5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Ganesh chaturthi 2024: গণেশ চতুৰ্থীৰ দিনা এই শ্লোকৰ সৈতে আপোনজনক প্ৰেৰণ কৰক শুভ বাৰ্তা…

গণেশ চতুৰ্থী ৭ ছেপ্টেম্বৰত পালন কৰা হ’ব। হিন্দু পঞ্জিকা অনুসৰি চতুৰ্থীৰ দিনা গনপতিৰ পূজা দিনৰ ১১ বাজি ৩ মিনিটৰ পৰা আৰম্ভ কৰিব পাৰে। এই শুভ সময় দুপৰীয়া ১ বাজি ৩৪ মিনিটলৈ থাকিব। গণেশ চতুৰ্থীৰ দিনা আপুনি আপোনজনক শ্লোকৰ সৈতে প্ৰেৰণ কৰিব পাৰে শুভ বাৰ্তা।

Ganesh chaturthi 2024: গণেশ চতুৰ্থীৰ দিনা এই শ্লোকৰ সৈতে আপোনজনক প্ৰেৰণ কৰক শুভ বাৰ্তা…
গণেশ চতুৰ্থীৰ শুভেচ্ছা
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 05 Sep 2024 14:47 PM

গণেশ চতুৰ্থীক বিনায়ক চতুৰ্থী বা গণেশ উৎসৱ বুলিও জনা যায়। হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ মহত্ব অধিক। এইবাৰ গণেশ চতুৰ্থী শুক্ল পক্ষৰ চতুৰ্থী তিথি ৬ ছেপ্টেম্বৰৰ দুপৰীয়া ৩ বাজি ১ মিনিটৰ পৰা আৰম্ভ হৈ ৭ ছেপ্টেম্বৰ সন্ধিয়া ৫ বাজি ৩৭ মিনিটত অন্ত পৰিব। এনে অৱস্থাত গণেশ চতুৰ্থী ৭ ছেপ্টেম্বৰত পালন কৰা হ’ব। গণেশ পূজাৰ কাৰণে সাধাৰণতে কোনো শুভ সময়ৰ প্ৰয়োজন নাই। কিন্তু হিন্দু পঞ্জিকা অনুসৰি চতুৰ্থীৰ দিনা গনপতিৰ পূজা দিনৰ ১১ বাজি ৩ মিনিটৰ পৰা আৰম্ভ কৰিব পাৰে। এই শুভ সময় দুপৰীয়া ১ বাজি ৩৪ মিনিটলৈ থাকিব।

গণেশ চতুৰ্থীৰ দিনা আপুনি আপোনাৰ পৰিয়াল, বন্ধু, বা আত্মীয়ক তলত দিয়া ধৰণে প্ৰেৰণ কৰিব পাৰে শুভকামনা-

  • ওমঃ শ্ৰী গণেশায় নমঃ। সকলোকে পবিত্ৰ গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জনালো।
  • পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জনালো। সিদ্ধিদাতা প্ৰভু শ্ৰী গণেশে সকলোকে আশীৰ্বাদ কৰক আৰু সমস্ত বাধা- বিধিনি দূৰ কৰি আটাইৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনক।
  • গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আশা কৰো ভগৱান গণেশৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ- সমৃদ্ধি, পৰম শান্তিৰে উপচি পৰক। সকলো সু-স্বাস্থ্যৰ অধিকাৰী হওক।
  • আজিৰ এই পবিত্ৰ দিনটোত সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা। প্ৰভু গণেশৰ ওচৰত প্ৰাৰ্থনা, আহিবলগীয়া দিন কেইটা সুখ, শান্তিৰে সমৃদ্ধ হওক। প্ৰভু গণেশে সকলো বাধা দূৰ কৰি সুস্বাস্থ্যৰ অধিকাৰী কৰক।
  • ওম গন গণপতায় নমঃ! শ্ৰী সিদ্ধিবিনায়ক নমো নম! অষ্ট বিনায়ক নমো নম! গণপতি বাপ্পা মোৰেয়া!
  • গণেশ চতুৰ্থীৰ বহুত বহুত শুভেচ্ছা। আশা কৰো বিঘ্নহৰ্তা শ্ৰী গণেশে আপোনাৰ জীৱনৰ সকলো দুখ, কষ্ট, বাঘা আঁতৰাই সুখ- শান্তিৰে জীৱন উপচাই তোলক।
  • ভগৱান গণেশ প্ৰজ্ঞা, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক। তেওঁৰ আশীৰ্বাদে আপোনাৰ জীৱন সুখময় কৰি তোলক।
  • আশা কৰো ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদে আপোনাৰ জীৱনত পথ প্ৰদৰ্শন কৰক। আপোনাৰ জীৱনত সুখ, শান্তি উন্নতি হওক। গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা।
  • ভগৱান গণেশে আপোনাক সুখ, সফলতা আৰু সমৃদ্ধিৰ আশীৰ্বাদ কৰক। আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ গণেশ চতুৰ্থীৰ শুভেচ্ছা থাকিল!
  • এই গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশে আপোনাক প্ৰজ্ঞা, ধৈৰ্য্য আৰু শক্তিৰে আশীৰ্বাদ কৰক। গণেশ চতুৰ্থীৰ শুভেচ্ছা।

হোৱাটছ এপ, ফেচবুক ষ্টেটাচ

  • গণপতি বাপ্পা মৌৰেয়া! ভগৱান গণেশৰ আশীৰ্বাদত সকলোৰে জীৱন সুখময় হওক।
  • গনেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জনালো।
  • গণেশ চতুৰ্থীৰ এই শুভ ক্ষণত আপোনাৰ জীৱন শান্তি, সমৃদ্ধি আৰু সুখেৰে পৰিপূৰ্ণ হওক।
  • ভগৱান গণেশৰ ঐশ্বৰিক সান্নিধ্যই আপোনাক সৎ পথত লৈ যাওক। গণেশ চতুৰ্থীৰ শুভেচ্ছা থাকিল!
  • প্ৰভু গণেশলৈ প্ৰাৰ্থনা, আপোনাৰ জীৱন সুখময় হওক। গণপতি বাপ্পা মৌৰেয়া।

শ্লোক

  • শ্ৰী বক্ৰতুণ্ড মহাকায় সূৰ্য্যকোটি সমপ্ৰভা। নিৰ্বিঘ্নম কুৰু মে দেৱ সৰ্ব-কাৰ্যেশু সৰ্বদা।
  • মায়াতীতায় ভক্তনা কামপুৰায়া তে নমঃ। সোমসূৰ্যাগ্নিনেত্ৰায় নমো বিশ্বম্ভৰায় তে।।
  • একদন্তয়া বিম্মাহা বক্ৰতুণ্ডায় বিম্মাহা তন্নো দন্তি প্ৰচোদয়।
  • অমেয়ায় ছ হেৰম্ব পৰশুধাৰকায় তে। মোষক বাহনায়েব বিশ্বেশায় নমো নমঃ।।
  • ৰক্ষ ৰক্ষ গণধক্ষ্য ৰক্ষ ত্ৰৈলোক্যৰক্ষক। ভক্তানাময়ভয় কৰ্তা ত্ৰাতা ভৱ ভৱাণবাত।।

Latest News