Grahan 2025: চলিত বৰ্ষত হ’ব ৪টাকৈ গ্ৰহণ: জানক চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ দিন, সময়…
Grahan 2025: গ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা, অৱশ্যে ধৰ্মীয় দিশটোৰ পৰাও ইয়াৰ বিশেষ মহত্ব আছে। হিন্দু ধৰ্মত গ্ৰহণৰ সময়ত বহু নিয়ম পালন কৰা হয়। ২০২৫ বৰ্ষত ৪টাকৈ গ্ৰহণ হ'ব।
গ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা, যাৰ ধৰ্মীয় দৃষ্টিকোণৰ পৰাও বিশেষ মহত্ব আছে। বহু মানুহে চন্দ্ৰগ্ৰহণ বা সূৰ্য গ্ৰহণ চাবলৈ অপেক্ষা কৰি থাকে। ২০২৫ চনটোত ৪ টাকৈ গ্ৰহণ হ’ব। ইয়াৰে ২ টা সূৰ্য গ্ৰহণ আৰু ২ টা চন্দ্ৰ গ্ৰহণ । অৱশ্য কেৱল মাত্ৰ এটা গ্ৰহণহে ভাৰতৰ পৰা দৃশ্যমান হ’ব। গতিকে চলিত বৰ্ষত কোনটো গ্ৰহণ কেতিয়া হ’ব আৰু কোনটো গ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান হ’ব সেই বিষয়ে তলত উল্লেখ কৰা হ’ল।
২০২৫ চনৰ প্ৰথম চন্দ্ৰগ্ৰহণ
বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ’ব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ’ । ভাৰতীয় সময় অনুসৰি ১৪ মাৰ্চৰ দিনটোত এই চন্দ্ৰগ্ৰহণ হ’ব। অৱশ্যে ভাৰতত এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা নাযাব। চলিত বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আমেৰিকা, পশ্চিম ইউৰোপ, পশ্চিম আফ্ৰিকা আৰু উত্তৰ আৰু দক্ষিণ আটলাণ্টিক মহাসাগৰৰ পৰা দেখা পোৱা যাব। ভাৰতীয় সময় অনুসৰি ১৪ মাৰ্চৰ পুৱা ৯:২৯ বজাৰ পৰা বিয়লি ৩:২৯ বজালৈ চন্দ্ৰগ্ৰহণ চলিব।
২০২৫ চনৰ প্ৰথম সূৰ্যগ্ৰহণ
২০২৫ বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণ হ’ব আংশিক সূৰ্যগ্ৰহণ। তথ্য অনুসৰি ২৯ মাৰ্চত এই সূৰ্যগ্ৰহণ হ’ব যদিও ইয়াক ভাৰতৰ পৰা দেখিবলৈ পোৱা নাযাব। এই সূৰ্যগ্ৰহণ কেৱল উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ আটলাণ্টিক মহাসাগৰ, ইউৰোপ আৰু উত্তৰ-পশ্চিম ৰাছিয়াতহে দেখা যাব। ভাৰতীয় সময় অনুসৰি এই আংশিক সূৰ্যগ্ৰহণ ২৯ মাৰ্চৰ দিনৰ ২:২০ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ৬:১৩ বজাত শেষ হ’ব।
দ্বিতীয়টো চন্দ্ৰগ্ৰহণ
২০২৫ চনৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ ছেপ্টেম্বৰ মাহত হ’ব। এই চন্দ্ৰগ্ৰহণ সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হ’ব আৰু ই ভাৰতৰ পৰা দৃশ্যমান হ’ব। এই চন্দ্ৰগ্ৰহণ এছিয়াৰ দেশসমূহৰ লগতে ইউৰোপ, এন্টাৰ্কটিকা, পশ্চিম প্ৰশান্ত মহাসাগৰ, অষ্ট্ৰেলিয়া আৰু ভাৰত মহাসাগৰৰ পৰাও দেখা পোৱা যাব। ভাৰতীয় সময় অনুসৰি এই চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্বৰৰ নিশা ৮:৫৮ বজাৰ পৰা ৮ ছেপ্টেম্বৰৰ পুৱা ২:২৫ বজালৈ চলিব। এই সময়চোৱাক চন্দ্ৰটো ডাঠ ৰঙা হৈ পৰিব, যাক ব্লাড মুন বুলি কোৱা হয়।
শেষৰটো সূৰ্য গ্ৰহণ
বছৰৰ অন্তিম সূৰ্যগ্ৰহণ হব ২১-২২ ছেপ্টেম্বৰত হ’ব। ই এক আংশিক সূৰ্যগ্ৰহণ হ’ব কিন্তু এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব। ভাৰতীয় সময় অনুসৰি ২১ ছেপ্টেম্বৰৰ নিশা ১০:৫৯ বজাত এই আংশিক সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু পুৱা ৩:২৩ বজাত শেষ হ’ব। সূৰ্যগ্ৰহণৰ সময়ত ভাৰতত নিশা হৈ থাকিব বাবে এয়া দৃশ্যমান নহ’ব। নিউজিলেণ্ড, পূব মেলেনেছিয়া, দক্ষিণ পলিনেছিয়া আৰু পশ্চিম এন্টাৰ্কটিকা আদিৰ পৰা এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব।