Eid Ul Fitr 2025 Date: ৩১ মাৰ্চ নে ১ এপ্ৰিল… ঈদ-উল-ফিতৰ কেতিয়া? জানক ইয়াৰ আঁৰৰ বিশেষ পৰম্পৰাৰ বিষয়ে…
বৰ্তমান সময়ত ৰমজান মাহ চলি আছে। ইয়াৰ শেষত ঈদৰ জোন দেখা যাব। জোন দেখাৰ পিছদিনা ঈদ পালন কৰা হয়, যাক ঈদ-উল-ফিতৰ বুলি কোৱা হয়।প্ৰতি বছৰে ইছলামিক (হিজৰী) পঞ্জিকাত ১০তম অৰ্থাৎ ছাৱাল মাহৰ মাহৰ প্ৰথম দিনটোত ঈদ পালন কৰা হয়।

ইছলামৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ ঈদ-উল-ফিতৰ। পবিত্ৰ ৰমজান মাহ সম্পূৰ্ণ হোৱাৰ পিছত ঈদ পালন কৰা হয়। বৰ্তমান সময়ত ৰমজান মাহ চলি আছে। ইয়াৰ শেষত ঈদৰ জোন দেখা যাব। জোন দেখাৰ পিছদিনা ঈদ পালন কৰা হয়, যাক ঈদ-উল-ফিতৰ বুলি কোৱা হয়। ইছলামিক কেলেণ্ডাৰৰ নৱম মাহটো হ’ল ৰমজান।প্ৰতি বছৰে ইছলামিক (হিজৰী) পঞ্জিকাত ১০তম অৰ্থাৎ ছাৱাল মাহৰ মাহৰ প্ৰথম দিনটোত ঈদ পালন কৰা হয়। অৱশ্যে জোন দেখাৰ ওপৰত নিৰ্ভৰ কৰে ঈদৰ তাৰিখ।
ইতিমধ্যে সকলোতে ঈদৰ প্ৰস্তুতি পূৰ্ণগতিত আৰম্ভ হৈছে। বজাৰত ঈদক লৈ ব্যাপক উছাহ দেখা গৈছে। ৰমজানত মানুহে ৰোজা ৰাখি আল্লাহৰ ইবাদত কৰে। ৰাতিপুৱা চেহৰী আৰু সন্ধিয়া ইফতাৰলৈকে গোটেই দিনটো ৰোজা ৰখাসকল একো নাখায়।এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালন কৰিলে শুভ হয় বুলি বিশ্বাস কৰে। এইবাৰ ভাৰতত ২ মাৰ্চৰ পৰা ৰমজান মাহ আৰম্ভ হৈছে। এতিয়া ঈদ-উল-ফিতৰ কেতিয়া পালন কৰা হ’ব সেই সন্দৰ্ভত বহু লোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে।এনে পৰিস্থিতিত এইবাৰ কোনটো দিনত ঈদ-উল-ফিতৰ হ’ব পাৰে,জানো আহক…
২০২৫ চনত ঈদ মুবাৰক কেতিয়া? (Eid Ul fitr 2025 Date)
ইছলামিক কেলেণ্ডাৰ অনুসৰি ঈদ উদযাপন কৰা হয় ছাৱাল মাহৰ প্ৰথম দিনা অৰ্থাৎ পৰৱৰ্তী ৰমজান মাহত। ভাৰতত ২ মাৰ্চৰ পৰা আৰম্ভ হৈছে ৰমজান মাহ। ইয়াৰ পাছতে ছাৱালৰ জোন দেখাৰ পিছত ৰমজানৰ অন্ত পৰিব আৰু ঈদ পালন কৰা হ’ব।ৰমজান ২৯ বা ৩০ দিন থাকে। যদি এইবাৰ ২৯টা ৰোজা হয় তেন্তে ভাৰতত ৩১ মাৰ্চত ঈদ পালন কৰা হ’ব।যদিহে যদি ৩০টা ৰোজা পালন কৰা হয় তেন্তে ১ এপ্ৰিলত ভাৰতত ঈদ পালন কৰা হ’ব।অৱশ্যে ভাৰতত ৩১ মাৰ্চত ঈদৰ চন্দ্ৰ দেখা পোৱাৰ সম্ভাৱনা আছে। সেয়ে ১ এপ্ৰিলত ঈদৰ চন্দ্ৰ উদযাপন হোৱাৰ সম্ভাৱনা আছে।
ঈদ-উল-ফিতৰৰ তাৰিখ কেনেকৈ নিৰ্ধাৰণ কৰা হয়?
চন্দ্ৰ দৰ্শনৰ ওপৰত ঈদ-উল-ফিতৰৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। যদি এইবাৰ ৩০ মাৰ্চত ছাৱালৰ চন্দ্ৰ দেখা যায় তেন্তে ৩১ মাৰ্চত ঈদ পালন কৰা হ’ব।যদি ৩১ মাৰ্চত দেখা যায় তেন্তে ১ এপ্ৰিলত ঈদ পালন কৰা হ’ব। অৱশ্যে ঈদ কেতিয়া হ’ব সেয়া নিৰ্ভৰ কৰিব ঈদৰ চন্দ্ৰ কেতিয়া দেখা যাব তাৰ ওপৰত।
ঈদ-উল-ফিতৰত কি কৰে?
ঈদ উল ফিতৰৰ দিনা মুছলমানসকলে পুৱাৰ নামাজৰ পিছত ইজনে সিজনক আলিংগণ কৰি সম্ভাষণ জনায় আৰু নতুন কাপোৰ পৰিধান কৰে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয়। একে সময়তে ঈদৰ নামাজৰ বাবে ঈদগাহলৈ যায় আৰু মিঠাই বিতৰণ কৰে। লগতে দুখীয়া আৰু আৰ্তজনক দান আগবঢ়াই।