5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Mahalaya 2024: কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ ঘটিব মা দুৰ্গাৰ

কাইলৈ ধৰাৰ বুকুলৈ আহিব দেৱী দুৰ্গা। দেৱী পক্ষৰ আগমনৰ বাবে ব্যপক প্ৰস্তুতি। মহালয়া শব্দৰ অৰ্থ মহা মন্দিৰ বা আশ্ৰম। মৃন্ময় শিল্পী সকলো দিনে নিশাই ব্যস্ত হৈ পৰিছে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ।

Mahalaya 2024: কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ ঘটিব মা দুৰ্গাৰ
কাইলৈ মহালয়া
barasha-misra
Barasha Misra | Updated On: 01 Oct 2024 12:50 PM

শৰৎ মানেই পূজাৰ বতৰ । শৰৎ অহাৰ লগে লগে চাৰিওফালে পৰিলক্ষিত হৈছে সুকীয়া পৰিৱেশ। শৰৎ মানেই শাৰদী ৰাণীৰ আগমণ। নৈৰ কাষে কাষে হালি জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কহুৱা। হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত।

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ ঘটিব মা দুৰ্গাৰ। চৌপাশে এতিয়া দুৰ্গতি নাশিনীৰ আৰাধনাৰ বাবে সীমাহীন ব্যস্ততা । মৃন্ময় খনিকৰ সকলো দিনে নিশাই ব্যস্ত হৈ পৰিছে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত । পবিত্ৰ মহালয়াৰ পিছৰ দিনটোৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । দেৱীপক্ষৰ প্ৰথম দিনটোত পবিত্ৰ ৰাত্ৰি দেৱীক শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় ।

বিশ্বাস কৰা হয় যে মহালয়াৰ দিনটোত দেৱী দুৰ্গাই লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে তেওঁৰ বাহনত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহে। ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা অপশক্তি আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিয়ে। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে। পুৰাণৰ পৰা মহাভাৰতলৈকে মহালয়াৰ বিষয়ে বহু কাহিনী কোৱা হৈছে। মহালয়াৰ দিনৰ পৰাই দেৱী পক্ষ অৰ্থাৎ মাতৃপক্ষত আৰম্ভ হয়।

মূলত মহালয়াৰ দিনটোৰ পৰাই দুৰ্গাপূজাৰ আনুষ্ঠানিক আৰম্ভণি হয় বুলি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। মহালয়াৰ পৰা নৱৰাত্ৰি আৰম্ভ হয় ।জনশ্ৰুতি মতে, আজিৰ পৰাই মহিষাষুৰৰ লগত দুৰ্গা মাৰ যুদ্ধ আৰম্ভ হৈছিল তথাপি কিন্তু মহালয়াৰ তাৎপৰ্য বেলেগ বুলিও কোৱা হয়।

মহালয়াত দেৱী পক্ষৰ আৰম্ভণি আৰু পিতৃ পক্ষৰ অন্ত পৰে। ড্ৰিক পাঞ্চাঙৰ মতে, ২০২৪ চনত ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পিতৃ পক্ষ আৰু ২ অক্টোবৰত শেষ হ’ব।

মহালয়া ২০২৪ কেতিয়া?

মহালয়াত দেৱী পক্ষৰ আৰম্ভণি, দেৱী দুৰ্গাৰ পৃথিৱীত আগমন, আৰু পিতৃ পক্ষৰ অন্ত। দৃক পাঞ্চাঙৰ মতে ২০২৪ চনত ১৭ ছেপ্টেম্বৰৰ পৰা পিতৃ পক্ষৰ অন্ত পৰিব ২ অক্টোবৰত।পিতৃ পক্ষৰ শেষ দিনটো হ’ল মহালয়া অমাৱস্যা, অৰ্থাৎ মহালয়া ২০২৪ এইবাৰ ২ অক্টোবৰ বুধবাৰে হ’ব, গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি যিটো দিন হৈছে বন্ধৰ দিন।

জানক কিহত আগমন দেৱী দুৰ্গাৰ?

এই বছৰ দুৰ্গা দেৱীৰ বাহন সিংহ কিন্তু প্ৰত্যেকবাৰে মৰ্ত্যলৈ আহিলে বেলেগ বেল বাহনত আহে। জ্যোতিষীৰ মতে ইয়াৰো আছে বহুত অৰ্থ।২০২৪ চনত দেৱী দুৰ্গা দোলাত আহিব আৰু প্ৰস্থান কৰিব হাতীত।

নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে দেৱীৰ ৯টা ৰূপ শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়।

শাস্ত্ৰ মতে, মহালয়া হৈছে অমাৱস্যাৰ তিথি য’ত সাধাৰণতে পূৰ্বপুৰুষৰ শ্ৰদ্ধা তৰ্পন আদি কৰা হয়। লোকগাঁথা মতে, এই দিনটোত যদি আমি প্ৰাৰ্থনা কৰোঁ, তেন্তে আমাৰ পূৰ্বপুৰুষসকলে নৰকৰ যন্ত্ৰণাৰ পৰা মুক্তি পাই আমাক আশীৰ্বাদ দিয়ে।

Latest News