Durga puja Maha asthami 2024: ১০ নে ১১ অক্টোবৰ? কেতিয়া পালন কৰা হ'ব মহা অষ্টমী, জানক সময় | Durga puja 2024 know maha asthami date time shubh muhurtto in assamese Assam news - Assam Tv9

Durga puja Maha asthami 2024: ১০ নে ১১ অক্টোবৰ? কেতিয়া পালন কৰা হ’ব মহা অষ্টমী, জানক সময়

Durga puja Maha asthami: আৰম্ভ শাৰদীয় দুৰ্গা পূজা। আজি পালন কৰা হৈছে মহা ষষ্ঠী। ইয়াৰ পাছতেই দেশজুৰি আৰম্ভ হ’ব শাৰদীয়া দুৰ্গোৎসৱ। এইবাৰ মহাষ্টমীক লৈ কিছু বিভ্ৰান্তি চলি আছে। প্ৰশ্ন হয়, মহা অষ্টমী কেতিয়া?

Durga puja Maha asthami 2024:  ১০ নে ১১ অক্টোবৰ? কেতিয়া পালন কৰা হব মহা অষ্টমী, জানক সময়

দুৰ্গা পূজা. মহা অষ্টমী পূজা

Published: 

09 Oct 2024 10:45 AM

দুৰ্গা বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য। আজি ষষ্ঠী, এই দিনটোতেই বেল বৰণেৰে মা দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ’ব। ইতিমধ্যে ইয়াক লৈ পূজা সমিতিসমূহৰ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৯ অক্টোবৰৰ পুৱা ৯ বাজি ৫২ মিনিটৰ পৰা আৰম্ভ হৈছে ষষ্ঠীৰ সময়। সন্ধিয়া কৰা হ’ব দেৱীৰ বোধন, আমন্ত্ৰণ আৰু অধিবাস। এই নীতি নিয়ম সম্পূৰ্ণ হোৱাৰ লগে লগে আৰম্ভ হ’ব শাৰদীয়া দুৰ্গোৎসৱ।

জনবিশ্বাস অনুসৰি গনেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী- পৰিয়ালৰ সৈতে মা দুৰ্গা ধৰালৈ আহে। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আদি পূজাৰ বেদীত স্থাপন কৰা হ’ব দশভূজাৰ মৃন্ময় প্ৰতিমা। বস্ত্ৰ, আ- অলংকাৰেৰে সজাই তোৱা হ’ব মা দুৰ্গাক।  ষষ্ঠীৰ পাছতেই সপ্তমী, অষ্টমী, নৱমীৰ পূজা কৰি দশমীৰ দিনা দেৱীক বিসৰ্জন দিয়া হ’ব।

দুৰ্গা পূজাত মহা অষ্টমীৰ দিনটোৰ বিশেষ মান্যতা আছে। কিন্তু এইহবাৰ মহাষ্টমীক লৈ ভক্তৰ মাজত কিছু বিভ্ৰান্তি আছে। এইবাৰ ষষ্ঠীৰ তিথি সোনকালে পৰিছে, যাৰ বাবে মহাষ্টমী একাংশই ১০ অক্টোবৰ আৰু একাংশই ১১ অক্টোবৰ বুলি ভাবি আছে। গতিকে ইয়াৰ সঠিক সময় উল্লেখ কৰা হ’ল-

সময়

এইবাৰ দুৰ্গা পূজাৰ মহাষ্টমী ১০ অক্টোবৰৰ দুপৰীয়া ১২ বাজি ৩১ মিনিটৰ পৰা আৰম্ভ হৈ ১১ অক্টোবৰৰ দুপৰীয়া ১২ বাজি ৬ মিনিটলৈ চলিব। এনে ক্ষেত্ৰত একাংশই ১১ অক্টোবৰত মহাষ্টমী পালন কৰিব।  এইবাৰ সপ্তমী আৰু অষ্টমী তিথি এটা দিনতেই পৰিছে। এনে হোৱাতো সাধাৰণতে অশুভ বুলি গণ্য কৰা হয়। যাৰ বাবে ১০ অক্টোবৰত মহাষ্টমী পালন কৰা নহয় আৰু ১১ অক্টোবৰত পালন কৰিব মহা অষ্টমী।

নৱমী তিথি ১১ অক্টোবৰৰ দুপৰীয়া ১২ বাজি ৬ মিনিটৰ পৰা আৰম্ভ হৈ ১২ অক্টোবৰ পুৱা ১০ বাজি ৫৮ মিনিটলৈ চলিব। তাৰ পাছতেই আৰম্ভ হ’ব দশমী।  এইবাৰ কোনো কোনোৱে ১২ অক্টোবৰত আৰু কোনোৱে ১৩ অক্টোবৰত দেৱীক বিসৰ্জন দিব।

১১ অক্টোবৰৰ শুভ সময়

ব্ৰহ্ম মুহুৰ্তঃ পুৱা ৪.৪০ বজাৰ পৰা পুৱা ৫.২৯ বজালৈ।
প্ৰাতঃ সন্ধ্যাঃ পুৱা ৫.০৪ বজাৰ পৰা পুৱা ৬.১৯ বজালৈ
অভিজিত মুহুৰ্তঃ পুৱা ১১ বজাৰ পৰা ১২.৩০ বজালৈ
বিজয় মুহুৰ্তঃ দুপৰীয়া ২.০৩ বজাৰ পৰা ২.৪৯ বজালৈ
গোধুলি মুহুৰ্তঃ সন্ধিয়া ৫.৫৫ বজাৰ পৰা ৬.১৯ বজালৈ
সায়াহ্ন সন্ধ্যাঃ সন্ধিয়া ৫.৫৫ বজাৰ পৰা ৭.০৯ বজালৈ

 

(স্পষ্টীকৰণঃ ওপৰোক্ত লিখনিটো ধৰ্মীয় মান্যতা আৰু জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই বা ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।)

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?