ডাক্তৰ ৰূপী হনুমানক এই মন্দিৰত কৰা হয় পূজা! ক’ত আছে এই আচৰিত মন্দিৰ?
আমাৰ দেশত থকা বহু মন্দিৰৰ সৈতে কিছুমান লোক বিশ্বাস জড়িত হৈ আহিছে আৰু এই লোক বিশ্বাসসমূহৰ আখ্যান মানুহৰ মুখ বাগৰি আহিছে। এনে আকৰ্ষণীয় লোকবিশ্বাসৰ প্ৰাচীন, ৰহস্যময় আৰু অলৌকিক মন্দিৰসমূহৰ বিষয়ে সকলোৱে জানিব বিচাৰে। ভাৰতৰ এনে এটা মন্দিৰতে ডাক্তৰ ৰূপী ভগৱান হনুমানৰ পূজা কৰা হয়। এই মন্দিৰটোৰ বিষয়ে জানো আহক।

ডাক্তৰ ৰূপী হনুমানৰ মন্দিৰ
ভাৰতবৰ্ষত বহুতো প্ৰাচীন, ৰহস্যময় আৰু অলৌকিক দেৱ-দেৱীৰ মন্দিৰ আছে। ইয়াৰে বহু মন্দিৰৰ সৈতে কিছুমান লোক বিশ্বাস জড়িত হৈ আহিছে আৰু এই লোক বিশ্বাসসমূহৰ আখ্যান মানুহৰ মুখ বাগৰি আহিছে। মন্দিৰৰ লগত জড়িত এনে আখ্যানসমূহ স্বাভাৱিকতেই আশ্চৰ্যকৰ আৰু সেয়ে এনে মন্দিৰসমূহৰ প্ৰতি অধিকাংশ লোকৰে উৎকণ্ঠা পৰিলক্ষিত হয়। এনে আকৰ্ষণীয় লোকবিশ্বাসৰ প্ৰাচীন, ৰহস্যময় আৰু অলৌকিক মন্দিৰসমূহৰ বিষয়ে সকলোৱে জানিব বিচাৰে।
মধ্যপ্ৰদেশৰ ভিন্দ জিলাৰ দণ্ডৰৌৱা ধামত এনে এক অনন্য তথা ৰহস্যময় মন্দিৰ আছে। এই মন্দিৰৰ এক বিশেষ পৰম্পৰাই সকলোৱে আচৰিত কৰি আহিছে। দণ্ডৰৌৱাৰ এই মন্দিৰত হনুমানক পূজা কৰা হয়। কিন্তু আমি সাধাৰণতে দেখা ৰূপত নহয়, এই মন্দিৰত হনুমানক চিকিৎসক হিচাপেহে পূজা কৰা হয়। পিছে ভগৱানক হনুমানক কিয় এইদৰে চিকিৎসকৰ ৰূপত পূজা কৰা হয় মন্দিৰটোত? এই বিষয়ে জানো আহক-
দণ্ডৰৌৱা ধামত অৱস্থিত ডাক্তৰ হনুমান মন্দিৰৰ অত্যন্ত এক আমোদজনক কাহিনী প্ৰচলিত হৈ আহিছে। বিশ্বাস অনুসৰি এসময়ত শিৱকুমাৰ দাস নামৰ এজন সাধু ইয়াত বাস কৰিছিল। তেওঁ ভগৱান হনুমানৰ এগৰাকী নিষ্ঠাৱান ভক্ত আছিল। শিৱকুমাৰ দাসে প্ৰতিদিনে মন্দিৰলৈ গৈ প্ৰকৃত ভক্তি আৰু শ্ৰদ্ধাৰে হনুমানক পূজা কৰিছিল। এই হনুমান ভক্ত শিৱকুমাৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বুলি মানুহৰ মাজত চৰ্চালৈ আহিল।
কেৱল ইমানেই নহয়, ভগৱান হনুমানে শিৱ কুমাৰ দাসৰ আগত উপস্থিত হৈ চিকিৎসা কৰি তেওঁক সুস্থ কৰি তুলিছিল বুলিও মানুহৰ মাজত চৰ্চিত হৈ পৰিল। ইয়াৰ পিছত ডাক্তৰ হনুমানৰ অলৌকিকতাৰ কথা সকলোতে আলোচনা হ’বলৈ ধৰিলে। এনে আলোচনাৰ ফলস্বৰূপেই মানুহে এই মন্দিৰত চিকিৎসক হিচাপে হনুমানক পূজা কৰিবলৈ আৰম্ভ কৰিলে।
এনে আখ্যান জড়িত দণ্ডৰৌৱা ধামৰ ডাক্তৰ হনুমান মন্দিৰৰ প্ৰতি মানুহৰ অত্যন্ত শ্ৰদ্ধা আৰু আস্থা পৰিলক্ষিত হয়। প্ৰতি মঙলবাৰ আৰু শনিবাৰে বৃহৎ সংখ্যক ভক্ত এই মন্দিৰত উপস্থিত হৈ ডাক্তৰ ৰূপী হনুমানৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনাও কৰে। বিশ্বাস অনুসৰি যিসকল লোকে এই মন্দিৰত হনুমানক দৰ্শন আৰু পূজা কৰে, তেওঁ ভগৱান হনুমানৰ আশীৰ্বাদ লাভ কৰে আৰু তেওঁৰ সকলো ইচ্ছা পূৰণ হয়।