Falgun Month 2025: ফাগুন মাহত কি কি কাম কৰিব আৰু কি নকৰিব? এই নিয়ম পালন নকৰিলে বৃহৎ লোকচানৰ সন্মুখীন হ’ব আপুনি!
Things not to do Falgun Month 2025: হিন্দু ধৰ্মত ফাগুন মাহটোক অতি শুভ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। হিন্দু ধৰ্ম গ্ৰন্থত কোৱা হৈছে যে এই মাহতে পূজা, হোম, যজ্ঞ আৰু দান-বৰঙণি কৰি শুভ ফল পোৱা যায়। হিন্দু ধৰ্মগ্ৰন্থত এই মাহটোত কিছু কাম কৰাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা প্ৰদান কৰিছে। এনে পৰিস্থিতিত এই মাহত কি কৰা উচিত নহয় সবিশেষ জানো আহক।

হিন্দু ধৰ্মত ফাগুন মাহৰ বিশেষ তাৎপৰ্য আছে। হিন্দু ধৰ্মগ্ৰন্থত ফাগুন মাহটো ভগৱান শিৱ আৰু ভগৱান শ্ৰীকৃষ্ণৰ নামত উচৰ্গা কৰা হয়। কাৰণ এই মাহতে পালন কৰা হয় মহাশিৱৰাত্ৰি আৰু হোলী উৎসৱ। ফাগুন মাহক হিন্দু পঞ্জিকাৰ শেষ মাহ বুলি গণ্য কৰা হয়। আৰু অসমীয়া কেলেণ্ডাৰ মতে ফাগুন বছৰটোৰ ১১তম মাহ। ইয়াৰ পিছত চ’ত মাহ আৰম্ভ হয়, যিয়ে হিন্দু নৱবৰ্ষৰ আৰম্ভণিক সূচায়। ফাগুন মাহত পালন কৰা ব্ৰত আৰু উৎসৱবোৰ শক্তিৰে ভৰপূৰ।
হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি ফাগুন মাহত পূজা, উপবাস আৰু ধৰ্মীয় ৰীতি-নীতি পালন কৰা হয়। কিন্তু হিন্দু ধৰ্ম শাস্ত্ৰত এই মাহত কিছুমান কাম কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিশ্বাস কৰা হয় যে এই কামবোৰ কৰিলে জীৱনৰ বৃহৎ ক্ষতি হ’ব পাৰে। এনে পৰিস্থিতিত ফাগুন মাহত হিন্দু ধৰ্মগ্ৰন্থত কোনবোৰ কাম নিষিদ্ধ কৰা হৈছে জানো আহক।
আজিৰ পৰা অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীৰ পৰা ফাগুন মাহৰ প্ৰতিপদ তিথি আৰম্ভ হৈছে। এনে পৰিস্থিতিত আজিৰে পৰা আৰম্ভ হৈছে ফাগুন মাহ। আনহাতে প্ৰতিপদ তিথিৰ অন্ত পৰিব ১৪ মাৰ্চত শুক্ল পক্ষৰ পূৰ্ণিমাৰ তিথিত। অৰ্থাৎ ফাগুন মাহটো ১৪ মাৰ্চলৈকে চলিব।
ফাগুন মাহত এই কাম নকৰিব
- ফাগুন মাহত মাংস-মদিৰা আৰু সুৰা সেৱন পৰিহাৰ কৰিব লাগে। এই মাহত ভুলতেই মাংস-মদিৰা আৰু সুৰা সেৱন কৰা উচিত নহয়।
- এই মাহত নাৰী, নিজতকৈ ডাঙৰ আৰু বয়োজ্যেষ্ঠক অপমান কৰা উচিত নহয়।
- এই মাহত আন লোকৰ প্ৰতি মনত নেতিবাচক চিন্তা নানিব।
ফাগুন মাহত এইবোৰ কাম কৰক
- এই মাহত স্বাভাৱিক পানীৰে গা ধুব লাগে।
- ফাগুন মাহত শিৱ পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। নিয়মিতভাৱে ভগৱান শিৱক পানী আগবঢ়াব লাগে। লগতে মন্ত্ৰ জপ কৰিব লাগে।
- এই মাহত ভগৱান শ্ৰীকৃষ্ণ আৰু মহাদেৱক ফাকুৱা অৰ্পণ কৰিব লাগে। এই কাম কৰিলে জীৱনটো আনন্দময় হৈ পৰে।
- এই মাহতে আহত গছৰ পূজা কৰিব লাগে। ইয়াৰ দ্বাৰা নেতিবাচকতা দূৰ হয় বুলি বিশ্বাস কৰা হয়।
- এই মাহতে গৰুৰ সেৱা কৰিব লাগে। এই কাম কৰাটো অতি পূণ্যদায়ী।
- ফাগুন মাহত অধিক ধৰ্মীয় কাম যেনে পূজা, হোম, যজ্ঞ আদি কৰিব লাগে।
- এই মাহত দান দিয়াৰ বিশেষ মহত্ব আছে। ইয়াৰ দ্বাৰা শুভ ফল পোৱা যায়।
(স্পষ্টীকৰণ: এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 অসমে এই কথাৰ নিশ্চিতি প্ৰদান নকৰে।)