কাইলৈ মঙলবাৰঃ কৰক এই পাঁচটা বিশেষ কাম, পূৰ হ’ব মনোকামনা

ধৰ্মীয় বিশ্বাস অনুসৰিয়েই মঙলবাৰ দিনটো ভগৱান হনুমানক পূজা কৰা হয়। মঙলবাৰে ভগৱান হনুমানক পূজা কৰিলে জীৱনৰ সকলো বিপদ দূৰ হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষ শাস্ত্ৰই মঙলবাৰৰ দিনটোত কিছু বিশেষ বিধানৰ দিহা দিছে। এই বিধানসমূহ মানি চলিলে এগৰাকী ব্যক্তিয়ে আকাংক্ষিত ফলাফল লাভ কৰাৰ লগতে সকলো কামতে সফলতা লাভ কৰে বুলি কোৱা হয়।

কাইলৈ মঙলবাৰঃ কৰক এই পাঁচটা বিশেষ কাম, পূৰ হ’ব মনোকামনা

মঙলবাৰে কৰক এই পাঁচটা কাম

Published: 

25 Nov 2024 22:10 PM

হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো বাৰ আৰাধ্য কোনো দেৱ-দেৱীৰ নামত উৎসৰ্গিত। এই ধৰ্মীয় বিশ্বাস অনুসৰিয়েই মঙলবাৰ দিনটো ভগৱান হনুমানক পূজা কৰা হয়। মঙলবাৰে ভগৱান হনুমানক পূজা কৰিলে জীৱনৰ সকলো বিপদ দূৰ হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষ শাস্ত্ৰই মঙলবাৰৰ দিনটোত কিছু বিশেষ বিধানৰ দিহা দিছে। এই বিধানসমূহ মানি চলিলে এগৰাকী ব্যক্তিয়ে আকাংক্ষিত ফলাফল লাভ কৰাৰ লগতে সকলো কামতে সফলতা লাভ কৰে বুলি কোৱা হয়।

সেয়ে যদি আপুনিও নিজৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা লাভ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে মঙলবাৰে এই ৫টা বিধান মানি চলক-

যদি আপুনি চৰকাৰী চাকৰিৰ বাবে চেষ্টা চলাই আছে, তেন্তে মঙলবাৰে ভগৱান হনুমানক পূজা কৰক। ভগৱান হনুমান সন্তুষ্ট খ’লে তেওঁৰ কৃপাত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব। চৰকাৰী চাকৰিৰ বাবে আপুনি চলাই অহা চেষ্টাও তেওঁৰ কৃপাত সফল হ’ব।

জ্যোতিষ মতে ৰাশিফলৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশ স্থানত যদি মংগল গ্ৰহ থাকে তেন্তে সেই ব্যক্তিজনক মাংগলিক বুলি কোৱা হয়। এই দোষৰ সমস্যা সমাধান কৰাটো বাধ্যতামূলক। সেয়ে মঙলবাৰে ৰঙা জলকীয়া দান কৰিব লাগে। ইয়াৰ ফলত মংগল দোষৰ প্ৰভাৱ কমি যায়।

যদি মঙলবাৰে ভগৱান হনুমানক সন্তুষ্ট কৰিব বিচাৰে তেন্তে মঙলবাৰে ৰাম-সীতাৰ সৈতে বজৰংগবলীক পূজা কৰিব লাগে। লগতে পূজাৰ সময়ত ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰিব লাগে। এনে বিধানৰ সহায়ত প্ৰতিটো কামতে অগ্ৰগতি লাভ কৰে।

যদি আপুনি নিজৰ ইচ্ছা পূৰণ কৰিব বিচাৰে তেন্তে মঙলবাৰে গা ধুই ধ্যান কৰক আৰু ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰক। ইয়াৰ পিছত ৰীতি-নীতি অনুসৰি হনুমানক পূজা কৰিব লাগে। পূজাৰ সময়ত ভগৱান হনুমানক ৰঙা ৰঙৰ ফলমূল আৰু ফুল আগবঢ়াওক।

যদি আপুনি প্ৰায়ে আৰ্থিক সমস্যাৰ দ্বাৰা জৰ্জৰিত আৰু এই পৰিস্থিতিৰ পৰা ওলাই আহিব বিচাৰে, তেন্তে আপোনাৰ দুৰ্বল আৰ্থিক অৱস্থা উন্নত কৰিবলৈ হ’লে ভগৱান হনুমানৰ এই মন্ত্ৰ মঙলবাৰে ২১ বাৰ জপ কৰিব লাগে। এই মন্ত্ৰটো হৈছে – ‘ঔম হনুমন্তে নমঃ’। এই মন্ত্ৰ জপ কৰিলে ধনৰ লগত জড়িত প্ৰতিটো সমস্যা ওৰ পৰে।

বাস্তু শাস্ত্ৰৰ মতে মঙলবাৰে ঋণ দিয়া উচিত নহয়। মঙলবাৰে কোনো লোককে ধাৰ দিয়া উচিত নহয় বুলি বিশ্বাস কৰা হয়। এনে কৰিলে আৰ্থিক অৱস্থা বেয়া হয় আৰু ধনৰ নাটনি হয়।

ঘৰত একেলগে ৰাখিছে নেকি নেমু-জলকীয়া? নকৰিব এনে ভুল, হ’ব দুৰ্গতি…
২০২৫ চনত এই ৰাশিসমূহৰ ওপৰত থাকিব শনিৰ আশীৰ্বাদ, সফল হ'ব পাৰিব জীৱনত!
শীতকালত কেনেকৈ ল'ব আপোনাৰ ছালৰ যতন, জানক সবিশেষ
মহাভাৰত যুদ্ধত কৌৰৱক সংহাৰ কৰা ধনুৰ্ধৰ অৰ্জুনৰ গাণ্ডীৱ ধনু এতিয়া ক’ত আছে জানেনে?