজাত ১১টা কৌৰী , ২১টা পদুম ফুলৰ বীজ, চুপাৰি আৰু হালধীয়া সৰিয়হ আগবঢ়াব। পূজা কৰাৰ পিছত, এই বস্তুবোৰ ৰঙা কাপোৰত বান্ধি সুৰক্ষিত বা ধনৰ ভঁৰালত ৰাখক। বিশ্বাস কৰা হয় যে এনে কৰিলে গোটেই বছৰটোত ধনসম্পৰ্কীয় কোনো সমস্যা নাহে।

সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰতিকাৰ

ঘৰলৈ সুখ আৰু সমৃদ্ধি আনিবলৈ, দেৱালীৰ নিশা দেৱী লক্ষ্মীৰ পূজাত ৫, ৯ বা ১১টা গোমতী চক্ৰ প্ৰদান কৰি পূজা কৰক। তাৰ পিছত সেইবোৰ আপোনাৰ ধনৰ ভঁৰালত ৰাখিব।

চাকৰি পোৱাৰ উপায়

যদি আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো চাকৰি পোৱা নাই বা চাকৰি হেৰুৱাইছে। এনে পৰিস্থিতিত, দেৱালীৰ দিনা, ৫ টুকুৰা চুপাৰি, ৫টা কৌৰী আৰু ৫ টুকুৰা কেঁচা হালধি গংগা পানীৰে ধুই ৰঙা কাপোৰত বান্ধি ধন থোৱা ঠাইত ৰাখক।

নেতিবাচক শক্তি আঁতৰ হ’ব

দেৱালীৰ দিনা, অশোক গছৰ পাতে তোৰণ বনাই মুখ্য দুৱাৰত লগাওক। এনে কৰিলে ঘৰত থকা নেতিবাচক শক্তি ধ্বংস হ’ব।

ধন লাভৰ উপায়

দেৱালীৰ দিনা দেৱী লক্ষ্মীৰ লগতে ভগৱান গণেশ আৰু ধনৰ দেৱতা ভগৱান কুৱেৰক পূজা কৰা হয়। তাৰ পিছত আপোনাৰ ঘৰৰ ধনৰ ভঁৰালত ৰূপৰ মুদ্ৰা ৰাখিলে অৰ্থনৈতিক পৰিস্থিতি উন্নত হয়।
ইয়াৰ এই আজিৰ দিনটোত ধনৰ ভঁৰালত টকাৰ বাণ্ডিল ৰখাটো অতি শুভ।

বিত্তীয় সমস্যা দূৰ কৰাৰ উপায়

আৰ্থিক সমস্যা দূৰ কৰিবলৈ, দেৱালীৰ দিনা আঁহৰত পাতত ওম লিখি ধনৰ ভঁৰালত ৰাখিব। ই আৰ্থিক সমস্যা আঁতৰ কৰে আৰু লগতে দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ প্ৰদান কৰে।

 

(স্পষ্টীকৰণ: ওপৰোক্ত তথ্যবোৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। টিভি 9য়ে ইয়াৰ নিশ্চিতি প্ৰদান কৰা নাই)

 

 

ফেঁচা সঁচাকৈয়ে মূৰ্খ নেকি? জানক ইয়াৰ আঁৰৰ সত্যতা
উৰহী কোনবোৰ লোকৰ বাবে অধিক উপকাৰী? জানক
'ডিজিটেল কণ্ডম' কি? কোনে কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে...
দীপাৱলীত দেখা কি কি সপোনে আপোনাক ভাগ্য উদয়ৰ সংকেত দিব পাৰে জানক