কাইলৈ দেওবাৰঃ জ্যোতিষ বিধান মানি কৰক এনে কাম, হ’ব সমৃদ্ধি…
ধৰ্মীয় বিশ্বাস অনুসৰিয়েই দেওবাৰৰ দিনটোত সূৰ্য দেৱতাক পূজা কৰা হয়। এই দিনটোত সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণক অত্যন্ত শুভ কাৰ্য হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ দ্বাৰা পূণ্য অৰ্জন কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। জ্যোতিষ শাস্ত্ৰত দেওবাৰৰ দিনটোত কিছুমান বিশেষ প্ৰতিকাৰৰ পৰামৰ্শ দিয়া হৈছে।
হিন্দু ধৰ্মত ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰতিটো দিন কোনো এগৰাকী দেৱতা বা দেৱীৰ নামত উৎসৰ্গা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰিয়েই দেওবাৰৰ দিনটোত সূৰ্য দেৱতাক পূজা কৰা হয়। এই দিনটোত সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণক অত্যন্ত শুভ কাৰ্য হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ দ্বাৰা পূণ্য অৰ্জন কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। এনে শুভ কাৰ্যই ব্যক্তিৰ জীৱন সুখ আৰু স্বাচ্ছ্যন্দৰে ভৰাই তোলে বুলি ধৰ্মীয় বিশ্বাস আমাৰ সমাজত প্ৰচলিত। জ্যোতিষ শাস্ত্ৰত দেওবাৰৰ দিনটোত কিছুমান বিশেষ প্ৰতিকাৰৰ পৰামৰ্শ দিয়া হৈছে।
এই প্ৰতিকাৰসমূহৰ দ্বাৰা মানুহৰ ভাগ্যোদয় হয় আৰু জীৱন সমৃদ্ধিশালী হৈ পৰাৰ সম্ভাৱনা থাকে বুলি বিশ্বাস কৰা হয়। হিন্দু ধৰ্মত উপবাসৰ সময়ত দান কৰাটো অত্যন্ত শুভ কাৰ্য হিচাপে গণ্য কৰা হয়। এই দিনটোত অন্যান্য খাদ্য সামগ্ৰীৰ লগতে গাখীৰ, চাউল আৰু গুড় দান কৰিলে ভগৱান সূৰ্য সন্তুষ্ট হয় বুলি কোৱা হয়। এনে কাৰ্যৰ দ্বাৰা ব্যক্তিজনৰ সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।
যদি আপুনি আৰ্থিক সংকটত জুৰুলা হৈছে বা এনে পৰিস্থিতিয়ে আপোনাক চিন্তিত কৰি তুলিছে, দেওবাৰে ঘৰৰ মূল প্ৰৱেশদ্বাৰত দেশী ঘিউৰে এগচি চাকি জ্বলাই জীৱনত সুখ আৰু শান্তিৰ কামনা কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পৰিয়ালৰ সদস্যৰ ওপৰত পৰে আৰু আৰ্থিক সংকটৰ পৰা সকাহ পোৱা যায়।
দেওবাৰে ৰঙা চন্দনৰ তিলক লগাইহে ঘৰৰ পৰা ওলাই যাব। এই কাৰ্যৰ দ্বাৰা আপুনি যি কামৰ উদ্দেশ্যেই ঘৰৰ পৰা ওলাই নাযাওক কিয়, সফলতাৰ পূৰ্ণ সম্ভাৱনা থাকে বুলি লোকবিশ্বাস আছে। জীৱনত সুখ, সমৃদ্ধি আৰু খ্যাতি পাবলৈ দেওবাৰে আটাৰে চাৰিমুখীয়াকৈ বন্তি নিৰ্মাণ কৰি আহত গছৰ তলত জ্বলাব। মনত ৰাখিব, এই চাকিত কেৱল সৰিয়হৰ তেলহে ব্যৱহাৰ কৰিব লাগে।
সূৰ্য দেৱতাই ৰঙা ৰং ভাল পায়। এই দিনটোত ৰঙা ৰঙৰ কাপোৰ পিন্ধাটোও শুভ বুলি গণ্য কৰা হয়। লগতে ৰঙা ৰঙৰ কাপোৰ দান কৰিব পাৰে। দেওবাৰৰ দিনটোত পুৱা শুই উঠি গা ধুব, তাৰ পিছত ৰঙা কাপোৰ পিন্ধি সূৰ্য দেৱতাক পূজা কৰিব। এনে কাৰ্যই সুখ, শান্তি-সমৃদ্ধিৰে ভৰপূৰ কৰিব আপোনাৰ জীৱন।
বিশেষ দ্ৰষ্টব্যঃ এই লেখাটিত উল্লেখ কৰা সকলো ৰীতি-নীতি বা কাৰ্যৰ বৰ্ণনা ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে।