ভগৱান কুবেৰৰ আশীৰ্বাদ পাবলৈ এই নিয়ম মানি চলক, কেতিয়াও নহ’ব ধনৰ অভাৱ!

Vastu Upay: ভগৱান কুবেৰক ধনৰ দেৱতা বুলি ধৰা হয়। কুবেৰ দেৱক পূজা কৰিলে মানুহৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয় বুলি বিশ্বাস কৰে লোকসকলে। কুবেৰ দেৱক সন্তুষ্ট কৰিবলৈ কিছুমান নিয়ম মানি চলিব লাগিব।

ভগৱান কুবেৰৰ আশীৰ্বাদ পাবলৈ এই নিয়ম মানি চলক, কেতিয়াও নহব ধনৰ অভাৱ!

ভগৱান কুবেৰৰ আশীৰ্বাদ পাবলৈ এই নিয়ম মানি চলক

Published: 

19 Feb 2025 14:33 PM

Lord Kuber Puja Niyam: প্ৰত্যেকেই বিচাৰে যে ধনৰ দেৱী লক্ষ্মী নিজৰ ঘৰত বাস কৰক আৰু কেতিয়াও ধনৰ অভাৱ নহওক। অৱশ্যে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ বাস্তুৰ কিছুমান নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। বাস্তু শাস্ত্ৰৰ মতে, কিছুমান বিশেষ কাম কৰিলে ঘৰত ধন-সম্পত্তি বৃদ্ধি পায়। ঘৰত আৰ্থিক অগ্ৰগতি লাভৰ বাবে কিছুমান বাস্তু প্ৰতিকাৰ কৰা উচিত।

হিন্দু ধৰ্মত উত্তৰ-পূব দিশৰ বাস্তু শাস্ত্ৰত বিশেষ স্থান আছে। এই দিশক ভগৱান কুবেৰৰ বাসস্থান বুলি গণ্য কৰা হয়। কুবেৰ হৈছে ধন-সম্পত্তিৰ অধিপতি। উত্তৰ-পূব দিশটো পৰিষ্কাৰ কৰি ৰাখিলে ঘৰত থকা ধনৰ লগত জড়িত প্ৰায়বোৰ সমস্যা নাইকিয়া হ’ব। উপাসনাৰ স্থান উত্তৰ-পূব দিশত কৰাটোৱেই উত্তম বুলি বিবেচিত। পূজাস্থলী সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াৰ উপৰিও গধুৰ বস্তুও এই দিশত ৰাখিব নালাগে। গধুৰ বস্তু ৰখাৰ ফলত আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব। কুবেৰযন্ত্ৰ স্থাপন কৰিলে আৰ্থিক লাভ হ’ব। ঘৰৰ উত্তৰ দিশত কুবেৰযন্ত্ৰ স্থাপন কৰিলে আৰ্থিক সমৃদ্ধি আহে।

ভগৱান কুবেৰ হৈছে ধন-সম্পত্তিৰ অধিপতি। তেওঁক সন্তুষ্ট কৰিব পাৰিলে ঘৰৰ আৰ্থিক সমস্যা দূৰ হয়। ঘৰত কুবেৰযন্ত্ৰ ৰখাটো ভাল। কুবেৰ পূজাৰ কিছুমান নিয়ম আছে। কুবেৰযন্ত্ৰৰ বাবে দৈনিক এটা চাকি জ্বলাব লাগে। ইয়াৰ উপৰিও নতুন ঘৰ নিৰ্মাণৰ সময়ত কুবেৰৰ দিশটো মনত ৰাখি নিৰ্মাণ কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰাত সহায় হয়। ঘৰ নিৰ্মাণ কৰাৰ সময়ত নিশ্চিত হ’ব লাগে যাতে উত্তৰ-পূব দিশত কোনো বাধা নাথাকে।

মানি চলিবলগীয়া নিয়ম

  • ঘৰৰ চিৰিবোৰ উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব নালাগে। চিৰি নিৰ্মাণ কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব।
  • চেণ্ডেল আৰু জাবৰ-জোঁথৰ উত্তৰ-পূব দিশত ৰাখিব নালাগে। এনে কৰিলে দেৱী লক্ষ্মীৰ ক্ৰোধ বাঢ়ে।
  • বাথৰুম উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব নালাগে। এনেকৈ বাথৰুম বনালে ঘৰলৈ নেতিবাচক শক্তি আহে।
  • টকা সদায় উত্তৰ দিশত ৰাখিব লাগে। এনে কৰিলে আৰ্থিক লাভ হ’ব।
  • ঘৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। যদি লেতেৰা হয়, তেন্তে দেৱী লক্ষ্মী ঘৰত উপস্থিত নাথাকে।
  • প্ৰতিদিনে পুৱা আৰু গধূলি এগছি চাকি জ্বলাব লাগে।

বাস্তু শাস্ত্ৰৰ এই নিয়মাৱলী পালন কৰিলে ঘৰত ধনাত্মক শক্তি বৃদ্ধি পাব আৰু ধন-সম্পত্তি বাঢ়িব। অৱশ্যে বাস্তুৰ প্ৰতিকাৰ মাথোঁ নিৰ্দেশনাহে। আমি আমাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাক একত্ৰিত কৰি সু-ফলাফল পাবলৈ চেষ্টা কৰা উচিত।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?