শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Eid 2025: ভাৰতত দেখা গ’ল ঈদৰ চন্দ্ৰঃ আপোনজনক এনেকৈ প্ৰেৰণ কৰক ঈদৰ শুভেচ্ছা…

Eid ul Fitr 2025: ভাৰতত দেখা গ'ল ঈদৰ চন্দ্ৰ। কাইলৈ সমগ্ৰ দেশবাসীয়ে উলহ-মালহেৰে পালন কৰিব ঈদ-উল-ফিতৰ। ইছলাম ধৰ্মৰ লোকসকলৰ মাজত এই দিনটোৰ বিশেষ মহত্ব আছে।

Eid 2025: ভাৰতত দেখা গ’ল ঈদৰ চন্দ্ৰঃ আপোনজনক এনেকৈ প্ৰেৰণ কৰক ঈদৰ শুভেচ্ছা…
ঈদImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 30 Mar 2025 19:29 PM

ঈদ মোবাৰক! ভাৰতত দেখা গ’ল ঈদৰ চন্দ্ৰ। গতিকে কাইলৈ ৩১ মাৰ্চত সমূহ ইছলাম ধৰ্মাৱলম্বীৰ লোকে উলহ-মালহেৰে পালন কৰিব ঈদ-উল-ফিতৰ (Eid-Ul-Fitr)। উল্লেখ্য যে, ২৯ মাৰ্চত চৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখা গৈছিল, তাৰ পাছতে আজি ভাৰতত ঈদৰ চন্দ্ৰ দেখা যায়। এমাহ ৰমজানৰ ৰোজা ৰখাৰ অন্তত কাইলৈ  আনন্দ আৰু উৎসৱৰ দিন। ইছলাম ধৰ্মৰ লোকসকলৰ মাজত ঈদৰ বিশেষ মহত্ব আছে। এই দিনটোত ইজনে সিজনক সাৱতি ঈদৰ শুভেচ্ছা দিয়ে লগতে জ্যেষ্ঠজনে কনিষ্ঠ জনক ঈদি দিয়ে।

ঈদৰ দিনা সমগ্ৰ দেশৰ বিভিন্ন মছজিদ আৰু ঈদগাহত বৃহৎ সংখ্যক লোকে আল্লাহৰ নামত নামাজ আদায় কৰিব।  ইয়াৰোপৰি প্ৰায় প্ৰতিঘৰতে মিঠাই, বিভিন্ন সুস্বাদু খাদ্য প্ৰস্তুত কৰা হয়। সমগ্ৰ বিশ্বতে এই ঈদ-উল-ফিতৰ উৎসৱটো অতি আড়ম্বৰেৰে পালন কৰা হয় আৰু ইয়াক সুখ আৰু ধৰ্মীয় ঐক্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

ইছলামিক কেলেণ্ডাৰ অনুসৰি ঈদৰ উৎসৱ ৰমজানৰ পিছৰ মাহৰ শ্বাৱাল মাহৰ প্ৰথম দিনটোত পালন কৰা হয়। ভাৰতত ২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল ৰমজান। প্ৰতি বছৰে ২৯ বা ৩০ দিন ৰোজা ৰখা হয়।

আপোনজনক জনাওক শুভেচ্ছা

  1. ঈদৰ চন্দ্ৰই সকলোৰে বাবে লৈ আহিছে সুখৰ বাৰ্তা। ঈদৰ শুভেচ্ছা থাকিল।
  2. ঈদ মোবাৰক। আশা কৰো আল্লাহে আপোনাৰ প্ৰতিটো দোৱা পূৰণ কৰক।
  3. ঈদ মোবাৰক। ঈদৰ এই শুভ ক্ষণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি।
  4. ঈদৰ বহুত বহুত শুভেচ্ছা। আশা কৰো তোমাৰ প্ৰতিটো ৰোজা আৰু নামাজ আল্লাহে স্বীকাৰ কৰক।
  5. চন্দ্ৰৰ পোহৰে আপোনাৰ জীৱন ৰঙীণ কৰি তোলক, ঈদে আপোনাৰ জীৱনলৈ সুখ কঢ়িয়াই আনক। আল্লাহৰ ওচৰত এয়াই প্ৰাৰ্থনা, সুখেৰে ভৰি পৰক তোমাৰ জীৱন। ঈদ মোবাৰক।
  6. এই বিশেষ দিনটোত দোৱা কৰিছো যে, তোমাৰ জীৱন সুখেৰে ভৰি পৰক। ঈদৰ শুভেচ্ছা থাকিলষ
  7. এই ঈদে তোমাৰ জীৱনলৈ সুখ, নতুন সম্ভাৱনা কঢ়িয়াই আনক। ঈদ মোবাৰক।
  8. ঈদ মোবাৰক, আশা কৰো আমাৰ মাজৰ ভাতৃত্ববোধৰ এনাজৰী আৰু অধিক মজবুত হৈ পৰক। ঈদৰ শুভেচ্ছা।
  9. ঈদ মোবাৰক। আশা কৰো আল্লাই তোমাৰ প্ৰতিটো ভুল ক্ষমা কৰি জীৱন সুন্দৰ কৰি তোলক।
  10. আল্লাহৰ ওচৰত প্ৰাৰ্থনা, জীৱনত বিচৰা সকলোখিনিয়ে তুমি লাভ কৰা। জীৱনত আগুৱাই যোৱা। সুখৰ হওক জীৱন। ঈদ মোবাৰক।

 

 

 

অন্য খবৰ পঢ়কঃ Eid Wish 2025: ঈদ মোবাৰকঃ আপোনজনক এনেকৈ প্ৰেৰণ কৰক ঈদৰ শুভ বাৰ্তা…