Ganesh Chaturthi 2024 :গণেশ চতুৰ্থীৰ দিনা ভুলতো নকৰিব এইসমূহ কাম…

গণেশ চতুৰ্থী ৭ ছেপ্টেম্বৰত পালন কৰা হ’ব।  ১০ দিন গণপতিক ৰখাৰ পাছত গণেশ বিসৰ্জন ১৭ ছেপ্টেম্বৰ মঙলবাৰে অনন্ত চতুৰ্দশীত অনুষ্ঠিত হ'ব।

Ganesh Chaturthi 2024 :গণেশ চতুৰ্থীৰ দিনা ভুলতো নকৰিব এইসমূহ কাম...

গণেশ চতুৰ্থী

Published: 

05 Sep 2024 15:32 PM

অহা ৭ ছেপ্টেম্বৰৰ দিনা সমগ্ৰ দেশে পালন কৰিব গণেশ চতুৰ্থী। এই গণেশ চতুৰ্থীক বিনায়ক চতুৰ্থী বুলিও কোৱা হয়। হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ মহত্ব অধিক।  এইবাৰ গণেশ চতুৰ্থী শুক্ল পক্ষৰ চতুৰ্থী তিথি ৬ ছেপ্টেম্বৰৰ দুপৰীয়া ৩ বাজি ১ মিনিটৰ পৰা আৰম্ভ হৈ ৭ ছেপ্টেম্বৰ সন্ধিয়া ৫ বাজি ৩৭ মিনিটত অন্ত পৰিব। এনে অৱস্থাত গণেশ চতুৰ্থী ৭ ছেপ্টেম্বৰত পালন কৰা হ’ব।  ১০ দিন গণপতিক ৰখাৰ পাছত গণেশ বিসৰ্জন ১৭ ছেপ্টেম্বৰ মঙলবাৰে অনন্ত চতুৰ্দশীত অনুষ্ঠিত হ’ব।

শুভ সময়

শুক্ল পক্ষৰ চতুৰ্থী তিথি ৬ ছেপ্টেম্বৰৰ দুপৰীয়া ৩ বাজি ১ মিনিটৰ পৰা আৰম্ভ হৈ ৭ ছেপ্টেম্বৰ সন্ধিয়া ৫ বাজি ৩৭ মিনিটত অন্ত পৰিব। এনে অৱস্থাত গণেশ চতুৰ্থী ৭ ছেপ্টেম্বৰত পালন কৰা হ’ব।  হিন্দু পঞ্জিকা অনুসৰি চতুৰ্থীৰ দিনা গনপতিৰ পূজা দিনৰ ১১ বাজি ৩ মিনিটৰ পৰা আৰম্ভ কৰিব পাৰে। এই শুভ সময় দুপৰীয়া ১ বাজি ৩৪ মিনিটলৈ থাকিব।  এই সময়চোৱাত গণেশৰ মূৰ্তি স্থাপন কৰিব পাৰে।

গণেশ চতুৰ্থীত বহুতে ব্ৰত ৰাখে। কোৱা হয়, গণেশে সকলোৰে বাধা বিঘিনি দূৰ কৰি জীৱন সুখ- শান্তিৰে উপচাই পেলায়। ধাৰ্মিক মান্যতা অনুসৰি গণেশ চতুৰ্থী পালনৰ বহু নিয়ম আছে। গণেশ চতুৰ্থীত কি কি কাম কৰিব লাগে , কি কৰিব নালাগে জানো আহক।

কি কৰিব লাগে-

  • ঘৰত বা পূজাস্থলীত গণেশৰ ধুনীয়া মূৰ্তি স্থাপন কৰি ভালদৰে সজাই পৰাই তাৰ পিছত সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰক।
  • নিয়ম অনুসৰি উত্তৰ-পূব কোণত গণেশৰ মূৰ্তি স্থাপন কৰক। এই দিশটো উত্তম বুলি গন্য কৰা হয়।
  • ভগৱান গণেশৰ ৰঙা ৰং প্ৰিয়। গতিকে ৰঙা ৰঙৰ কাপোৰ ব্যৱহাৰৰে গণপতিক পূজা কৰিব পাৰে।  পূজাত ৰঙা ৰঙৰ ফুল, ফল-মূল আৰু ৰঙা চন্দন ব্যৱহাৰ কৰিব পাৰে। হালধীয়া ৰঙো গণেশৰ প্ৰিয় বুলি কোৱা হয়।
  • ভগৱান গণেশৰ পূজাত দুবৰি বন, ফুল, ফল, বন্তি, ধূপ- ধূনা, কাঠ, চন্দন,মোদক, লাড়ু আদি আগবঢ়োৱা অত্যন্ত আৱশ্যক।
  • গণপতিৰ পূজাত দহ দিনলৈ গণেশৰ ভগৱানৰ মন্ত্ৰ “অম গণ গণপতায়ে নমঃ” জপ কৰক।

কি কৰিব নালাগে

  • ভুলতেও নিজৰ ঘৰত অৰ্ধনিৰ্মিত বা ভঙা গণেশৰ মূৰ্তি স্থাপন বা পূজা নকৰিব। তেনে কৰা অশুভ বুলি গণ্য কৰা হয়।
  • গণপতিৰ পূজাত তুলসী দল বা কেতকি ফুল ব্যৱহাৰ কৰিব নালাগে।
  • গণেশ পূজাৰ দিনা ব্ৰত ৰখা ভক্তই দেহ- মন শুদ্ধ কৈ ৰাখি নিয়ম অনুসৰি থাকিব লাগে।
  • আমিষ খাদ্য গ্ৰহণ কৰা উচিত নহয়।
  • এই দিনটোত কাৰো লগত কাজিয়া বা তৰ্কা- তৰ্কি কৰিব নালাগে।
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস