Dussehra 2024: ১২ নে ১৩ অক্টোবৰত পালন কৰা হ'ব বিজয়া দশমী? শুভ দিন, সময় আৰু তাৎপৰ্য সম্পৰ্কে জানক | dussehra 2024 know correct date dashami tithi shubh muhurat significance Assam news - Assam Tv9

Dussehra 2024: ১২ নে ১৩ অক্টোবৰত পালন কৰা হ’ব বিজয়া দশমী? শুভ দিন, সময় আৰু তাৎপৰ্য সম্পৰ্কে জানক

দশেৰা বা বিজয়া দশমী ৰাক্ষস ৰাৱণৰ ওপৰত ভগৱান ৰামৰ বিজয় আৰু মহিষাসুৰৰ ওপৰত দেৱী দুৰ্গাৰ বিজয় হিচাপে উদযাপন কৰা হয়। এই উৎসৱৰ পাছতে পোহৰ উৎসৱ দীপাৱলী অনুষ্ঠিত হয়।হিন্দু সংস্কৃতিত দশেৰাৰ যথেষ্ট গুৰুত্ব আছে। ই শক্তিশালী বাৰ্তা বহন কৰে- অধৰ্ম যিমানেই শক্তিশালী নহওঁক কিয়, শেষত সদায় ধৰ্মৰ জয় হয়।

Dussehra 2024: ১২ নে ১৩ অক্টোবৰত পালন কৰা হব বিজয়া দশমী? শুভ দিন, সময় আৰু তাৎপৰ্য সম্পৰ্কে জানক

দশেৰা উৎসৱৰ তাৎপৰ্য

Updated On: 

12 Oct 2024 07:54 AM

প্ৰতি বছৰে আহিন মাহৰ শুক্ল পক্ষৰ দশমী তিথিত দেশজুৰি দশেৰা উৎসৱ উদযাপন কৰা হয়। যাক বিজয়া দশমী বুলিও জনা যায়।  সমগ্ৰ দেশতে এই উৎসৱ ধুমধামেৰে পালন কৰা হয়। এই দিনটোতে ভগৱান শ্ৰীৰামে লংকাপতি ৰাৱণক বধ কৰিছিল। ইয়াৰ উপৰিও দেৱী দুৰ্গাই এই দিনটোতে মহিষাসুৰক বধ কৰিছিল। সেয়েহে এই দিনটোক বিজয়া দশমী বুলিও জনা যায়। প্ৰতি বছৰে এই দিনটোত ৰাৱণৰ পুত্তলিকা তৈয়াৰ কৰি দাহ কৰা হয়। হিন্দু ধৰ্মত, বিজয়া দশমীক অশুভৰ ওপৰত শুভ শক্তিৰ জয়ৰ প্ৰতীক হিচাপে উদযাপন কৰা হয়। এই বছৰ, দশেৰাৰ তিথিক লৈ কিছু বিভ্ৰান্তি সৃষ্টি হৈছে। ইয়াত সঠিক বিৱৰণ জানো আহক…

বিজয়া দশমী কেতিয়া?

এই বছৰ দুটাকৈ দিনত দশমী তিথি থাকিব। সেয়েহে দশেৰা ১২ নে ১৩ অক্টোবৰত, তাক লৈ সকলোৰে মাজত কিছু বিভ্ৰান্তি সৃষ্টি হৈছে। দৰিক পাঞ্চাঙৰ মতে, বিজয়া দশমী শনিবাৰে ১২ অক্টোবৰত উদযাপন কৰা হ’ব।

দশমী তিথিৰ শুভ সময়

  • বিজয় মুহুৰত – আবেলি ২:০৩ বজাৰ পৰা ২:৪৯ বজালৈ
  • অপৰাহনা পূজাৰ সময় – আবেলি ১: ১৭ বজাৰ পৰা ৩:৩৫ বজালৈ
  • দশমী তিথি আৰম্ভ – ১২ অক্টোবৰৰ পুৱা ১০:৫৮ বজাত
  • দশমী তিথি সমাপ্ত – ১৩ অক্টোবৰৰ পুৱা ৯:০৮ বজাত
  • শ্ৰৱণ নক্ষত্ৰ আৰম্ভ – ১২ অক্টোবৰৰ পুৱা ৫:২৫ বজাত
  • শ্ৰৱণ নক্ষত্ৰ সমাপ্ত – ১৩ অক্টোবৰৰ পুৱা ৪:২৭ বজাত

বিজয়া দশমীৰ তাৎপৰ্য

দশেৰা বা বিজয়া দশমী ৰাক্ষস ৰাৱণৰ ওপৰত ভগৱান ৰামৰ বিজয় আৰু মহিষাসুৰৰ ওপৰত দেৱী দুৰ্গাৰ বিজয় হিচাপে উদযাপন কৰা হয়। এই উৎসৱৰ পাছত পোহৰ উৎসৱ দীপাৱলী অনুষ্ঠিত হয়।হিন্দু সংস্কৃতিত দশেৰাৰ যথেষ্ট গুৰুত্ব আছে। ই শক্তিশালী বাৰ্তা বহন কৰে- অধৰ্ম যিমানেই শক্তিশালী নহওঁক কিয়, শেষত সদায় ধৰ্মৰ জয় হয়।

পৌৰাণিক কাহিনী অনুসৰি, লংকাৰ ৰজা ৰাৱণে ভগৱান ৰামৰ পত্নী সীতাক অপহৰণ কৰিছিল, যেতিয়া তেওঁলোকে তেওঁলোকৰ ১৪ বছৰৰ নিৰ্বাসন সম্পূৰ্ণ কৰি আছিল। লক্ষ্মণ, হনুমান আৰু বান্দৰ সেনাৰ সহযোগত ভগৱান ৰামে মা সীতাক উদ্ধাৰ কৰে।সেই সময়ত তেওঁলোকে এক ভয়ংকৰ যুদ্ধ সন্মুখীন হৈছিল আৰু অৱশেষত দশম দিনা ৰামে ৰাৱণক পৰাস্ত কৰিছিল। যি অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ জয়ৰ প্ৰতীক আছিল। এই দিনটোত দেশৰ বেছিভাগ ঠাইতে ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ পুত্তলিকা দাহ কৰা হয়।

বিজয়া দশমীত মহিষাসুৰৰ বিৰুদ্ধে মা দুৰ্গাৰ বিজয় হৈছিল। বংগত বিজয়া দশমীত সেন্দূৰ খেলা আৰু ধুনুচি নৃত্য অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও, শোভাযাত্ৰাৰ কৰি দেৱী দুৰ্গাৰ মূৰ্তি (দুৰ্গা বিসৰ্জন) বিসৰ্জন পৰ্ব অনুষ্ঠিত হয়। ইয়াৰ পাছত দেৱীয়ে স্বৰ্গলৈ উভতি যায়।

সূৰ্যদেৱৰ মন্ত্ৰ জপ কৰাৰ সঠিক নিয়ম কি?
দেৱালীৰ দিনটোত নকৰিব এইবোৰ ভুল
২০ বছৰ ধৰি ছলমান-ছোহেলইৰ ঘনিষ্ঠ বন্ধু ল’ৰেন্স, একেলগে চিনেমাতো কৰিছে কাম
কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?