Puja Ghar Vastu Tips : পূজাৰ সময়ত বাস্তুৰ এই নিয়মসমূহ মানি চলক, সুখেৰে উপচি পৰিব আপোনাৰ ঘৰ!
Puja Vastu Tips In Assamese: প্ৰতিটো ঘৰতে দেৱ-দেৱী পূজা কৰা হয়। ভগৱানক পূজা কৰিলে পৰিয়ালটোৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকে আৰু ঘৰত সুখ-সমৃদ্ধি বাঢ়ে।

পূজাৰ সময়ত বাস্তুৰ এই নিয়মসমূহ মানি চলক
Worship Vastu Tips In Assamese: হিন্দু ধৰ্মত পুৱা আৰু গধূলি ঘৰত পূজা কৰা হয়। বাস্তু শাস্ত্ৰত ইয়াৰ লগত জড়িত বহু কথা যেনে- ঘৰৰ পূজাৰ স্থান, পূজাৰ সামগ্ৰী ইত্যাদি সন্দৰ্ভত বহু নিয়মাৱলী আছে। বিশ্বাস কৰা হয় যে, বাস্তু শাস্ত্ৰত উল্লেখ কৰা নিয়ম মানি যদি দেৱ-দেৱীক পূজা কৰা হয়, তেন্তে পূজা সফল হয় আৰু দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰা হয়।
বিশ্বাস
বিশ্বাস অনুসৰি দেৱ-দেৱীৰ আশীৰ্বাদৰ বাবেই ঘৰখনত সুখ আৰু শান্তিৰ প্ৰাধান্য থাকে। ঘৰখনত ধন আৰু সুখ-সমৃদ্ধিৰ অভাৱ নহয়। এজন ব্যক্তিয়ে জীৱনত আকাংক্ষিত সফলতা লাভ কৰে। কিন্তু বাস্তু শাস্ত্ৰত উল্লেখ কৰা পূজাৰ নিয়মবোৰ আওকাণ কৰিলে দেৱ-দেৱীসকল ব্যক্তিজনৰ ওপৰত ক্ৰোধিত হ’ব পাৰে, যাৰ ফলত ঘৰত আৰ্থিক সমস্যাকে ধৰি বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। বাস্তু শাস্ত্ৰত উল্লেখ কৰা পূজাৰ নিয়মবোৰ একেবাৰেই আওকাণ কৰা উচিত নহয়। বাস্তু শাস্ত্ৰত উল্লেখ কৰা পূজাৰ নিয়মৰ বিষয়ে জানো আহক।
বাস্তু শাস্ত্ৰৰ নিয়ম মানি চলক
- বাস্তু শাস্ত্ৰৰ মতে পূজাৰ সময়ত ৰূপ বা তামৰ পাত্ৰত পানী ৰাখিব লাগে।
- পূজাৰ পিছত ৰূপ বা তামৰ পাত্ৰত ৰখা পানীখিনি গোটেই ঘৰতে ছটিয়াই দিব। এনে কৰি ঘৰত টকা আহিব।
- পূজাৰ সময়ত ব্যৱহাৰ কৰা কাপোৰবোৰ ৰঙা, হালধীয়া বা গোলাপী ৰঙৰ হ’ব লাগে। এই ৰঙত দেৱ-দেৱী সন্তুষ্ট হৈ আশীৰ্বাদ দিয়ে।
- পূজাৰ সময়ত পানী থকা পাত্ৰটো বাওঁফালে ৰাখিব।
- পূজা কৰি থাকোঁতে মুখখন পূব দিশত ৰাখিব। ইয়াক ঈশ্বৰৰ দিশ বুলি ধৰা হয়।
- পূজাৰ সময়ত ঘিউৰ চাকি সোঁফালে ৰাখিব লাগে।
- ঘৰৰ পূজাস্থলীৰ ওচৰত শৌচাগাৰ থাকিব নালাগে।
(স্পষ্টীকৰণ: এই বাতৰিত দিয়া তথ্য বাস্তু শাস্ত্ৰৰ নিয়মৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)