Good Friday 2025: গুড ফ্ৰাইডে কেতিয়া? এই দিনটো কিয় পালন কৰে, জানক ইতিহাস আৰু তাৎপৰ্য
Good Friday 2025 Date: গুড ফ্ৰাইডেৰ দিন প্ৰতি বছৰে সলনি হয়। পূব আৰু পশ্চিম খ্ৰীষ্টান ধৰ্মত ইষ্টাৰ আৰু গুড ফ্ৰাইডে উদযাপনৰৰ দিনৰ পাৰ্থক্য আছে। গুড ফ্ৰাইডে পৃথিৱীৰ বিভিন্ন দেশত ৰাষ্ট্ৰীয় ছুটীৰ দিন। যদিও এই উৎসৱ এদিনৰ বাবে পালন কৰা হয়, কিন্তু খ্ৰীষ্টান ধৰ্মত ইয়াৰ প্ৰস্তুতি ৪০ দিন আগতেই আৰম্ভ হয় ।

গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। পৰম্পৰাগত বিশ্বাস অনুসৰি এইদিনা প্ৰভু যীশুক ক্ৰুছবদ্ধ কৰা হৈছিল আৰু সেই অৱস্থাত কালভেৰিত তেওঁৰ মৃত্যু হৈছিল। এই দিনটোক পৱিত্ৰ শুক্ৰবাৰ, মহান শুক্ৰবাৰ আৰু ক’লা শুক্ৰবাৰ হিচাপেও অভিভীত কৰা হয়। এই উৎসৱ এইবাৰ শুকুৰবাৰে অৰ্থাৎ ২০২৫ চনৰ ১৮ এপ্ৰিল তাৰিখে পালন কৰা হ’ব । এই ধৰ্মত গুড ফ্ৰাইডে বৰদিনৰ দৰেই গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় ।
এই পৱিত্ৰ সপ্তাহৰ পাশ্চাল ত্ৰিদোম অৰ্থাৎ যীশুৰ ক্ৰুছবদ্ধ কৰা, কবৰ দিয়া আৰু পুনৰ জীৱিত হোৱা তিনিটা মূল ঘটনাৰ অংশ। গুড ফ্ৰাইডেৰ পৰৱৰ্তী দেওবাৰে ইষ্টাৰ পালন কৰা হয়। ই প্ৰায়ে ইহুদী সকলৰ উৎসৱ ‘পাছঅভাৰ’ৰ লগত একে দিনত উদযাপিত হয়।
খ্ৰীষ্টান ধৰ্মৰ বিভিন্ন শাখা যেনে, অংগলিকান, কেথলিক, পূব অৰ্থডক্স লুথাৰন, অৰিইণ্টেল অৰ্থডক্স, আৰু ৰীফৰ্ম সকলে পাৰম্পৰিক ভাবে গুড ফ্ৰাইডে উদযাপন কৰে। এইদিনা সকলোৱে গীৰ্জা ঘৰলৈ গৈ ব্ৰত উপাসনা আদি পালন কৰে।
গুড ফ্ৰাইডেৰ দিন প্ৰতি বছৰে সলনি হয়। পূব আৰু পশ্চিম খ্ৰীষ্টান ধৰ্মত ইষ্টাৰ আৰু গুড ফ্ৰাইডে উদযাপনৰৰ দিনৰ পাৰ্থক্য আছে। গুড ফ্ৰাইডে পৃথিৱীৰ বিভিন্ন দেশত ৰাষ্ট্ৰীয় ছুটীৰ দিন। কিছুমান দেশত যেনে জাৰ্মানীত গুড ফ্ৰাইডে উদযাপন কৰাত কিছুমান নিষেধাজ্ঞা আছে। উৎসৱৰ গাম্ভীৰ্যতাৰ বাবে এইদিনা নৃত্য কৰা আৰু ঘোঁৰা দৌৰ অনুষ্ঠিত কৰা নিষেধ। ভাৰতত গুড ফ্ৰাইডে ৰাষ্ট্ৰীয় ছুটিৰ দিন।
গুড ফ্ৰাইডে শব্দটো ক’ৰ পৰা আহিছে?
গুড ফ্ৰাইডে নামৰ নামৰ গুড শব্দটো ‘গড'(God)ৰ অপভ্ৰংশ বুলি কোৱা হয়। খ্ৰীষ্টান ধৰ্মৰ মতে গড হৈছে ঈশ্বৰ। বৰ্তমান এই গুড শব্দয়ে ‘পৱিত্ৰ’ অৰ্থত ব্যৱহাৰ হৈছে। সেয়ে গুড ফ্ৰাইডেক পৱিত্ৰ শুক্ৰবাৰ বুলিও কোৱা হয়। সেইদৰে অক্সফোৰ্ড অভিধানৰ মতে গুড শব্দটো পৱিত্ৰ সপ্তাহৰ দিনবোৰৰ আগত ব্যৱহাৰ কৰা হয় বুলি কোৱা হৈছে।
গুড ফ্ৰাইডে কিয় পালন কৰা হয় ?
যীশুক এই দিনটোতে ক্ৰুছবিদ্ধ কৰা হৈছিল । খ্ৰীষ্টান ধৰ্মৰ বাবেও এই দিনটো ক’লা দিৱস হিচাপে পালন কৰা হয় । কোৱা হয় যে, সেই সময়ত ৰোমত যীশুখ্ৰীষ্ট অতি লোকপ্ৰিয় আছিল, তাৰ পিছত তাত থকা ধৰ্মগুৰুসকলে তেওঁৰ জনপ্ৰিয়তাক লৈ অধিক চিন্তিত হৈ পৰিছিল, সেয়েহে তেওঁলোকে যীচুক ৰাজদ্ৰোহী সজাই মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
যদিও এই উৎসৱ এদিনৰ বাবে পালন কৰা হয়, কিন্তু খ্ৰীষ্টান ধৰ্মত ইয়াৰ প্ৰস্তুতি ৪০ দিন আগতেই আৰম্ভ হয় । গুড ফ্ৰাইডেৰ দিনা দুপৰীয়া গীৰ্জাত গোট খাই যীশুখ্ৰীষ্টক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । ইয়াৰ বাহিৰেও মানুহে ক’লা কাপোৰ পিন্ধি যীশুৰ প্ৰতি শোক প্ৰকাশ কৰে ।