শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Hanuman Chalisa: হনুমান চালিছা পঢ়োতে নকৰিব ভুল! কেতিয়া আৰু কেনেকৈ কৰিব হনুমানক আৰাধনা

হনুমানৰ শক্তি অপৰিসীম। শনিবাৰ আৰু মঙ্গলবাৰে বহুলোকে হনুমান চালিছা পাঠ কৰে। ঘৰত সমস্যা, চাকৰি জীৱনত সমস্যা, বৈবাহিক সমস্যা আদি সকলো দূৰ কৰে সংকটমোচনে।

Hanuman Chalisa: হনুমান চালিছা পঢ়োতে নকৰিব ভুল! কেতিয়া আৰু কেনেকৈ কৰিব হনুমানক আৰাধনা
হনুমান চালিছা পঢ়োতে নকৰিব ভুল!Image Credit source: Image Credit source: Social Media
barasha-misra
Barasha Misra | Updated On: 06 Jan 2025 22:25 PM

হনুমান হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া সূৰ্যক ফল বুলি বিবেচনা কৰি ভক্ষণ কৰাৰ বাবে আকাশমাৰ্গত যাত্ৰা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্ৰহাৰ কৰি ভূতলশায়ী কৰিছিল।

হনুমান অমৰত্ব প্ৰাপ্ত কৰিছিল গতিকে তেওঁ অমৰ। ফলস্বৰূপ মহাভাৰত ধৰ্মগ্ৰন্থত হনুমানৰ উপস্থিতি পৰিলক্ষ্যিত হয়। উল্লেখনীয় যে উক্ত ধৰ্মগ্ৰন্থত হনুমানক শান্ত, জ্ঞানী তথা অভিজ্ঞ বুলি প্ৰকাশ কৰা হৈছে।

পৌৰাণিক কাহিনী

ভীম নিজ বাহুবলৰ অত্যন্ত অহংকাৰ কৰিছিল। ভীমৰ অহংকাৰ চূৰ্ণ কৰাটোৱে আছিল হনুমানৰ মূল উদ্দেশ্য। পাণ্ডবৰ অজ্ঞাতবাসৰ সময়ত হনুমান এদিন অসুস্থ তথা বৃদ্ধৰ বেশত ভীমৰ পথৰুদ্ধ কৰি শুই আছিল। ভীম তেওঁক অতিক্ৰম কৰাৰ প্ৰচেষ্টা কৰাৰ সময় হনুমান তেওঁক নেজ আঁতৰাই নিজ গন্তব্য স্থানত যোৱাৰ আদেশ কৰছিল। ভীম নিজ বাহুবল প্ৰয়োগ কৰি হনুমানৰ নেজ বিন্দু পৰিমাণো আঁতৰাবলৈ অক্ষম হৈছিল। অৱশেষত ভীম নিজ বাহুবলৰ অহংকাৰ পৰিত্যাগ কৰি হনুমানৰ শৰণাপন্ন হৈছিল।

অৰ্জুন নিজ ধনুৰ্ধৰ বিদ্যাৰ অহংকাৰ কৰিছিল। সেতুবন্ধ ৰামশ্বৰমত অৱস্থানৰ সময়ত অৰ্জুন দৰ্পসহকাৰে কৈছিল যে তীৰযোজন বিদ্যাৰ প্ৰয়োগত ভগৱান শ্ৰীৰাম সেতু নিৰ্মাণ কৰছিল। বান্দৰৰ সহায়তা লোৱাৰ প্ৰয়োজন নাছিল। হনুমান ক্ষুদ্ৰ বান্দৰৰ বেশত উপস্থিত থাকি অৰ্জুনক অনুৰূপ সেতু বন্ধনৰ বাবে অনুৰোধ কৰিছিল। অৰ্জুন তীৰযোজন বিদ্যাৰ প্ৰয়োগ কৰিও উক্ত কাৰ্যসমাধা কৰিবলৈ অক্ষম হৈছিল। অৱশেষত হনুমান নিজ বাস্তৱ ৰূপত প্ৰকট হোৱাত অৰ্জুন তেওঁৰ শৰনাপন্ন হৈছিল। অৱশ্যে তেওঁ আশীৰ্বাদ স্বৰূপ অৰ্জুনৰ ৰথশীৰ্ষত অধিষ্ঠিত থকাৰ আশ্বাস প্ৰদান কৰিছিল।

কোনে কোনে পূজা কৰিব?

গতিকে হনুমানৰ শক্তি অপৰিসীম। যদিহে আপুনি সামগ্ৰিকভাৱে উন্নতি বিচাৰিছে অৰ্থাৎ আৰ্থিক, স্বাস্থ্য, সম্পৰ্ক ভাল কৰিব বিচাৰিছে তেতিয়া হ’লে প্ৰতিদিনে হনুমান চালিছাখন পাঠ কৰিব। এনেদৰে নোৱাৰিলেও শনিবাৰ আৰু মঙ্গলবাৰে পাঠ কৰিব। যদিহে আপোনাক শনি গ্ৰহই সমস্যা সৃষ্টি কৰিছে নাইবা নৱগ্ৰহই বহু অশান্তি কৰি আছে তেতিয়াও আপুনি হনুমান মন্দিৰত গৈ শনিবাৰে শনিবাৰে হনুমান চালিছা পাঠ কৰিব পাৰে। ঘৰত সমস্যা, চাকৰি জীৱনত সমস্যা, বৈবাহিক সমস্যা আদি সকলো দূৰ কৰে সংকটমোচনে।

হনুমান চালিছা কেতিয়া পাঠ কৰিব লাগে?

  • হনুমান চালিছা সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত পাঠ কৰিব লাগে।
  • মঙলবাৰ আৰু শনিবাৰে হনুমান চলিছাৰ পাঠ কৰিব লাগে। যদি ব্ৰহ্ম মুহুৰ্তত হনুমান চলিছা পাঠ কৰা হয়, তেন্তে শুভ ফল পোৱা যায়।
  • আপোনাৰ ভক্তি অনুযায়ী হনুমান চলিছা ৭, ১১, ২১, ৪০ আৰু ১০৮ বাৰ পাঠ কৰিব পাৰে।
  • মঙলবাৰৰ পৰা হনুমান চলিছা পাঠ কৰাটো অতি শুভ।

কেনেকৈ কৰিব পাঠ?

হনুমান চলিছা পঢ়াৰ আগতে ৰঙা কাপোৰ এখনত ছবিখন সংকটমোচনক ৰাখক। ইয়াৰ পিছত ঘিউৰ এটা চাকি জ্বলাই দিব। হনুমান চলিছা পাঠ কৰি থাকোঁতে ৰঙা আসন এটাত বহিব। চৌদিশ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লওক।

Latest News