Diwali 2024: আজি পোহৰৰ উৎসৱ দীপাৱলী, এনেদৰে প্ৰেৰণ কৰক আপোনজনক শুভ বাৰ্তা…
Diwali 2024: সমাজৰ পৰা অশুভ শক্তি নাশ কৰি শান্তি- সম্প্ৰীতি, একতাৰ বাৰ্তা কঢ়িয়াই সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। প্ৰতিকূল বতৰকো নেওচি ৰাজ্যবাসীয়ে দীপাৱলী উদযাপন কৰিবলৈ সাজু হৈছে।
আজি পোহৰৰ উৎসৱ দীপাৱলী। সমাজৰ পৰা অশুভ শক্তি নাশ কৰি শান্তি- সম্প্ৰীতি, একতাৰ বাৰ্তা কঢ়িয়াই সমগ্ৰ দেশবাসীয়ে পালন কৰিব পোহৰৰ এই উৎসৱ। দেশত পালন কৰা উৎসৱসমূহৰ ভিতৰত দেৱালীৰ এক সুকীয়া মাদকতা আছে। ই আনন্দৰ উৎসৱ। কালি পূজাৰ লগতে আজি প্ৰতিঘৰতে চাকি, নানাৰঙী লাইট জ্বলোৱা হব। তাৰ পাছতে ফটকা, আতচবাজীৰ শব্দৰে ভৰি পৰিব সকলো। প্ৰতিকূল বতৰকো নেওচি এইবাৰ দেৱালী পালন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। বুধবাৰে নিশাৰ পৰা আৰম্ভ হোৱা বৰষুণে দীপাৱলীৰ আনন্দ কিছু মান পেলাব বুলি অনুমান কৰা হৈছে।
ইতিমধ্যে দীপাৱলীক লৈ সকলোৰে প্ৰস্তুতি প্ৰায় সমাপ্ত হৈছে। সন্ধিয়া হোৱাৰ লগতে সকলোৰে বাসগৃহত দেখা যাব নানাৰঙী লাইট, ঘৰৰ সন্মুখত কলগছ পুতি মাটিৰ চাকি জ্বলাই পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী। আজি সন্ধিয়াৰে পৰা দীপাৱলীৰ চাকিৰ পোহৰৰে দেশ তথা ৰাজ্যৰ প্ৰতিটো প্ৰান্ত উজ্বলি থাকিব।
শুভ সময়
দেৱালীৰ শুভ সময় সন্ধিয়া ৫ বাজি ৩৭ মিনিটৰ পৰা আৰম্ভ হৈছে। শুভ সময় আৰম্ভ হোৱাৰ পাছতেই আজি সকলোৱে চাকি জ্বলাই, ফটকা ফুটাই পালন কৰিব আনন্দৰ উৎসৱ দীপাৱলী।
আপোনজনলৈ শুভ বাৰ্তা
- আপোনালৈ দীপাৱলীৰ বহুত শুভেচ্ছা। চাকিৰ পোহৰে সমাজৰ পৰা হিংসা-বিদ্বেষ, অসূয়া- অপ্ৰীতিৰ ভাৱ আঁতৰাই আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী শক্তিশালী কৰি তোলক।
- দীপান্বিতাৰ বহুত বহুত শুভেচ্ছা। পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱন আলোকিত কৰি কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি।
- শুভ দীপান্বিতা। পোহৰৰ উৎসৱে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ- সমৃদ্ধি। দীপাৱলীৰ বন্তিয়ে আপোনাৰ জীৱন আনন্দৰে ভৰাই তোলক।
- দীপাৱলীৰ শুভেচ্ছা জনালো ৷ চাকিৰ পোহৰে দূৰ কৰক জীৱনৰ সকলো অন্ধকাৰ ৷
- দীপাৱলীৰ বহুত শুভেচ্ছা। আশা কৰো আপোনাৰ জীৱনৰ পৰা সকলো দুখ, অশুভ শক্তি নাইকীয়া হওক আৰু জীৱন সুখময় হওক।
- শুভ দীপাৱলী। চাকিৰ পোহৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক আশাৰ বতৰা।
- শুভ দীপাৱলী। আপোনাৰ জীৱন দেৱালীৰ পোহৰৰ দৰে জিলিকি উঠক, সুখ- শান্তিৰে ভৰি পৰক।
- দীপাৱলীৰ পোহৰৰ দৰেই ৰঙীন হৈ পৰক আপোনাৰ জীৱন। আপোনালৈ দীপাৱলীৰ অশেষ শুভেচ্ছা।
- দীপাৱলী আনন্দ আৰু সমৃদ্ধিৰ উৎসৱ । দীপাৱলীৰ দৰেই আপোনাৰ জীৱন উন্নতিৰ পথলৈ গতি কৰক।
- শুভ দীপাৱলী! আশা কৰো দীপাৱলীৰ পোহৰে আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি। চাকিৰ পোহৰৰ দৰে আলোকিত হওক জীৱন।