শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

EID UL Fitr 2025: ভাৰতত আজি দেখা যাব ঈদৰ চন্দ্ৰ, কাইলৈ ​​উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ

ঈদ-উল-ফিতৰ মুছলমানসকলৰ এক প্ৰধান উৎসৱ। ইয়াৰ জৰিয়তে পবিত্ৰ ৰমজান মাহৰ অন্ত পৰে, যিটো ৰোজা আৰু আত্মসংযমৰ মাহ। ইছলামিক কেলেণ্ডাৰ অনুসৰি শ্বাৱাল মাহৰ প্ৰথম দিনটোত ঈদ পালন কৰা হয়।

EID UL Fitr 2025: ভাৰতত আজি দেখা যাব ঈদৰ চন্দ্ৰ, কাইলৈ ​​উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ
ভাৰতত আজি দেখা যাব ঈদৰ চন্দ্ৰ
barasha-misra
Barasha Misra | Published: 30 Mar 2025 11:59 AM

EID UL Fitr 2025: আজি ভাৰতৰ মুছলমানসকলৰ পবিত্ৰ মাহ ৰমজানৰ অন্তিম দিন। ৩১ মাৰ্চ সোমবাৰে পালন কৰা হ’ব ঈদ-উল-ফিতৰ উৎসৱ। ঈদৰ উৎসৱ পাৰস্পৰিক ভাতৃত্ববোধৰ প্ৰতীক। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি আনন্দৰে ঈদ উদযাপন কৰে। ঈদ মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ উৎসৱ। এই উৎসৱ পবিত্ৰ ৰমজান মাহৰ শেষ দিনটোত পালন কৰা হয়। ঈদ উল-ফিতৰ, যাক মীথি ঈদ বুলিও কোৱা হয়। ইছলামিক কেলেণ্ডাৰৰ দশম মাহ শ্বাৱাল মাহৰ প্ৰথম দিনটোত ইয়াক পালন কৰা হয়।

চৌদি আৰৱত ২৯ মাৰ্চত ঈদৰ চন্দ্ৰ দেখা গৈছিল আৰু আজি ৩০ মাৰ্চত তাত ঈদ উদযাপন কৰা হৈছে।এতিয়া ভাৰতত ৩০ মাৰ্চত চন্দ্ৰ দেখা যাব আৰু ৩১ মাৰ্চত ঈদ উদযাপন কৰা হ’ব। চৌদি আৰবত ভাৰততকৈ এদিন আগতে ৰমজান আৰম্ভ হৈছিল অৰ্থাৎ ১ মাৰ্চৰ পৰা।

বিশেষ ভোজৰ আয়োজন

ইছলামিক কেলেণ্ডাৰ অনুসৰি, শ্বাৱাল মাহৰ প্ৰথম তাৰিখত ঈদ-উল-ফিতৰ পালন কৰা হয়। চন্দ্ৰ দৰ্শনৰ পিছতো ঈদৰ দিনটো নিৰ্ধাৰণ কৰা হয়। পবিত্ৰ ৰমজান মাহত ৰোজা ৰখাৰ পিছত ৰোজাবাসীয়ে ঈদ উদযাপন কৰে। ঈদ উল ফিতৰ উপলক্ষে এক বিশেষ খাদ্যসম্ভাৰৰ আয়োজন কৰা হয়। য’ত বিশেষকৈ মিঠা খাদ্য অন্তৰ্ভুক্ত কৰা হয়। ভাৰত আৰু দক্ষিণ এছিয়াৰ কিছুমান দেশত ইয়াক মীথি ঈদ বুলিও কোৱা হয়।

ইছলামত ধনী-দুখীয়া সকলোৱে আনন্দৰে ঈদ-উল-ফিতৰ উদযাপন কৰে। ঈদ-উল-ফিতৰ উৎসৱত ভাতৃত্ববোধ আৰু শান্তিৰ বাৰ্তা কঢ়িয়াই অনা এক উৎসৱ। ঈদৰ কাৰণে সমগ্ৰ দেশৰ বজাৰত গ্ৰাহকে ভিৰ কৰিছে।

ঈদ-উল-ফিতৰৰ তাৎপৰ্য

ঈদৰ দিনা মানুহে ৰাতিপুৱা সোনকালে সাৰ পাই নতুন কাপোৰ পিন্ধি নামাজ আদায় কৰে আৰু ইজনে সিজনক ঈদ মোবাৰক শুভেচ্ছা জনায়। আজিৰ দিনটোত মানুহে ভাৰ্মিচেলি আৰু অন্যান্য মিঠা খাদ্য তৈয়াৰ কৰি খায়। ঈদ-উল-ফিতৰতো দান-বৰঙণি আৰু দয়াৰ উৎসৱ। আজিৰ দিনটোতে মুছলমানসকলে দুখীয়া আৰু আৰ্তজনক ফিতৰা নামৰ দান-বৰঙণি আগবঢ়ায়। আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁৰ ৰহমতৰ বাবে ধন্যবাদ জনোৱাৰ দিন। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে উদযাপন আৰু পাৰস্পৰিক ভাতৃত্ববোধৰ প্ৰসাৰৰ দিন।