5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Billeswar Devalaya: ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ আছে বিশেষ মাহাত্ম্য, জানক ইতিহাস

বিল্বেশ্বৰ দেৱালয়ত প্ৰতিমাৰ পৰিৱৰ্তে নৱপত্ৰিকাত পূজা কৰা হয়। বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত।

Billeswar Devalaya: ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ আছে বিশেষ মাহাত্ম্য, জানক ইতিহাস
ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা
barasha-misra
Barasha Misra | Published: 09 Oct 2024 22:46 PM

ৰজা নাগশংকৰে প্ৰতিষ্ঠা কৰা নলবাৰী জিলাৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় ৰাজ্যখনৰ ভিতৰতে অন্যতম এভাগি উল্লেখনীয় শৈৱ শক্তিপীঠ। বিল্বেশ্বৰ দেৱালয়ত ৰজাদিনীয়া পৰম্পৰা ৰক্ষা কৰি ৰামকলক পূজা কৰা এটা পৰম্পৰা আছে। বিল্বেশ্বৰ দেৱালয়ত প্ৰতিমাৰ পৰিৱৰ্তে নৱপত্ৰিকাত পূজা কৰা হয়। শৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপন হোৱা এই দেৱালয়ত প্ৰতিপদ তিথিৰে পৰা বিজয়া দশমীলৈ ন দিনীয়াকৈ চলে দুৰ্গা দেৱীৰ পূজা অৰ্চনা ৷ ইতিহাস প্রসিদ্ধ দেৱালয়খনত অহা ৩ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ শাৰদীয় দুর্গা পূজা বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । এইবাৰ এই শক্তপীঠখনত ভক্তই দেৱীৰ চৰণত বলিৰ বাবে আগবঢ়োৱা ম’হৰ সংখ্য ৫o টাৰো অধিক হ’ব পাৰে বুলি সমিতিয়ে জানিবলৈ দিয়ে ৷

প্ৰতিদিনে লাখ লাখ ভক্তৰ সমাগম হোৱা বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত ভক্তৰ নিৰাপত্তা আৰু কোনো কাৰণতে যাতে অসুবিধা নহয় তাৰ প্ৰতিও ব্যৱস্থা কৰিব উদ্যোক্তা সমিতিয়ে ৷ প্ৰথমবাৰৰ বাবে বিল্বেশ্বৰ দেৱালয়ৰ ইতিহাস সম্বলিত প্ৰদৰ্শনী আৰু গ্ৰন্থ সুবাস পাব ভক্তসকলে

ইতিহাস

বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে।

মন্দিৰটো প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায়। অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল। ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়। কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে। ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে। কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল। এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়। লৌহিত্য বংশৰ নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে। কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে। শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু বেলশৰ হয়। নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰ মন্দিৰৰ নিৰ্মাণ কৌশলৰ লগত এই দেৱালয়ৰ সাদৃশ্য আছে। আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে। পালবংশীয় ৰজা ধৰ্মপালে (১০০০-১০১৫) এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল। দেৱালয়ৰ চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা। আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল।

হিন্দু ধৰ্মৰ শৈৱ, শাক্ত, বৈষ্ণৱ আদি আটাইবোৰ শাখাৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে বিল্বেশ্বৰ দেৱালয়ত বিভিন্ন ধৰণৰ উৎসৱ তথা পূজাৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰা যায়। এই দেৱালয়ত হাঁহ, পাৰ, ম’হ, ছাগলী, কোমোৰা আদি বলি বিধানৰ প্ৰথা অতি প্ৰাচীন। দুৰ্গা পূজাৰ মহানৱমীৰ দিনা ম’হ বলি দিয়া হয়। বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ পূজাৰ দেৱী মৃণ্ময় মূৰ্তি নহয়। এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হয়।

 

Latest News